শেহতীয়া খবৰ
Home / আঞ্চলিক / নিশ্চিত বিজয়ৰ দিশত কংগ্ৰেছৰ তিনি প্ৰাৰ্থী

নিশ্চিত বিজয়ৰ দিশত কংগ্ৰেছৰ তিনি প্ৰাৰ্থী

ডিজিটেল সংবাদ, গুৱাহাটীঃ সৰ্ব ভাৰতীয় পৰ্যায়ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিপৰ্যয়ৰ সময়ত অসমৰ তিনিখন আসনত নিশ্চিত বিজয়ৰ দিশে আগবাঢ়িছে তিনি কংগ্ৰেছী প্ৰাৰ্থী৷ নিৰ্বাচন আয়োগৰ শেষতীয়া খবৰ অনুসৰি বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেক তেওঁৰ নিকটতম প্ৰতিদন্দ্বী অগপ-বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসতকৈ ১১০০৭৪ টা ভোট লাভ কৰি নিশ্চিত বিজয়ৰ দিশে আগবাঢ়ি আছে৷ ইফালে কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌবৰ গগৈয়ে ২০৬০৯৬ ভোটৰ ব্যৱধানেৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী মণি মাধব মহন্তক পৰাস্ত কৰা দিশে আগবাঢ়িছে৷ ৰাতিপুৱা ভাগৰ পৰা বিজেপি দলৰ প্ৰাৰ্থীৰ পৰা বহু ভোটৰ ব্যৱধানত পিছ পৰি থকা নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে প্ৰায় ৪ বজাৰ পিছৰ পৰা অগ্ৰগতি লাভ কৰি বিজয়ৰ দিশত আগবাঢ়ি আছে৷