শেহতীয়া খবৰ
Home / আঞ্চলিক / বিজ্ঞান শাখাত দশম স্থান লাভেৰে বঙাইগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে নিখিতা পাঠকে 

বিজ্ঞান শাখাত দশম স্থান লাভেৰে বঙাইগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে নিখিতা পাঠকে 

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁওঃ অৱশেষত সকলো উৎকন্ঠাৰ অৱসান ঘটাই আজি ঘোষিত হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ ঘোষিত ফলাফল অনুসৰি বঙাইগাঁৱৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী মাধ্যম)ৰ বিজ্ঞান শাখাৰ ছাত্ৰী নিখিতা পাঠকে ৰাজ্যখনৰ ভিতৰত দশম স্থান লাভেৰে বঙাইগাঁৱৰ লগতে সমগ্ৰ জিলাখনৈ গৌৰৱ কঢ়িয়াই আনে ৷ ছাত্ৰীগৰাকীৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, পৰিয়ালৰ লোক তথা জিলাবাসী ৷ উল্লেখ্য যে, বঙাইগাঁৱৰ দেউৰীপাৰা নিবাসী পশু চিকিৎসক ডাঃ কৃষ্ণ পাঠক আৰু পুৰণি বঙাইগাঁও হাইস্কুলৰ শিক্ষয়িত্ৰী পিনাকী পাঠকৰ প্ৰথমা কন্যা নিখিতা পাঠকে ঘোষিত ফলাফল অনুসৰি ইংৰাজী বিষয়ত ৮৯ নম্বৰ, বিকল্প ইংৰাজীত ৯২, জীৱ বিদ্যাত ৯৭, ৰসায়ন বিজ্ঞানত ৯৬, পদাৰ্থ বিজ্ঞানত ৯৪ আৰু গণিত বিষয়ত ৮৭ লেটাৰ নম্বৰসহ মুঠ ৪৬৮ নম্বৰ (৯৩.৬ শতাংশ)  লাভ কৰি এই সন্মানৰ অধিকাৰী হয় ৷  বিগত ২০১৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শতকৰা ৯৬.১৭ শতাংশ নম্বৰ পাই এইখন বিদ্যালয়ৰ পৰা সুখ্যাতিৰে  উত্তীৰ্ণ হোৱা নিখিতাই পিচত নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল যদিও কিছুদিন অধ্যায়ণ কৰাৰ পিছতে পুনৰ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আহি নাম ভৰ্তি কৰিছিল ৷
ইপিনে নিজৰ ফলাফলকলৈ সুখী বুলি সংবাদ মাধ্যমৰ আগত  মন্তব্য কৰি নিখিতাই কয় যে যিখিনি কষ্ট কৰিছিলো তাৰ ফলাফল লাভ কৰিছো ৷ এগৰাকী সুচিকিৎসক হোৱাৰ আশা মনত পুহি ৰখা নিখিতাই ইতিমধ্যে মেডিকেলৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱা বুলিও কয় ৷ এই সাফল্য লাভ কৰাৰ বাবে কেনেদৰে পঢ়া- শুনা কৰিছিল বুলি জানিব বিচৰাত কৃতি ছাত্ৰীগৰাকীয়ে কয় যে আৰম্ভনীৰে পৰা নিজৰ পঢ়াখিনি সদায় পঢ়ি যোৱাৰ লগতে বিদ্যালয়ত শিকোৱাখিনি আয়ত্ত কৰাৰ বাবে চেষ্টা কৰি গৈছিল ৷  নিয়মিত ৪- ৫ ঘন্টাকৈ পঢ়া – শুনা কৰা নিখিতাই টিউচন থকাত পঢ়িবলৈ সময় কম পোৱাত কম সময়ৰ ভিতৰতে বেছিকৈ পঢ়িবলৈ চেষ্টা কৰিছিল বুলিও কয় ৷ অৱশ্যে বিদ্যালয় বন্ধ থকাৰ সময়ত যিখিনি সময় পাইছিল সিমানে পঢ়িবলৈ চেষ্টা কৰিছিল ৷ নিখিতাই জানিবলৈ দিয়া মতে পঢ়া- শুনাৰ ক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষকসকলে ছাত্ৰীগৰাকীক যথেষ্ট সহায় কৰাৰ লগতে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিষয়ত বিদ্যালয়ৰ বাহিৰৰ শিক্ষকৰ ওচৰত টিউচন লৈছিল ৷ আজৰি সময়ত গান গাই ভাল পোৱা নিখিতাই পৰীক্ষাৰ বাবে নিজৰ সংগীতৰ চৰ্চা কৰিব পৰা নাছিল যদিও এতিয়া পুনৰ চৰ্চা কৰিব বুলি কয় ৷ নিখিতাৰ প্ৰিয় গায়ক হ’ল প্ৰয়াত ড৹ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ ৷ টিভিত নেচনেল জিঅগ্ৰাফী চেনেল উপভোগ কৰা নিখিতাই সততে ব্যৱহাৰ নকৰে মোবাইল ফোন ৷ অৱশ্যে প্ৰয়োজনৰ তাগিতাত পিতৃৰ মোবাইলত বন্ধু-বান্ধৱীসকলৰ লগত ৱাটচআপৰ যোগেদি যোগাযোগ কৰিছিল৷ বাতৰি কাকত আৰু প্ৰান্তিক আলোচনীৰ নিয়মীয়া পাঠক নিখিতাই নিজৰ এই সাফল্যৰ আঁৰত শিক্ষানুষ্ঠানখনৰ শিক্ষাগুৰুসকল, পিতৃ-মাতৃ, আত্মীয় স্বজন আৰু শুভাকাংশীসকলে যোগোৱা উৎসাহ বুলিও মন্তব্য কৰে৷ নিখিতাক ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইলমেন প্ৰয়াত এপিজে আব্দুল কালামৰ মহৎ বাণীয়ে প্ৰভাৱিত কৰা বুলিও কয়৷ ইপিনে সমাজৰ কোনটো কথাই বিৰক্তি দিয়ে বুলি প্ৰশ্ন কৰাত নিখিতাই পোনচাতেই ৰাজনৈতিক ইচ্ছ্যুবোৰে বুলি কয় ৷ কৃতি ছাত্ৰীগৰাকীৰ মতে এতিয়া ৰাজনৈতিক ইচ্ছ্যুবোৰে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ ক্ষেত্ৰত অৰিহণা যোগায় ৷ সেয়ে এই বিষয়টোৱে মূৰৰ কামোৰণি দিয়ে বুলি ভাৱে ৷
সেইদৰে কি আশা কৰি এইবাৰ পোন প্ৰথমবাৰৰ বাবে ভোটদান কৰিছে বুলি জানিব বচৰাত নিখিতাই কয় যে আমি জানো যে ভাৰতবৰ্ষ হ’ল এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ৷ কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা লাগে যে মানুহে নিজৰ অধিকাৰবোৰ সাব্যস্ত কৰিব নোৱাৰে ৷ সেয়ে এতিয়া নৱপ্ৰজন্ম আগবাঢ়ি আহিব লাগে আৰু সেইটো কাৰণতে মই এইবাৰ প্ৰথম ভোট দিছো ৷ লগতে গণতান্ত্ৰিক ব্যৱস্থাটো যাতে ভালকৈ প্ৰতিষ্ঠা হয় তাৰ বাবে ভোটদান কৰা বুলিও কয় ৷ উল্লেখ্য যে ছাত্ৰীগৰাকীয়ে স্থান লাভ কৰাৰ খবৰ বিয়পি পৰাৰ পিচতে ছাত্ৰীগৰাকীৰ গৃহত শুভাকাংশীসকল উপস্থিত হৈ শুভেচ্ছা জনায় ৷ সেইদৰে বিদ্যালয়খনতো সৃষ্টি হয় আনন্দমুখৰ পৰিৱেশ ৷ ছাত্ৰীগৰাকী শিক্ষানুষ্ঠানখনত উপস্থিত হোৱাৰ পিচতে শিক্ষকসকলে ফুলৰ তোৰা, গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে মিঠাই খুৱায় ৷ লক্ষ্যণীয় যে ২০১৫ বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় ( ইংৰাজী মাধ্যম) ত এইবাৰেই পোন প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক পৰ্যায়ত শিক্ষাৰ্থীয়ে এনে কৃতিত্ব  লাভ কৰিছে  ৷ সেয়ে ছাত্ৰীগৰাকীৰ এই সাফল্যত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক – শিক্ষয়িত্ৰীসকল ৷ উল্লেখ্য যে বিদ্যালয়খনৰ ফলাফল চমকপ্ৰদ ৷ এইবাৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত  মুঠ ২৫ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকীয়ে উত্তীৰ্ণ হৈছে ৷ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ এশ শতাংশ ৷  ২৫ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণসকলৰ ভিতৰত দুজনে ডিষ্টিংচন আৰু এঘাৰ জনে ষ্টাৰ নম্বৰ লাভ কৰিছে ৷ কেবাটাও বিষয়ত কেবাজনেও পাইছে লেটাৰ নম্বৰো ৷ আনহাতে কলা শাখাতো উত্তীৰ্ণৰ হাৰ এশ শতাংশ ৷ মুঠ ২৮ গৰাকী শিক্ষাৰ্থী ৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত ২৫ জনে প্ৰথম বিভাগত আৰু ৩ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত ৯ জনে ষ্টাৰ নম্বৰ লাভ কৰিছে ৷ লেটাৰ নম্বৰ লাভ কৰিছে কেবাটাও বিভাগত ৷