শেহতীয়া খবৰ
Home / আঞ্চলিক / বৰপেটাৰ দৃশ্যপট পৰিৱৰ্তনঃ আব্দুল খালেকৰ আগ্ৰগতি

বৰপেটাৰ দৃশ্যপট পৰিৱৰ্তনঃ আব্দুল খালেকৰ আগ্ৰগতি

ডিজিটেল সংবাদঃ অসমত তথা সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছ দলৰ বিপৰ্য্যয়ৰ অৱস্থা চলি থকা সময়তে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বৰপেটা লোকসভা সমষ্টিৰ ফলাফলে৷ ভোট গণনাৰ প্ৰথম পৰ্যায়ৰ পৰা পিছপৰি থকা কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকে আচৰিত ধৰণে দৃশ্যপট সলনি কৰিবলৈ সক্ষম হৈছে৷ বিয়লি ৪:২০ মিনিটলৈকে ভাৰতী নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি আব্দুল খালেকে অগপ-বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসতকৈ ৫৭৬৮১ টা ভোটত আগবাঢ়ি আছে৷