শেহতীয়া খবৰ
Home / ক্ৰীড়া / ইউৱেফা চেম্পিয়নছ লীগ ট্ৰফীৰ ফানেলত লিভাৰপুলে টোটেনহামক 2-0 গলত হৰুৱাই 2019ৰ খিতাপ দখল

ইউৱেফা চেম্পিয়নছ লীগ ট্ৰফীৰ ফানেলত লিভাৰপুলে টোটেনহামক 2-0 গলত হৰুৱাই 2019ৰ খিতাপ দখল

মাদ্ৰিদ, 2 জুন :  খেলৰ আৰম্ভনিৰ তিনি মিনিটত টোটেনহামৰ খেলুৱৈৰ মোছা ছিছ’কোৰ দ্বাৰা হেণ্ডবল হোৱাত লিভাৰপুলে পেনাল্টী লাভ কৰে আৰু লিভাৰপুলৰ ষ্ট্ৰাইকাৰ মহম্মদ ছালাহই গল কৰি দলক 1-0 অগ্ৰগতি কৰায়।

খেল শেষ হোৱাৰ তিনি মিনিট বাকী থকাৰ সময়ত ডিভ’ক অৰিজিয়ে দ্বিতীয়টো গল দি বিজয় নিশ্চিত কৰে আৰু এইদৰে 2-0 গ’লৰে ইউৱেফা চেম্পিয়নছ লীগ 2019ৰ খিতাপ দখল কৰে আৰ এই জয়ৰে লিভাৰপুলে ষষ্ঠ বাৰৰ বাবে ইউৱেফা চেম্পিয়নছ লীগৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।