শেহতীয়া খবৰ
Home / আঞ্চলিক / পুনৰ হীৰাৰ দখলত কোকৰাঝাৰ লোকসভা সমষ্টি

পুনৰ হীৰাৰ দখলত কোকৰাঝাৰ লোকসভা সমষ্টি

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ আজি ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ ফলাফলত কোকৰাঝাৰ লোকসভা সমষ্টি পুনৰ দখল কৰিবলৈ সক্ষম হৈছে বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই৷ সমগ্ৰ দেশত মোডী চুনামী আৰু কোকৰাঝাৰ সমষ্টিক লৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰত্যাহবানক প্ৰত্যাষান কৰি কোকৰাঝাৰ সমষ্টি নিজৰ দখলত আনিবলৈ সক্ষম হয় নৱ কুমাৰ শৰণীয়াই৷ কোকৰাঝাৰ সমষ্টিৰ জনতাই পুনৰ এবাৰ নৱ শৰণীয়াক জয়যুক্ত কৰাৰ পিছতে কোকৰাঝাৰ সমষ্টিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে সন্মিলিত ঐক্য মঞ্চই৷ দ্বিতীয় বাৰৰ বাবে অবড়ো প্ৰাৰ্থী জয়ী হোৱা কথাই প্ৰমাণিত কৰিছে যে, বিটিএডিত অস্ত্ৰৰ জনজননি ম্লান হ’ব লাগে আৰু পৃথক ৰাজ্য হ’ব নালাগে৷ নৱ শৰণীয়া জয়ী হোৱাৰ পিছতে সন্মিলিত ঐক্য মঞ্চৰ আহ্ববায়ক ব্ৰজেন মহন্তই সংবাদ মাধ্যমক জনায় যে, সাংসদ হীৰা শৰণীয়াই বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ অক্ষুন্ন ৰখা, পৃথক ৰাজ্যৰ বিৰোধীতা আৰু কোকৰাঝাৰ সমষ্টিৰ জনজাতি দাবীৰ সমস্যাক লৈ সংসদত সৰৱ ভূমিকা গ্ৰহণ কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আখৰে-আখৰে পালন কৰাৰ ক্ষেত্ৰত আগভাগ ল’ব৷ কোকৰাঝাৰ সমষ্টি তথা বিটিএডিত  সৃষ্টি হোৱা ভূমিৰ অধিকাৰৰ সমস্যাক লৈ কেন্দ্ৰীয় চৰকাৰে সন্মিলিত ঐক্য মঞ্চৰ সৈতে আলোচনাত বহিব লাগে বুলিওঁ তেওঁ দাবী উত্থাপন কৰে৷