শেহতীয়া খবৰ
Home / আঞ্চলিক / বৰপেটাত ক্ষোভৰ জুই ¸ এনআৰচি ৰ আপত্তি নিষ্পত্তিৰ শুনানীত বিষয়াৰ পক্ষপাতিত্ব মূলক আচৰণ হতাশাজনক : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

বৰপেটাত ক্ষোভৰ জুই ¸ এনআৰচি ৰ আপত্তি নিষ্পত্তিৰ শুনানীত বিষয়াৰ পক্ষপাতিত্ব মূলক আচৰণ হতাশাজনক : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি


গণ বাৰ্তা, কয়াকুছি
 এন আৰ চিৰ উন্নীতকৰণৰ ক্ষেত্ৰত হেঙাৰ হিচাপে দিয়া এনআৰচিৰ বিষয়াসকল আপত্তিকাৰীসকলৰ পক্ষ লোৱা অতিকৈ দুখ আৰু পৰিতাপৰ বিষয়। এনে ঘটনা প্ৰায়বিলাক কেন্দ্ৰতে ঘটি থকাৰ বাতৰিয়ে সচেতন মহলক চিন্তিত কৰি তোলে। সম্প্ৰতি ৰাজ্যত এনআৰচিৰ আপত্তি আৰু নিষ্পত্তিক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়ত বৰপেটা জিলাৰ বৰপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত পৌৰসভাৰ প্ৰেক্ষাগৃহত চলি থকা নিষ্পত্তিৰ শুনানিত নিষ্পত্তিকাৰী বিষয়াৰ পক্ষপাতিত্বমূলক আচৰণৰ কথা পোহৰলৈ আহিছে।

শুনানিৰ বাবে আহি এই হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে স্বয়ং ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ প্ৰাক্তন সম্পাদক, বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য তথা বৰপেটা জিলাৰ তত্ত্বাৱধায়ক বাবুল হুছেইন। উল্লেখযোগ্য, এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাই জাৰি কৰা জাননী মতে আপত্তি নিষ্পত্তিৰ সময়ত যদি আপত্তিকাৰী উপস্থিত নাথাকে তেতিয়াহ’লে শুনানি একপক্ষীয় কৰি ভুক্তভোগীৰ পক্ষে ৰায়দানৰ বাবে দিয়া নিৰ্দেশ অমান্য কৰিছে একাংশ বিষয়াই।

আজি বৰপেটা পৌৰসভাৰ প্ৰেক্ষাগৃহত চলি থকা শুনানিৰ ৩০৩০২০২২০৭৮৩০০৩ নং নিষ্পত্তিকাৰী বিষয়াই প্ৰতীক হাজেলাৰ নিৰ্দেশনা মানিবলৈ অস্বীকাৰ কৰাৰ লগতে ছাত্ৰ মুক্তিৰ নেতাজনৰ পৰিয়ালৰ লোকক নানা ধৰণৰ মানসিক নিৰ্যাতন চলাই ব্যতিব্যস্ত কৰি তোলাৰ লগতে পৰিয়ালৰ মুৰব্বীয়ে দিবলগীয়া নিজৰ স্বীকাৰোক্তি-পত্ৰতো হস্তক্ষেপ কৰে। স্বীকাৰোক্তি-পত্ৰত আপত্তিকাৰীৰ আপত্তি ভুৱা আৰু আপত্তিকাৰী অনুপস্থিত বুলি লিখি দিয়াত বিষয়াগৰাকীয়ে স্বীকাৰোক্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। লগে লগে ছাত্ৰনেতাগৰাকীয়ে প্ৰতিবাদ কৰাত বিষয়াগৰাকীয়ে খঙত অগ্নিশৰ্মা হৈ ছাত্ৰনেতাজনক নানা ধৰণৰ ভয়-ভাবুকি দিয়াৰ লগতে পিছত স্বীকাৰোক্তি-পত্ৰ হেৰাই যাব বুলি ভাবুকি প্ৰদৰ্শন কৰে।

গতিকে প্ৰশ্ন হয়- য’ত সচেতন ছাত্ৰনেতাগৰাকীয়ে এইধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয় তাত সাধাৰণ লোকৰ নিৰাপত্তা ক’ত · এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ মুক্তিৰ নেতা বাবুল হুছেইন আৰু কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে কয়- ‘এনআৰচি হৈছে অসমৰ জাতীয় স্বপ্ন, আমি সকলোৱে আশা কৰিছিলোঁ যে শুদ্ধ এনআৰচি প্ৰস্তুতৰ জৰিয়তে কেইবা দশক ধৰি অসমত চলি থকা বিদেশী সমস্যাৰ এক বিজ্ঞানসন্মত সমাধান ওলাব। কিন্তু এনআৰচিত এক প্ৰতিক্ৰিয়াশীল শক্তিৰ হাজাৰ হাজাৰ ভুৱা আপত্তি আৰু নিষ্পত্তিকাৰী বিষয়ৰ এইধৰণৰ পক্ষপাতিত্বমূলক আচৰণে অসমৰ জাতীয় স্বপ্ন পূৰণত হেঙাৰ হিচাপে থিয় হ’ব’।

গতিকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিদেশী সমস্যাটো সমাধানৰ বাবে শুদ্ধ এনআৰচিৰ বাবে প্ৰতীক হাজেলাই দিয়া নিৰ্দেশ অনুসৰি আপত্তিবোৰ মীমাংসা কৰাৰ বাবে দাবী জনায় আৰু নিৰ্দেশ অমান্য কৰা এনেকুৱা ধৰণৰ বিষয়াৰ বিৰুদ্ধে আইন মতে ব্যৱস্থা গ্ৰহণ কৰি এনআৰচিৰ দায়িত্বৰ পৰা তৎকালে কাৰ্যকৰী হোৱাকৈ অব্যাহতি দিয়াৰ দাবী জনায়। ইতিমধ্যে এই ঘটনাৰ বিষয়ে ছাত্ৰনেতাজনে এনআৰচিৰ দায়িত্বত থকা অতিৰিক্ত উপয়ুক্তগৰাকীক মৌখিকভাৱে অৱগত কৰে বুলিও জানিবলৈ দিছে। এনে ঘটনাক সচেতন মহলে ধিক্কাৰ জনাইছে। সময়তহে জনা যাব চৰকাৰে এইসকল ব্যক্তিবিশেষ বিষয়াৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰে।