শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / জনতাই মালিক : ৰাহুল গান্ধী

জনতাই মালিক : ৰাহুল গান্ধী

নতুন দিল্লী, ২৩ মে’ : আজি লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত হোৱাৰ পিছতে সংবাদমেলত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে নিৰ্বাচনত জনতাৰ ৰায় সৰ্বোচ্চ বুলি মন্তব্য কৰি পৰাজয় স্বীকাৰ কৰে। মোদীৰ মতাদৰ্শ আৰু কংগ্ৰেছৰ মতাদৰ্শ পৃথক আৰু দেশৰ জনতাই মোদীৰ মতাদৰ্শক আঁকোৱালি লৈ চৰকাৰ গঠনৰ কৰ্তৃত্ব প্ৰদান কৰিছে, যাক কংগ্ৰেছে স্বীকাৰ কৰিছে বুলি সংবাদ মেলত মন্তব্য কৰে ৰাহুল গান্ধীয়ে।

জনতাই তেওঁলোকৰ সিদ্ধান্ত প্ৰদান কৰিছে বুলি মন্তব্য কৰি নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ এই বিজয়ত তেওঁলোকক সম্ভাষণ জনায়। আনহাতে বিজেপিৰ বিজয় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছৰ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে কয় যে কংগ্ৰেছে জনতাৰ জনাদেশ গ্ৰহণ কৰিছে আৰু এই বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপিৰ কৰ্মকৰ্তাক শুভেচ্ছা জনাইছে।