শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / দিল্লীত পুনৰ চকীদাৰৰ চৰকাৰ, জনাদেশত বিধবস্ত ৰাহুল গান্ধী

দিল্লীত পুনৰ চকীদাৰৰ চৰকাৰ, জনাদেশত বিধবস্ত ৰাহুল গান্ধী

এন ডি এৰ ৩৫০খন আসনত অগ্ৰগতি
৮৬খনতে থমকিল ইউপিএ, আমেথিত পৰাস্ত ৰাহুল

ষ্টাপ ৰিপ’ৰ্টাৰ, গুৱাহাটী : প্ৰতিষ্ঠানবিৰোধী ঢৌ যে সাময়িক আছিল সেয়া প্ৰমাণন কৰি পুনৰ এবাৰ দিল্লীত ক্ষমতা দখল কৰিবলৈ সক্ষম হয় বিজেপি। আজি দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে বিজেপি শিবিৰত হৰ্ষোল্লাস বিয়পি পৰাৰ বিপৰীতে নিমাওমাও পৰিৱেশৰ সৃষ্টি হয় ৰাজীৱ ভৱনত। লক্ষণীয় যে বাতৰি লিখা পৰলৈকে বিজেপিয়ে অকলেই ২৪৭খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে ৫৫খনত জয়ী হৈ ৩০২খন আসনত আধিপত্য বিস্তাৰ কৰে। লোকসভা নিৰ্বাচনত যে এন ডি এৰ সহযোগী দলৰ বিপৰীতে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম সেয়া পুনৰ এবাৰ প্ৰমাণ কৰিলে নৰেন্দ্ৰ মোদীয়ে।

২০১৪ চনৰ নিৰ্বাচনৰ দৰে পুনৰ এবাৰ মোদীৰ লহৰে বিধবস্ত কৰে বিৰোধী শিবিৰক। বিগত নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰাবলৈ সক্ষম নহ’লেও দেশৰ অখণ্ডতা তথা চিৰশত্ৰু পাকিস্তানৰ বিৰুদ্ধে সৰৱ স্থিতি গ্ৰহণ কৰাৰ শ্ল’গানেৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কৌশল ৰচনা কৰি সেই কৌশলত অনায়াসে উত্তীৰ্ণ হয় নৰেন্দ্ৰ মোদী। ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়ত হোৱা বিধান সভা নিৰ্বাচনত বিজেপি পৰাস্ত হোৱাৰ পিছত কেন্দ্ৰত নতুন চৰকাৰ অহাৰ সম্ভাৱনীয়তা জাগি উঠিছিল যদিও মূৰকত সকলো মষিমূৰ কৰি বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয় বিজেপি।

ৰাজস্থানত বিধানসভা নিৰ্বাচনত মুখথেকেচা খালেও লোকসভা নিৰ্বাচনত ২৫খনৰ ভিতৰত ২৫খন আসনেই হস্তগত কৰে বিজেপিয়ে। আনহাতে উত্তৰ প্ৰদেশত ৮০খনৰ ভিতৰত ৫০খনতকৈও অধিক আসনত বিজেপিয়ে আধিপত্য বিস্তাৰ কৰে। উল্লেখ্য যে ২০১৪ চনৰ নিৰ্বাচনত বিজেপিয়ে উত্তৰ প্ৰদেশত ৮০খনৰ ভিতৰত ৭২খন আসন লাভ কৰিছিল। কিন্তু প্ৰতিষ্ঠানবিৰোধী ঢৌৰ বাবে এইবেলি উত্তৰ প্ৰদেশত বিজেপিৰ আসন আধাতকৈও বেছি হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছিল যদিও সেয়া ভুল বুলি প্ৰমাণ কৰে বিজেপিয়ে। লক্ষণীয় যে মোদীৰ ছুনামীত বিধবস্ত হোৱা কংগ্ৰেছে এতিয়ালৈকে সামগ্ৰিকভাৱে ৭২খন আসনত অগ্ৰগতি লাভ কৰাৰ তথ্য আহি পৰিছে।

আনহাতে ১৪খন আসনত ইতিমধ্যে কংগ্ৰেছে বিজয় লাভ কৰিছে। তেনেস্থলত বাতৰি লিখা পৰলৈকে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পক্ষত ৮৬খন আসন আহি পৰাটো একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে উত্তৰ প্ৰদেশৰ আমেঠীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৰাহুল গান্ধীয়ে নিকটতম প্ৰাৰ্থী স্মৃতি ইৰানীৰ হাতত ৪৭,৫৫৮ ভোটৰ ব্যৱধানত পৰাস্ত হয়। কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে আমেঠীত পৰাস্ত হয় যদিও দ্বিতীয়খন আসন কেৰালাৰ ৱায়নাড়ৰ সমষ্টিৰ পৰা নিকটতম প্ৰাৰ্থী চি পি আইৰ পি পি ছুনীৰক ৪,৩১,৭৭০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। লক্ষণীয় যে মহাজোঁট বন্ধনেৰে দিল্লীত চৰকাৰ গঠন কৰাৰ সপোন দেখা তৃণমূল কংগ্ৰেছৰ মুৰববী মমতা বেনাৰ্জীয়ে পশ্চিমবংগতে আশানুৰূপ সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল। বিজেপিৰ উত্থানৰ ফলতেই নিষ্প্ৰভ হৈ পৰে মমতা।

পশ্চিমবংগত তৃণমূল কংগ্ৰেছে ২খন আসনত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে ২০খন আসনত অগ্ৰগতি লাভ কৰে। আনহাতে বাতৰি লিখা পৰলৈকে বিজেপিয়ে পশ্চিমবংগত ১৮খনত অগ্ৰগতি লাভ কৰি আছে। লক্ষণীয়ভাৱে দেশত সাধাৰণ নিৰ্বাচনত বাঁওপন্থী দলৰ অস্তিত্ব একেবাৰে নিৰ্বাপিত হোৱাৰ পথলৈ গতি কৰিছে। একালৰ দুৰ্গ পশ্চিমবংগত বাঁওপন্থী দলে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। ইয়াৰ বিপৰীতে তামিলনাডুত দুখন আৰু কেৰালাত এখন আসনত চিপিআইএমৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। ইপিনে সমাজবাদী পাৰ্টীয়ে ৫খন আসন, বহুজন সমাজ পাৰ্টীয়ে ১১খন আসন আৰু ডি এম কে ২৩খন আসন লাভ কৰিবলৈ সক্ষম হয়। সেই হিচাবত অন্যান্য দলসমূহে বাতৰি লিখা পৰলৈকে ১০৫খন আসনত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ইপিনে দেশত সাধাৰণ নিৰ্বাচনত এন ডি এয়ে চমকপ্ৰদ সফলতা লাভ কৰাৰ পিছতে আজি দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিশাল আয়োজনেৰে বিজয় উৎসৱ আৰম্ভ হয়। সন্ধিয়াৰ সময়ত বিজেপিৰ সভাপতি অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ বিজয় উৎসৱ পালন কৰে।