শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৩০ মে’ত নতুন চৰকাৰৰ শপত : প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত দিল্লীত কেবিনেট বৈঠক

৩০ মে’ত নতুন চৰকাৰৰ শপত : প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত দিল্লীত কেবিনেট বৈঠক

মন্ত্ৰীসভাত স্থান পাব কেবাজনো নতুন মুখ


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পক্ষত বৃহৎ জনাদেশ। বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে এককভাৱে ৩০৩খন আসন দখল কৰি এক ইতিহাস ৰচনা কৰাৰ লগতে মহাজোঁটবন্ধনৰ সকলো সপোন থান-বান কৰি পেলালে। একপ্ৰকাৰ মোদীৰ মহাছুনামীত ধূলিসাৎ হৈ গ’ল কংগ্ৰেছকে আদি কৰি আটাইকেইটা বিৰোধী দল। দিল্লীৰ মচনদ দখল কৰাৰ পিছতেই এইবাৰ চৰকাৰ গঠনক লৈ কুচকাৱাজ চলাইছে এনডিএয়ে।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় অন্তিমখন কেবিনেট বৈঠক। উক্ত কেবিনেট বৈঠকত ষষ্ঠ লোকসভাৰ মন্ত্ৰীসভা ভংগৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। নতুন চৰকাৰ গঠনৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে কেবিনেট প্ৰস্তাৱ। আনহাতে অহা ৩০ মে’ত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বিয়লিৰ ভাগত চাৰি অথবা পাঁচ বজাৰ ভিতৰত মোদীৰ নতুন কেবিনেটে শপত গ্ৰহণ কৰিব। দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহিব নৰেন্দ্ৰ মোদী। নতুন চৰকাৰ গঠনক লৈ দিল্লীত চলিছে কুচকাৱাজ।

ইপিনে নতুন চৰকাৰৰ শপত গ্ৰহণৰ পূৰ্বেই সমষ্টিবাসীক অভিনন্দন জ্ঞাপন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ মে’ত বাৰাণসীত উপস্থিত হ’ব। বাৰাণসীৰ পৰা বৃহৎ ব্যৱধানত সাংসদ হিচাপে বিজয় সাব্যস্ত কৰা প্ৰধানমন্ত্ৰী মোদীয়ে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰিব।

একেদৰে ২৯ এপ্ৰিলত মোদীয়ে গুজৰাটলৈ ৰাওনা হ’ব আৰু মাতৃৰ আশীৰ্বাদ গ্ৰহণ কৰিব। এনডিএৰ এই ঐতিহাসিক বিজয়ৰ পিছতেই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ বিজেপিৰ পিতামহস্বৰূপ এল কে আদৱানীৰ বাসগৃহত উপস্থিত হয়। মোদীয়ে আদৱানীৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰে। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশ¸ীৰ বাসগৃহত উপস্থিত হৈ মোদীয়ে আশীৰ্বাদ গ্ৰহণ কৰে। এই ঐতিহাসিক বিজয়ৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতাদ্বয়ে মোদীক আশীৰ্বাদ দিয়ে।

ইপিনে মোদীৰ মন্ত্ৰীসভাত কোন কোন অন্তৰ্ভুক্ত হ’ব সেই লৈ এতিয়া জল্পনা-কল্পনা চলিছে। বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে যদিও মিত্ৰতাৰ ধৰ্ম বজাই ৰাখি কে’বাজনো অংশীদাৰ দলৰ সাংসদেই মন্ত্ৰীসভাত স্থান লাভ কৰাটো নিশ্চিত। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এইবেলি মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব কে’বাখনো নতুন মুখে। কাৰ কাৰ ভাগ্য উদয় হয় সেয়া সময়তহে লক্ষণীয় হ’ব। ইপিনে আমেঠী লোকসভা সমষ্টিত গান্ধী পৰিয়ালৰ ৰাজত্বৰ অৱসান ঘটাই ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা স্মৃতি ইৰানীয়ে গুৰুত্বপূৰ্ণ দপ্তৰ পোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ আছে।

একেদৰে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনকে আদি কৰি কে’বাজনো পূৰ্বৰ মন্ত্ৰীৰ দপ্তৰ সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইপিনে মোদীৰ মন্ত্ৰীসভাত অসমৰ কোন সাংসদে স্থান লাভ কৰে সেই লৈ এতিয়া চৰ্চা লাভ কৰিছে। এইবেলি অসমৰ চৈধ্যটা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে নখন আসন দখল কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। বিজেপিয়ে লাভ কৰা নখন আসনৰ ভিতৰত সাতখন আসনতেই নতুন মুখৰ। অৰ্থাৎ লখিমপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰদান বৰুৱা আৰু ৰামেশ্বৰ তেলীয়ে নিজৰ বিজয় অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে।

আন সমষ্টিসমূহত নতুন মুখে বিজয় সাব্যস্ত কৰিছে। এইবেলি পূৰ্বৰ তিনিগৰাকী বিজেপিৰ সাংসদ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল। সেই অনুসৰি ৰামেশ্বৰ তেলীয়ে মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অসমৰ চৈধ্যটা লোকসভা সমষ্টিৰ ভিতৰত নখন আসনতেই নতুন মুখে স্থান লাভ কৰিছে। মন কৰিবলগীয়া যে বিজেপিৰ এই ঐতিহাসিক বিজয়ৰ পিছতেই দেশজুৰি আনন্দৰ বন্যা বৈছে। মোদীৰ ছুনামীত দেশৰ অধিকাংশ ৰাজ্যই সম্পূৰ্ণৰূপে গেৰুৱা হৈছে। সোতৰখন ৰাজ্যত কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই। অৰ্থাৎ ১৭খন ৰাজ্যত কংগ্ৰেছ শূন্যতেই সীমাবদ্ধ আছে।

মোদী চৰকাৰক প্ৰতিহত কৰাৰ স্বাৰ্থত কংগ্ৰেছকে আদি কৰি অধিকাংশ বিৰোধী দলে মহাজোঁটবন্ধনৰ জৰিয়তে ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল যদিও শেষমুহূৰ্তত যেন মোদীৰ ছুনামীয়ে সকলো ধুৱাই নিলে। মোদীৰ এই কূটনৈতিক ৰাজনীতিত মহাজোঁটবন্ধনৰ সকলো সপোন ধূলিসাৎ হয়। আনকি প্ৰায় ৪০ বছৰ ধৰি আমেঠী সমষ্টিটোত শাসন কৰি থকা গান্ধী পৰিয়ালৰ দুৰ্গ এইবাৰ বিজেপিয়ে ওফৰাই পেলাবলৈ সক্ষম হৈছে। কংগ্ৰেছৰ দুৰ্গ উৎখাত কৰি তথা কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰাহুল গান্ধীক ধৰাশায়ী কৰি আমেঠীত দীৰ্ঘ বছৰৰ অন্তত বিজেপিয়ে বিজয়ধবজা উৰাবলৈ সক্ষম হৈছে। কেৱল এয়াই নহয়, কংগ্ৰেছৰ এঘাৰগৰাকীকৈ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত পৰাস্ত হ’বলগীয়া হৈছে। বিজেপিৰ এই ঐতিহাসিক জয়ৰ পিছত নতুন চৰকাৰ গঠন কৰিবলৈ দিল্লীত তৎপৰতা বৃদ্ধি পাইছে। অহা ৩০ মে’ত মোদীয়ে পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।