শেহতীয়া খবৰ
Home / আঞ্চলিক / ক’লা, বাণিজ্য আৰু বিজ্ঞান শাখাত স্থান দখল কৰি  যোৰহাটৰ নাম উজ্জ্বলালে ছয় কীৰ্তিমানে

ক’লা, বাণিজ্য আৰু বিজ্ঞান শাখাত স্থান দখল কৰি  যোৰহাটৰ নাম উজ্জ্বলালে ছয় কীৰ্তিমানে

ক্ৰিচেণ্ট আৰু প্ৰজ্ঞা একাডেমী ৰ সফল্যত উৎফুল্লিত যোৰহাট 

নেকিব আহমেদ, যোৰহাটঃ আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত যোৰহাটৰ নাম উজ্জ্বলালে ছয় গৰাকী কীৰ্তিমানে। আজিৰ ফলাফলত যোৰহাটৰ ক্ৰিচেণ্ট একাডেমীৰ চাৰিগৰাকী আৰু প্ৰজ্ঞা একাডেমীৰ এজন ছাত্ৰ আৰু এগৰাকী  কীৰ্তিমান ছাত্ৰীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান দখল কৰি সাংস্কৃতিক ৰাজধানী যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে। যোৰহাটৰ বেচৰকাৰী শিক্ষানুষ্ঠান  ক্ৰিচেণ্ট একাডেমীৰ  তিনি গৰাকী ছাত্ৰীয়ে  কলা শাখাত স্থান লাভ কৰাৰ বিপৰীতে এগৰাকীয়ে  বাণিজ্য বিভাগত স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে যোৰহাটৰ অন্যতম বে-চৰকাৰী শিক্ষানুষ্ঠান প্ৰজ্ঞা একাডেমিৰ পৰা এজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰীয়ে  বিজ্ঞান বিভাগত প্ৰথম দহজনৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয়। যোৰহাটৰ ক্ৰেচেণ্ট একাডেমী পৰা  বাণিজ্য শাখাত দ্বিতীয় স্থান দখল কৰি যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে নিবেদিতা গগৈয়ে। গোলাঘাট নাওজানৰ নিবাসী ৰেলৱে বিভাগৰ কৰ্মচাৰী বেদান্ত ফুকন আৰু ৰূপালী শইকীয়াৰ কন্যা নিবেদিতাই  সৰ্বমুঠ ৪৬৮ নম্বৰ লাভ কৰি বাণিজ্য বিভাগত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখল কৰে। ভৱিষ্যতে এগৰাকী চাৰ্টাদ একাউণ্টেণ্ড হোৱাৰ সপোন পুহি ৰখা নিবেদিতাই  দৈনিক ১০ ঘণ্টাকৈ অধ্যয়ন কৰিছিল বুলি উল্লেখ কৰে।
তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব বুলি জনোৱা নিবেদিতাই গান গাই আৰু কিতাপ পঢ়ি ভাল পাই বুলি কয়। অৱশ্যে নিবেদিতাই একাউণ্টেন্সিৰ বাবে ব্যক্তিগত শিক্ষকৰ সহায় লৈছিল বুলিও কয়। তেওঁৰ এই সফলতাৰ আৰত পিতৃ-মাতৃ আৰু শিক্ষকসকল থকা  বুলি জনাই। নিবেদিতাই  ইংৰাজীত ৯৫, ঐশ্বিক ইংৰাজীত ৯৩, অকাউণ্টেঞ্চিত ৯৩, বিজনেছ ষ্টেডিজত ৯৩, অৰ্থনীতিত ৯৪, কমাৰ্চিয়েল মেথেমেটিক্সত ৭৭ আৰু পৰিসংখ্যাত ৭৭ নম্বৰ লাভ কৰে। আনহাতে একেখন একাডেমীৰে কণ্যাশ্ৰী ভাগৱতীয়ে  কলা শাখাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰি যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনে। যোৰহাট নগৰৰ  বঙাল পুখুৰীৰ নিবাসী ব্যৱসায়ী সঞ্জয় ভাগৱতী আৰু নৱনিতা ভাগৱতীৰ কন্যা কণ্যাশ্ৰীয়ে সৰ্বমুঠ ৪৭৪ নম্বৰ লাভ কৰে। মেট্ৰিকত ৮৮% নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা কণ্যাশ্ৰী য়ে ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে বুলি কয়। গান গাই ভাল পোৱা কণ্যাশ্ৰীয়ে কোনো ব্যক্তিগত টিউচন লোৱা নাছিল। তেওঁ নিতৌ সময় পালেই অধ্যয়ন কৰা বুলি জানিবলৈ দিয়ে। কণ্যাশ্ৰীয়ে  ইংৰাজী ত ৯৬, ঐশ্বিক ইংৰাজীত ৯৮, ৰাজনীতি বিজ্ঞানত ৯১, কম্পিউটাৰ বিজ্ঞানত  ৯৭, অৰ্থনীতিত ৯২, আৰু এডোকেশ্যনত  ৮৫ নম্বৰ লাভ কৰে।
আনহাতে যোৰহাট ক্ৰেচেণ্ট একাডেমীৰে শতাব্দী শইকীয়াই কলা শাখাত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয়। সতাব্দীয়ে লাভ কৰে সৰ্বমুঠ ৪৬৯ নম্বৰ। ছাত্ৰীগৰাকীয়ে ইংৰাজীত ৯৬, ঐশ্বিক ইংৰাজীত ৯৭, ৰাজনীতি বিজ্ঞানত ৯১, শিক্ষাতত্বত ৯৪, অৰ্থনীতিত ৯১ আৰু বুৰঞ্জীত ৯০ নম্বৰ লাভ কৰে। তিতাবৰ মাজগাওঁ নিবাসী দেবেন চন্দ্ৰ শইকীয়া আৰু নিৰলা শইকীয়াৰ কন্যা শতাব্দীয়ে ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে। দৈনিক ১২-১৩ ঘণ্টাকৈ অধ্যয়ন কৰা শতাব্দীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত ইংৰাজী বিষয়ক স্নাতক ডিগ্ৰীত অধ্যয়ন কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
আনহাতে যোৰহাট ক্ৰেচেণ্ট একাডেমীৰ পৰা কলা শাখাত ৰাজ্যৰ ভিতৰতে সপ্তম স্থান দখল কৰি যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে ছামিম চুলতানাই। যোৰহাট বাঘচুংৰ নিবাসী ব্যৱসায়ী চুলতান আমিন আৰু নেজীবোৰ নিচাৰ কন্যা ছামিমে সৰ্বমুঠ ৪৬৮ নম্বৰ লাভ কৰে। ভৱিষ্যত দিনত কটন কলেজত ৰাজনীতি বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ সপোন পুহি ৰাখিছে ছাত্ৰী গৰাকীয়ে। চাইকেল চলাই ভাল পোৱা ছাত্ৰী গৰাকীয়ে ভৱিষ্যতে প্ৰশাসনিক বিষয়া হৈ দেশৰ সেৱা কৰাৰ ইচ্ছা প্ৰকাশ কৰে। কবিতা লিখি ভাল পোৱা ছাত্ৰী গৰাকীয়ে এইবাৰ ইংৰাজী ত ৮৭, ঐশ্বিক ইংৰাজী ত ৯৬, ৰাজনীতি বিজ্ঞান ত ৯১, দৰ্শন শাস্ত্ৰত ৯৮, অৰ্থনীতিত ৯৬, আৰু শিক্ষাতত্বত ৮৮ নম্বৰ লাভ কৰে।
আনহাতে বিজ্ঞানত স্থান লাভেৰে যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰজ্ঞা একাডেমীৰ দুই কীৰ্তিমানে আজি এই  ফলাফলত বিজ্ঞান শাখাত প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰি যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ দুই কীৰ্তিমানে। প্ৰজ্ঞা একাডেনিৰ ৰিদ্ধিমান শৰ্মাই সপ্তম আৰু সুকণ্যা ফুকনে অষ্টম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিলে জিলাখনলৈ। যোৰহাট ক্লাৱ ৰোডৰ নিবাসী সুৰজিত শৰ্মা আৰু দিপাঞ্জলি বৰুৱাৰ পুত্ৰ ৰিদ্ধিমান শৰ্মাই সৰ্বমুঠ লাভ কৰে ৪৭১ নম্বৰ। তেওঁ ইংৰাজীত  ৮৮, ঐশ্বিক ইংৰাজীত ৯৭, পদাৰ্থ বিজ্ঞানত ৯৭, ৰসায়ন বিজ্ঞানত ৯৪, অংকত ৯৫, আৰু জীৱ বিজ্ঞানত লাভ কৰে ৯১ নম্বৰ। অনাগত দিনত পদাৰ্থ বিজ্ঞানক মুখ্য বিষয় হিচাপে লৈ অধ্যয়ন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে ছাত্ৰ জনে। তেওঁ এই সাফল্যৰ বাবে পিতৃ-মাতৃ আৰু কলেজৰ শিক্ষক- শিক্ষয়িত্ৰী সকলক ধন্যবাদ জ্ঞাপন কৰে। নিতৌ সময় পালেই অধ্যয়ন কৰা বুলি উল্লেখ কৰে ছাত্ৰজনে। আজৰি সময়ত গীটাৰ বজাই ভাল পাই ৰিদ্ধিমান শৰ্মাই।
আনহাতে বিজ্ঞান শাখাত অষ্টম স্থান দখল কৰি যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰজ্ঞা একাডেমীৰ  সুকণ্যা ফুকনে। ৰমেন ফুকন আৰু পূৰ্ণিমা ফুকনৰ কন্যা সুকন্যাই আজি ঘোষণা হোৱা ফলাফলত  ইংৰাজীত  ৮৮, ঐশ্বিক ইংৰাজীত ৯৮, পদাৰ্থ বিজ্ঞানত ৮৯, ৰসায়ন বিজ্ঞান ত ৯৭, জীৱ বিজ্ঞান ত ৯৮, অংকত  ৭৩ নম্বৰ লাভ কৰি সৰ্বমুঠ লাভ কৰে ৪৭০ নম্বৰ। যোৰহাটৰ চৰিগাঁৱৰ  নিবাসী সুকন্যাই ভৱিষ্যতৰ দিনত এগৰাকী চিকিৎসক  হোৱাৰ সপোন পুহি ৰখা বুলি ছাত্ৰী গৰাকীয়ে ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা দিয়া বুলিও জানিবলৈ দিয়ে। । গান গাই ভাল পোৱা সুকণ্যা ই দৈনিক ১৬ ঘণ্টাকৈ পঢ়া বুলি উল্লেখ কৰে।