শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / স্নেপডীলত ‘ডিল্ছ অৱ ইণ্ডিয়া ছেল’

স্নেপডীলত ‘ডিল্ছ অৱ ইণ্ডিয়া ছেল’

গণ আধিকাৰ, ডিজিটেল ডেস্কঃ -কমাৰ্চ কোম্পানী স্নেপডীলে স্বাধীনতা দিৱস উপলক্ষে আৰম্ভ কৰিছে ‘ডিলছ্ অৱ ইণ্ডিয়া ছেল’৷ কোম্পানীটোৰ এই ৰেহাই মূল্যৰ বিক্ৰী ১০ আগষ্টৰ পৰা ১৫ আগষ্টলৈ চলিব৷ কোম্পানীটোৱে ১ লাখ টকাৰ বেছি সামগ্ৰী ক্ৰয় কৰিলে সেই সামগ্ৰীসমূহৰ বিপৰীতে ৮০ শতাংশ পৰ্যন্ত ৰেহাই আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ সেই সামগ্ৰীসমূহৰ ভিতৰত আছে পুৰুষ আৰু মহিলাৰ বিভিন্ন পোছাকৰ ক্ষেত্ৰত ২০ৰ পৰা ৮০ শতাংশ পৰ্যন্ত ৰেহাই৷ তদুপৰি পুৰুষৰ কেজুৱেল আৰু ফৰ্মেল ছাৰ্ট, জীন্ছত ৪০ৰ পৰা ৭০ শতাংশ ৰেহাই৷ ইফালে মহিলাৰ ফুটৱেৰ, হেণ্ডবেগত আগবঢ়াইছে ৫০ শতাংশ পৰ্যন্ত ৰেহাই৷ ঠিক তেনেকৈ ছিল্ক শাৰীৰ মূল্য ৩৯৯ টকাৰ পৰা আৰম্ভ হৈছে৷ কুৰ্তা আৰু ড্ৰেছ মেটেৰিয়েছত ৮০ শতাংশ পৰ্যন্ত ৰেহাই আগবঢ়াইছে কোম্পানীটোৱে৷ অকল এইয়াই নহয়, লেহেংগাত ৮০ শতাংশ পৰ্যন্ত ৰেহাই দিছে স্নেপডীলে৷ তেনেকৈ হস্থশিল্পৰ সামগ্ৰীতো ৬০ শতাংশ পৰ্যন্ত ৰেহাই দিছে ই-কমাৰ্চ কোম্পানীটোৱে৷