শেহতীয়া খবৰ
Home / ৰাজনীতি / বৰপেটা লোকসভাৰ নৱ-নিৰ্বাচিত সাংসদ আব্দুল খালেকক লৈ বিজয় উৎসৱ

বৰপেটা লোকসভাৰ নৱ-নিৰ্বাচিত সাংসদ আব্দুল খালেকক লৈ বিজয় উৎসৱ

গণ বাৰ্তা, বৰপেটা, ২৪ মে’ : বৰপেটা লোকসভাৰ নৱনিৰ্বাচিত সাংসদ আব্দুল খালেকক আজি অভিনন্দন জনায় নিৰ্বাচনী নডেল বিষয়া তথা জিলা উপায়ুক্ত মুনিন্দ্ৰ শৰ্মাই । উপায়ুক্তৰ কাৰ্যালয় কক্ষত নৱনিৰ্বাচিত সাংসদগৰাকীক অভিনন্দন জনোৱাৰ লগতে দুয়োৰে মাজত বাৰ্তালাপো হয় । ইপিনে আজি বিয়লিৰ ভাগত ৰাজীৱ ভৱনত বিপুল আদৰণি জনায় নৱনিৰ্বাচিত সাংসদগৰাকীক । বৰপেটা চহৰৰ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলে ফটকা ফুটুওৱাৰ লগতে কংগ্ৰেছ কৰ্মীসকলে তাল বজাই সমদল কৰি ৰাজীৱ ভৱনলৈ আদৰি আনেআব্দুল খালেকক।

ৰাজীৱ ভৱনতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছৰ নেতাসকলে আব্দুল খালেকক ফুলাম গামোচা, শৰাই আদিৰে আদৰণি জনায় । মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দলৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীসকলেও নৱ নিৰ্বাচিত সাংসদগৰাকীক আদৰণি জনায়। কৰ্মীসকলক উদ্দেশ্যি আব্দুল খালেকে কয়- ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি দলৰ কথা ভাবিব লাগিব। সৰ্বভাৰতীয় স্তৰত কংগ্ৰেছৰ বিপৰ্যয়ৰ বাবে কৰ্মীসকলক হতাশ নহ’বলৈও তেওঁ আহ্বান জনায়।

বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে প্ৰতিষ্ঠা কৰাত প্ৰথম অগ্ৰাধিকাৰ দিব বুলিও কংগ্ৰেছ কৰ্মীসকলক তেওঁ প্ৰতিশ্ৰুতি দিয়ে । ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত আব্দুল খালেকে কয় যে উন্নয়ন, সংগ্ৰাম আৰু সমন্বয়ৰ বাবে বৰপেটা সমষ্টিবাসীয়ে কংগ্ৰেছ দলৰ সপক্ষে ৰায়দান দিছে । সাংসদ হিচাপে প্ৰথম কাম কি কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত খালেকে কয় যে বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে প্ৰতিষ্ঠিত কৰোৱাটো তেওঁৰ প্ৰথম কাম। ইয়াৰ বাবে তেওঁ সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই যাব বুলি মন্তব্য কৰে ।

বৰপেটা চহৰক ৰে’লৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে সদনত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলিও তেওঁ কয় । বৰপেটা লোকসভা সমষ্টিটো বান-গৰাখহনীয়াৰ লগতে কৃষকৰ সমস্যা, নিবনুৱা সমস্যা, ডি-ভোটাৰৰ সমস্যা অন্যতম বুলি উল্লেখ কৰি এই সমস্যাবোৰ সমাধান কৰাৰ বাবে সদনত সৰ্বতোপ্ৰকাৰে চেষ্টা চলাব বুলিও কংগ্ৰেছ দলৰ নৱনিৰ্বাচিত সাংসদগৰাকীয়ে কয়।