শেহতীয়া খবৰ
Home / ক্ৰীড়া / এছিয়া বেডমিন্টন কাউন্সিলৰ উপ সভাপতি পদত ড০ হিমন্ত বিশ্ব শৰ্মা

এছিয়া বেডমিন্টন কাউন্সিলৰ উপ সভাপতি পদত ড০ হিমন্ত বিশ্ব শৰ্মা


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ মে’
: ভাৰতীয় বেডমিন্টন সংস্থাৰ সভাপতি ড০ হিমন্ত বিশ্ব শৰ্মা এছিয়া বেডমিন্টন কাউন্সিলৰ উপ সভাপতি পদলৈ নিৰ্বাচিত হৈছে। শনিবাৰে অনুষ্ঠিত নিৰ্বাচনত ড০ হিমন্ত বিশ্ব শৰ্মাই মুঠ ৪০ টা ভোটৰ ভিতৰত ৩৫ টা ভোট লাভ কৰি উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়। অসমৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা বছৰ গোৱাত অনুষ্ঠিত ভাৰতীয় বেডমিন্টন সংস্থাৰ বাৰ্ষিক সাধাৰণ সভাৰ সময়ত সৰ্বসন্মতভাৱে সংস্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

ভাৰতীয় বেডমিন্টন সংস্থাৰ সভাপতিগৰাকীয়ে এছিয়া বেডমিন্টন কাউন্সিলৰ উপ-সভাপতি পদত নিৰ্বাচিত হোৱাৰ পিছতেই এক প্ৰকাৰ ৰাজ্যখনলৈ আনন্দৰ বন্যা বৈছে। ভাৰতীয় বেডমিন্টন সংস্থাক এছিয়ান সংস্থাটোৰ সমৰ্থন লাভ কৰাৰ লগতে অঞ্চলটোত বেডমিন্টনৰ বিকাশত কাম কৰাত সহায় কৰিব ভাৰতীয় বেডমিন্টন সংস্থাৰ সাধাৰণ সম্পাদক অজয় সিংহানিয়াই জানিবলৈ দিয়ে।

ড০ শৰ্মাৰ উপৰি ভাৰতীয় বেডমিন্টন সংস্থাৰ সম্পাদক (প্ৰতিযোগিতা) ওমৰ ৰছিদক বেডমিন্টন এছিয়াৰ উন্নয়ন সমিতিৰ উপাধ্যক্ষ হিচাপে বেডমিন্টন এছিয়া কাউন্সিলৰ সভাপতি এন্টন ছুব’উৱে নিযুক্তি দিয়ে। আনহাতে, এছিয়া বেডমিন্টন কাউন্সিলৰ কাৰিকৰী সমিতিৰ উপাধ্যক্ষ হিচাপে দায়িত্ব লাভ কৰিছে সুধাকৰ ভেমুৰীয়ে।