শেহতীয়া খবৰ
Home / Uncategorized / নৰেদ্ৰ মোডীক অভিনন্দন শ্বেখ হাছিনাৰ

নৰেদ্ৰ মোডীক অভিনন্দন শ্বেখ হাছিনাৰ

জাকিৰ হোছেইন, ঢাকাঃ ভাৰতৰ সাধাৰণ নিৰ্বাচনত ক্ষমতাসীন দল ভাৰতীয় জনতা পাৰ্টীৰ নিৰঙ্কুশ জয়ৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আভিনন্দন জ্ঞাপন কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শুভেচ্ছা বাৰ্তাৰ জৰিয়তে এই অভিনন্দন জনায় শ্বেখ হাছিনাই৷ লগতে অভিনন্দন পত্ৰটোত শ্বেখ হাছিনাই সুবিধাজনক সময় মিলাই বাংলাদেশ ভ্ৰমণৰ বাবেও আমন্ত্ৰণ জনায় নৰেন্দ্ৰ মোডীক৷ শুভেচ্ছা বাৰ্তাত নৰেন্দ্ৰ মোডীক বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই লিখিছে, ‘‘আপোনাৰ অসাধাৰণ নেতৃত্বত ভাৰতবৰ্ষৰ ১৭ তম লোকসভা নিৰ্বাচনত বিজেপিৰ নেতৃত্বাধীন এনডিএৰ বিজয়ক বাংলাদেশ চৰকাৰ, জনসাধাৰণ আৰু মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ৷ এই জয় আপোনাৰ প্ৰতি বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ জনসাধাৰণৰ বিশ্বাস আৰু আস্থাৰ প্ৰতিফলন৷’’ বাৰ্তাটোত প্ৰধানমন্ত্ৰী হাছিনাই উল্লেখ কৰে যে প্ৰকৃততে সু-সম্পৰ্ক, পাৰস্পৰিক বিশ্বাস আৰু শ্ৰদ্ধাসহকাৰে ভাৰতৰ সৈতে বহুমাতৃক সম্পৰ্কক গুৰুত্ব দিয়ে বাংলাদেশে৷ লগতে এই বুলিও কয় ‘‘মই দৃঢ়ভাবে বিশ্বাস কৰো যে জনসাধাৰণৰ দ্বাৰা আপুনি আৰু মই পুনৰাই নিৰ্বাচিত হোৱাৰ ফলত ইতিমধ্যে প্ৰতিবেশী দেশবিলাকৰ বাবে আদৰ্শ হিচাপে স্বীকৃতি পোৱা ভাৰত-বাংলাদেশৰ সম্পৰ্কক আৰু শক্তিশালী হ’ব লগতে এই সম্পৰ্ক নতুন উচ্চতালৈ প্ৰসাৰিত হ’ব৷ অভিনন্দন বাৰ্তাত প্ৰধানমন্ত্ৰী হাছিনাই ভাৰতৰ জনসাধাৰণৰ বাবে শান্তি-সুখ আৰু সমৃদ্ধি কামনা কৰাৰ লগতে মোডীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে৷’’ ইপিনে বিজেপিৰ এই জয়ক অভিনন্দন জনাইছে বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিৰোধী দলীয় নেতা হুছেইন মহম্মদ এৰশাদে৷