শেহতীয়া খবৰ
Home / আঞ্চলিক / বৰফলঙত মদ আৰু জুৱা খেলৰ বাবে পত্নীয়ে স্বামীক দাৰে ঘপিয়াই হত্যা

বৰফলঙত মদ আৰু জুৱা খেলৰ বাবে পত্নীয়ে স্বামীক দাৰে ঘপিয়াই হত্যা

ডিজিটেল সংবাদ,বাদুলিপাৰঃ এনে এক জঘন্য হত্যাকাণ্ড সংঘঠিত হৈছে গোলাঘাট জিলাৰ খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত বাদুলিপাৰৰ সমিপৱৰ্তী মেলামৰাৰ দাতিকাষৰীয়া বৰফলং বাগিছাৰ ওপৰডেঙাত। নিজ পত্নীয়ে স্বামীক দাৰে ঘপিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।প্ৰাপ্ত তথ্য অনুসৰি বৰফলং বাগিচাৰ ওপৰ দেঙাৰ নিৰ্বাসী কুনু চবৰে (৫৮) নিতৌ মদ্যপ্ৰান কৰি পত্নী বৈশাক্ষী চবৰক(৪৫) গধূলি গধুলি শাৰিৰীক,মানসিক ভাৱে না-না অত্যাচাৰ কৰি আহিছে। সমান্তৰালভাৱে সদায় জুৱা খেলে। জুৱা খেলিবৰ বাবে যি অৰ্থৰ প্ৰয়োজন হয় সেইয়াও পত্নীৰ পৰা আদায় লয়। যিদিনা জুৱাৰী স্বামীয়ে বিছৰা ধন পত্নীয়ে দিবলৈ অস্বীকাৰ কৰে সেই দিনাই ঘৰখনত অশান্তিৰ সৃষ্টি হয়। আন দিনাৰ দৰে আজি ৰাতি প্ৰায় বাৰ মান বজাত কুনু চবৰে অধিক মধ্যপান কৰাৰ লগতে জুৱা খেলত হাৰি ঘৰলৈ আহে আৰু পুনৰ জুৱা খেললৈ যাবলৈ ধন দাবী কৰে নিজৰ পত্নী বৈশাক্ষী চবৰক। কুনু চবৰে দাবী কৰা ধন পত্নীয়ে দিবলৈ অমান্তি হোৱাত কুনু চবৰে(স্বামী) এখন দা লৈ পত্নীক আক্ৰমন কৰিবলৈ  খেদি আহে আৰু হঠাৎ কুনু চবৰ পিছলি পৰে। তেনেতে তেওঁৰ পত্নীয়ে দা-খন কাঢ়ি লয় আৰু সেই দাৰে পত্নী বৈশাখীয়ে স্বামীক ঘপিয়াই হত্যা কৰে বুলি হত্যাকাৰি বৈশাক্ষী চবৰে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, এনেদৰে অবৈধ ভাৱে মদ বিক্ৰি কৰা ব্যৱস্থাটো জিলাখনত নিশেধাজ্ঞা জাৰী কৰাৰ পাছতো এনে কিছু লোকে অবৈধ ভাৱে মদ বিক্ৰি কৰি আহিছে যাৰ ফলস্বৰুপে বিভিন্ন ঠাইত এনে ঘটনা সংঘঠিত হ’বলৈ ধৰিছে। ইতিমধ্যে কমাৰগাঁও থানাৰ আৰক্ষী আৰু খুমটাই আৰক্ষী চকী যৌথভাৱে পুৱা ঘটনা স্থলিত উপস্থিত হৈ অভিযোক্ত বৈশাক্ষীক গ্ৰেপ্তাৰ কৰে আৰু মৃত চুনূ চবৰক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা জানিব পৰা মতে ইতিমধ্যে বৈশাক্ষী চবৰে স্বীকাৰ কৰিছে যে তেওঁ নিজে স্বামীক পিছফালৰ পৰা দাৰে ঘপিয়াই হত্যা কৰা কথা।