শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / হাইলাকান্দিত অসম মিজোৰাম সীমান্তত মছজিদত ভয়াৱহ বিস্ফোৰণ

হাইলাকান্দিত অসম মিজোৰাম সীমান্তত মছজিদত ভয়াৱহ বিস্ফোৰণ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ মে’ : দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ ধামখুমীয়াৰ মাজতেই আজি হাইলাকান্দিত অসম-মিজোৰাম সীমান্তৰ কছুৰথলৰ মছজিদত সংঘটিত হয় ভয়াৱহ বিস্ফোৰণৰ ঘটনা। আজি পুৱতি নিশা কোনোবা দুষ্কৃতিকাৰীয়ে মছজিদক লক্ষ্য কৰি গ্ৰেনেড বিস্ফোৰণ ঘটায়। উক্ত বিস্ফোৰণত মছজিদটোৰ বিস্তৰ ক্ষতিসাধন হয়। পুৱতি নিশা বিস্ফোৰণ সংঘটিত হোৱাৰ বাবে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। উক্ত সময়ত মছজিদত কোনো লোক নাছিল। যাৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰাণ ৰক্ষা পৰে।

এই বিস্ফোৰণৰ ঘটনাত মিজো দুৰ্বৃত্ত আছে বুলি সন্দেহ ব্যক্ত কৰা হৈছে। উক্ত অঞ্চলটোত মিজো দুৰ্বৃত্তই এনেদৰে বিস্ফোৰণ সংঘটিত কৰি আতংকৰ সৃষ্টি কৰা বিষয়টোক লৈ এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। সমস্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে যদিও এতিয়ালৈ কোনোধৰণৰ শুং-সূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। যি কি নহওক নিৰ্বাচনত এনডিএৰ বৃহৎ জয়ৰ পিছতেই দেশত আনন্দৰ বন্যা বৈ থকাৰ সময়তেই এনেদৰে হাইলাকান্দিৰ সীমান্তৱৰ্তী মছজিদত বিস্ফোৰণ সংঘটিত কৰা বিষয়টোক লৈ চাঞ্চল্য বিৰাজ কৰিছে।