শেহতীয়া খবৰ
Home / আঞ্চলিক / চাংসাৰিত অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ’ল দৈনিক জনমভূমি কাকতৰ কৰ্মচাৰী অনিল কলিতাৰ

চাংসাৰিত অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ’ল দৈনিক জনমভূমি কাকতৰ কৰ্মচাৰী অনিল কলিতাৰ

পঙ্কজ নাথ, চাংসাৰিঃ কামৰূপ জিলাৰ অন্তৰ্গত চাংসাৰীত যোৱা নিশা চাংসাৰি হাজো আৰু কমলপুৰ সংযোগী উপপথটোত হোৱা এক দুৰ্ঘটনাত প্ৰাণ গ’ল দৈনিক জনমভূমি কাকতৰ কৰ্মচাৰী অনিল কলিতাৰ। কমলপুৰ থানাৰ অন্তৰ্গত পানীটেমাৰ নিবাসী ৩০ বছৰীয়া অনিল কলিতাই গুৱাহাটীস্হিত দৈনিক জনমভূমি কাকতত কৰ্মৰত হৈ আছিল। কালি নিশা তেওঁ নিজৰ এ এচ ২৫ এল ৮৮৪১ নম্বৰৰ বাইকখনেৰে ঘৰ অভিমুখে গৈ থকা অৱস্থাত প্ৰায় ১১ মান বজাত চাংসাৰিৰ শিলসাকোত ইটা ভাটাৰ ওচৰত কোনো অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু বৰণ কৰে। উদীয়মান পানীটেমাৰ যুৱক কলিতাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰে আৰু অঞ্চলবাসী ৰাইজৰ সমনিতে দল সংগঠনে তেওঁৰ আকস্মিক মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখ্য যে চাংসাৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী হাজো কমলপুৰ আদিলৈ যাব পৰা দুৰ্ঘটনা সংঘটিত হোৱা এই পথটোৰ পকী অংশ অত্যন্ত ঠেক হোৱাৰ বিপৰীতে পকী পথৰ কাষৰ খিনিত ডাঙৰ ডাঙৰ গাতৰ সৃষ্টি হোৱা বাবেই এই পথটোত যথেষ্ট সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। কালি নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাটো ইয়াৰ বাবেই হোৱা বুলি অঞ্চলটোৰ সচেতন ৰাইজে আশংকা কৰিছে। সেয়েহে অতি সোনকালে অনাগত সময়ত এনে ধৰণৰ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে এই পথটো সুচল কৰি তুলিবলৈ স্থানীয় ৰাইজে চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে।