শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ফলাফল ঘোষণাৰ পিছতেই দিল্লীৰ বিজেপিৰ কাৰ্যালয়ত উছাহৰ ঢল, এই বিজয় গণতন্ত্ৰৰ বিজয় : মোদী

ফলাফল ঘোষণাৰ পিছতেই দিল্লীৰ বিজেপিৰ কাৰ্যালয়ত উছাহৰ ঢল, এই বিজয় গণতন্ত্ৰৰ বিজয় : মোদী

এই জয় বৰ্ণবাদ-জাতিবাদৰ বিৰুদ্ধে জয় : অমিত শ্বাহ


নতুন দিল্লী, ২৩ মে’ : আজি বিজেপি তথা এন ডি এ ৩৫০খনতকৈও অধিক আসনত বিজয় সাব্যস্ত কৰাটো নিশ্চিত হৈ পৰাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তৰ বিজেপি কাৰ্যালয়ত উছাহৰ ধল বোৱাৰ লগতে দিল্লীত থকা অটল বিহাৰী বাজপেয়ী ভৱনত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে। লক্ষণীয় যে বিজেপিয়ে আজি ঘোষিত নিৰ্বাচনৰ ফলাফলত অকলে সংখ্যাগৰিষ্ঠতা নিশ্চিত কৰাৰ পিছতে বিজেপিৰ নেতা-কৰ্মীসকলৰ মাজত আনন্দৰ লহৰ বিয়পি পৰাৰ লগতে দিল্লীত থকা মুখ্য কাৰ্যালয়ত জনস্ৰোত বোৱা পৰিলক্ষিত হয়।

সন্ধিয়াৰ সময়ত বিজেপিৰ সভাপতি অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পিছত কিনকিনীয়া বৰষুণৰ মাজতো পুষ্পবৃষ্টি আৰম্ভ হয়। পিছত হাজাৰ হাজাৰ সমৰ্থকক সম্বোধি প্ৰথমতে অমিত শ্বাহে ভাষণ প্ৰদান কৰি বিজেপিক জয়যুক্ত কৰাৰ বাবে দেশবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিজেপিৰ কৰ্মকৰ্তাসকলক শুভেচ্ছা জ্ঞাপন কৰে। এই বিজয় জাতিবাদ-বৰ্ণবাদৰ বিৰুদ্ধে বিজয় বুলি মন্তব্য প্ৰদান কৰে। ৰাইজৰ মত জাতিবাদ আৰু বৰ্ণবাদৰ বিৰুদ্ধে বুলি উল্লেখ কৰি পশ্চিমবংগত তৃণমূল কংগ্ৰেছে হিংসাত্মক কাৰ্যকলাপেৰে বিজেপিক প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিল যদিও ৰাইজে সেয়া মানি নল’লে বুলি তাৎপৰ্য মন্তব্য কৰে।

আনহাতে অমিত শ্বাহৰ ভাষণৰ পিছতে বিজেপিৰ কৰ্মকৰ্তাসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। এই বিজয় গণতন্ত্ৰৰ বিজয় বুলি মন্তব্য প্ৰদান কৰি নিৰ্বাচনৰ সময়ত বিভিন্ন দল-সংগঠনে ধৰ্মনিৰপেক্ষতাৰ নামত মুখা পিন্ধি দেশৰ জনতাক বিপথে পৰিচালনা কৰিবলৈ চেষ্টা কৰিছিল যদিও জনতাই সেয়া অগ্ৰাহ্য কৰে আৰু বিজেপিক জয়যুক্ত কৰে। ভাৰতত জাতি বুলিবলৈ মাত্ৰ দুটাই জাতি আছে, সেয়া হ’ল- দৰিদ্ৰ আৰু যিসকল দৰিদ্ৰ হ’বলৈ গৈ আছে। জনতাৰ এই ৰায়ে হিন্দুস্থানক জয়যুক্ত কৰিলে বুলি মন্তব্য কৰাৰ লগতে এই জয় গণতন্ত্ৰৰ জয় বুলি তাৎপৰ্য মন্তব্য কৰে নৰেন্দ্ৰ মোদীয়ে।