শেহতীয়া খবৰ
Home / আঞ্চলিক / কলিয়াবৰত পুণৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ দুই লক্ষাধিক ভোটাৰ ব্যৱধানত বিজয় সাব্যস্ত

কলিয়াবৰত পুণৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ দুই লক্ষাধিক ভোটাৰ ব্যৱধানত বিজয় সাব্যস্ত

ডিজিটেল সংবাদ, নগাঁওঃ ১১ নং কলিয়াবৰ সংসদীয় সমষ্টিত এ আই ইউ ডি এফ দলে প্ৰাৰ্থিত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত গৌৰৱ গগৈৰ বাবে মহৌষধ হৈ পৰিল। কংগ্ৰেছে এআইইউডিএফৰ সৈতে হোৱা গোপন মিত্ৰতাৰ  সুবাদতে কলিয়াবৰ লোকসভা সমষ্টিত পুনৰ উৰিল কংগ্ৰেছৰ বিজয়দ্বজা। আজি ঘোষিত নিৰ্বাচনী ফলাফল অনুসৰি, কলিয়াবৰ লোকসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী মণি মাধৱ মহন্তক ২,০৬৪৫৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি দ্বিতীয় বাৰলৈ লোকসভালৈ নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছে। কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৭,৭৬,৭৭১ টা ভোট লাভ কৰাৰ বিপৰীতে বিজিত প্ৰাৰ্থী অগপ-বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই ৫, ৭০, ৩১৩ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। গৌৰৱ গগৈৰ এই বিজয়ৰ লগে লগে সংসদীয় সমষ্টিটোত কংগ্ৰেছৰ দুৰ্গ অক্ষত থাকিল। সমান্তৰাল ভাবে সমষ্টিখনৰ এই ফলাফলে তৰুণ গগৈৰ পৰিয়ালৰাজৰ ধ্বজা খনো অক্ষত থাকিল। এইবাৰৰ নিৰ্বাচনত অগপ-বিজেপি দলৰ নিৰ্বাচনী মিত্ৰতাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ প্ৰতিটো ভাবুকিৰ সৃষ্টি কৰিব বুলি ৰাজনৈতিক বিশ্লেষক সকলে মত প্ৰকাশ কৰিছিল যদিও এই মিত্ৰতাৰ কোনো প্ৰভাৱেই নপৰিল নগাঁও জিলাৰ সংখ্যালঘু অধ্যূষিত ধিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি সমষ্টিত।আনহাতে, বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে এই বাৰ কংগ্ৰেছৰ লগত মিতিৰালি কৰি অভাৱনীয় ভাৱে সহায় কৰিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক। জয়ী হোৱাৰ পিছত গৌৰৱ গগৈৰ প্ৰথমটো প্ৰতিক্ৰিয়াত প্ৰকাশ কৰি কয়, ” সকলো কংগ্ৰেছ কৰ্মীলৈ ধন্যবাদ ৷ আপোনালোকে কৰা কষ্ট আৰু আশীৰ্বাদৰ বাবেই এই ফলাফল সম্ভৱ হৈছে ৷ এই জয় আপোনালোকৰ।