শেহতীয়া খবৰ
Home / আঞ্চলিক / লিকুইডেশ্বন মানি নলয় নগাঁও কাগজ কলৰ কৰ্মচাৰীয়ে

লিকুইডেশ্বন মানি নলয় নগাঁও কাগজ কলৰ কৰ্মচাৰীয়ে


গণ বাৰ্তা, জাগীৰোড : নগাঁও কাগজ কলত পুনৰ উত্তাল প্ৰতিবাদ কৰ্মচাৰীৰ। এন চি এল টিয়ে ঘোষণা কৰা লিকুইডেচন মানি নলয় কাগজ কল কৰ্মচাৰীয়ে । অতিশীঘ্ৰে ৰাজহুৱা খণ্ডৰ উদ্যোগটো পুনৰ উজ্জীৱিত কৰাৰ দাবী। লগতে কৰ্মচাৰীসকলৰ অনাদায় দৰমহা আদায়ৰো দাবীত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । ইফালে এন চি এল টিয়ে দেউলীয়া ঘোষণা কৰাৰ পিছতে কলটোৰ সুৰক্ষা প্ৰক্ৰিয়া সালসলনি কৰাত ক্ষুব্ধ হৈ পৰে কলটোৰ কৰ্মচাৰীসকল । এয়া কলটোক ব্যক্তিগতকৰণৰ এক প্ৰক্ৰিয়া বুলি অভিযোগ কৰি ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিলে পৰিস্থিতি অধিক ভয়াৱহ হ’ব বুলিও হুংকাৰ দিয়ে । লগতে ইয়াৰ বাবে দায়ী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ হ’ব বুলিও সকীয়াই দিয়ে ।

ইতিমধ্যে কাগজ কলটোৰ লিকুইডেচন উঠাই ল’বলৈ এন চি এল এ টিত গোচৰ তৰিছে কাগজ কল কৰ্মী ইউনিয়নে। ইফালে যিহেতু ভাৰত চৰকাৰৰ অধীনৰ হিন্দুস্তান কাগজ নিগম, সেয়ে কাগজ নিগমক দেউলীয়া ঘোষণা কৰা মানে চৰকাৰখনকে দেউলীয়া ঘোষণা কৰা বুলি মন্তব্য কৰি এয়া চৰকাৰখনৰ বাবে চৰম লজ্জাজনক বিষয় বুলি অভিহিত কৰে কৰ্মচাৰী সকলে ।

আনহাতে এন চি এল টিয়ে কলটোৰ সন্দৰ্ভত পৰিকল্পনা দাখিল কৰিবলৈ চৰকাৰক বান্ধি দিয়া এমাহৰ সময়সীমা উকলি যোৱাৰ উপক্ৰম হৈছে যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও যিকোনো প্ৰকাৰে আইনৰ সহায় লৈ হ’লেও নগাঁও আৰু কাছাৰ কাগজ কল দুটা কাৰ্যক্ষম কৰা হ’ব বুলি কৰা সদম্ভ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল । সেয়ে অতিশীঘ্ৰে নগাঁও আৰু কাছাৰ কাগজ কল দুটাক পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে কাগজ নিগম কৰ্মী ইউনিয়নে।