শেহতীয়া খবৰ
Home / আঞ্চলিক / গহপুৰ শংকৰদেৱ শিশু নিকেতনত আৰ্হি প্ৰস্তুত প্ৰতিযোগিতা অনুষ্ঠিত

গহপুৰ শংকৰদেৱ শিশু নিকেতনত আৰ্হি প্ৰস্তুত প্ৰতিযোগিতা অনুষ্ঠিত

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ নগৰৰ ৰূপনগৰস্থিত  অসমীয়া মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান, শিশু শিক্ষা সমিত, অসমৰ অৰ্ন্তভুক্ত গহপুৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আজি অনুষ্ঠিত হয় শিক্ষাৰ সৈতে সংপৃক্ত  বিভিন্ন বিষয়ৰ ওপৰত আধাৰিত আৰ্হি প্ৰস্তুত প্ৰতিযোগিতা। শিক্ষাৰ্থীসকলক শিক্ষাৰ সমানে সমানে শিক্ষাৰ্থীৰ অন্যান্য প্ৰয়োজনীয় বিভিন্ন দিশ সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে নিকেতনৰ আচাৰ্য-আচাৰ্যা তথা নিকেতন পৰিয়ালে। কেৱল পুুথিগত শিক্ষাৰ পৰিষৰৰ ভিতৰতে সীমাবদ্ধ নাৰাখি সকলো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন উপযুক্ত ভাৱে গঢ়ি তুলিব পৰাকৈ সকলো ছাত্ৰ ছাত্ৰীক প্ৰস্তুত কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে নিকেতনৰ আচাৰ্য-আচাৰ্যাসকলে। গহপুৰ শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য নূপুৰ হাকৰিকাৰ নেতৃত্বত সকলো আচাৰ্য-আচাৰ্যাৰ সহযোগত আজি আৰ্হি প্ৰস্তুত প্ৰতিযোগিতাই সফল ৰূপ পায়। অধিক উৎসাহেৰে নিজস্ব মন মগজুৱে উদ্ভাৱিত বিভিন্ন পৰিৱেশৰ বিভিন্ন আৰ্হি সমূহ আজি নিকেতনত প্ৰতিযোগিতাৰ বাবে সকলোৰে আগত উপস্থাপন কৰে।এই ক্ষেত্ৰত গহপুৰ নিকেতনৰ প্ৰধান আচাৰ্য জ্যােতিষ বৰাই সকলো সময়তে ছাত্ৰ ছাত্ৰী সকলক সমাজৰ  ইতিবাচক দিশ সমূহৰ সৈতে সংপৃক্ত হ’ব পৰাকৈ গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছে। আৰ্হি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে সপ্তম শ্ৰেণীৰ বালিকা শাখাই, দ্বিতীয় স্থান লাভ কৰে নৱম শ্ৰেণীৰ বালক শাখাই। প্ৰতিযোগিতাৰ শেষত প্ৰতিযোগিতাত স্থান প্ৰাপক ছাত্ৰ-ছাত্ৰীসকলক কলম আৰু প্ৰশংসা পত্ৰৰে পুৰস্কৃত কৰা হয়।