শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / গুজৰাটৰ চুৰাটৰ কোচিং চেণ্টাৰত ভয়াৱহ অগ্নিকাণ্ডত ২০ শিক্ষাৰ্থীৰ মৃত্যু

গুজৰাটৰ চুৰাটৰ কোচিং চেণ্টাৰত ভয়াৱহ অগ্নিকাণ্ডত ২০ শিক্ষাৰ্থীৰ মৃত্যু

চুৰাট, ২৪ মে’ : গুজৰাটৰ চুৰাটত আজি সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। চুৰাটৰ এটা বিশাল ব্যৱসায়িক প্ৰতিষ্ঠানৰ চতুৰ্থ মহলাত থকা কোচিং চেণ্টাৰটোত সংঘটিত এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত বিশজনকৈ শিক্ষাৰ্থী নিহত হোৱা বুলি জানিব পৰা গৈছে। একেদৰে সমগ্ৰ কোচিং চেণ্টাৰটো অগ্নিৰ লেলিহান শিখাই আগুৰি ধৰাৰ ফলত প্ৰাণ ৰক্ষা কৰিবলৈ চতুৰ্থ মহলাৰ পৰা কে’বাজনো শিক্ষাৰ্থীয়ে তললৈ জাঁপ দিয়াত গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

চুৰাটৰ আৰক্ষী আয়ুক্তই জানিবলৈ দিয়া অনুসৰি কোচিং চেণ্টাৰত সংঘটিত অগ্নিকাণ্ড নিৰ্বাপণ কৰাৰ মুহূৰ্তলৈকে বিশজন শিক্ষাৰ্থী নিহত হৈছে। মৃতকৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ চল্লিশজনতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় মহলাৰ পৰা জঁপিয়াইছিল। ফলত কে’বাজনো ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে আজি সন্ধিয়াৰ ভাগত চুৰাটৰ তক্ষশীলা অৰ্কিড এপাৰ্টমেণ্টত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। উক্ত এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাত আছিল এটা বৃহৎ কোচিং চেণ্টাৰ। তলৰ মহলাত আছিল ব্যৱসায়িক প্ৰতিষ্ঠান। কোচিং চেণ্টাৰটোত উচ্চ শিক্ষাৰ বাবে বহু শিক্ষাৰ্থী উপস্থিত আছিল। আজি সংঘটিত এই অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি হয়। ইপিনে উক্ত অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে উক্ত ঘটনাত দুখ প্ৰকাশ কৰিছে আৰু সকলো ধৰণৰ সাহায্য প্ৰদান কৰাৰ নিৰ্দেশ দিছে। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীয়ে ঘটনাটোত দুখ প্ৰকাশ কৰি আহত আৰু নিহতৰ পৰিয়ালক চাৰি লাখ টকাৰ সাহায্য ঘোষণা কৰিছে। আনহাতে উক্ত ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে তিনি দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ মুখ্যমন্ত্ৰী ৰূপাণীয়ে নিৰ্দেশ দিছে।