শেহতীয়া খবৰ
Home / ৰাজনীতি / হৃদক্ৰিয়াত আক্ৰান্ত হৈ মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতাৰ মৃত্যু

হৃদক্ৰিয়াত আক্ৰান্ত হৈ মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতাৰ মৃত্যু

ডিজিটেল সংবাদঃ ভোট গণনা চিল থকা সময়তে নিজৰ সমষ্টি তথা সৰ্বভাৰতীয় পৰ্যায়ৰ নিজৰ দলৰ পতন দেখি ভোট গণনা কেন্দ্ৰতে হঠাৎ ঢলি পৰি মৃত্যু হয় মধ্যপ্ৰদেশৰ কংগ্ৰেছী নেতা ৰতন  সিঙৰ৷  ততাতৈয়াকৈ কংগ্ৰেছী নেতাজনক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও প্ৰাথমিক পৰীক্ষাৰ পিছতে  চিকিৎসকে  নেতাগৰাকীক মৃত বুলি ঘোষণা কৰে৷ দলৰ পতন দেখা পাই সেয়া সহিব নোৱাৰি মানসিক ছাপৰ ফলত হৃদযন্ত্ৰ  বিকল হৈ পৰাত মৃত্যু হয় বুলি চিকিৎসকে জানিবলৈ দিয়ে৷ নেতাগৰাকীৰ মৃত্যুৰ ফলত মধ্যপ্ৰদেশ কংগ্ৰেছত শোকৰ ছাঁ পৰিছে৷