শেহতীয়া খবৰ
Home / আঞ্চলিক / যুৱ প্ৰজন্মৰ বুদ্ধিমত্তা আৰু জ্ঞানৰ প্ৰসাৰত ‘মাই গভ ইণ্ডিয়া’ পর্টেলে

যুৱ প্ৰজন্মৰ বুদ্ধিমত্তা আৰু জ্ঞানৰ প্ৰসাৰত ‘মাই গভ ইণ্ডিয়া’ পর্টেলে

‘মাই গভ’ৰ মত-বিনিময় অনুষ্ঠানত অংশ গ্রহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

দিছপুৰ, গণ অধিকাৰ, ডিজিটেল ডেস্কঃ ‘যুৱ প্ৰজন্মৰ বুদ্ধিমত্তা আৰু জ্ঞানৰ প্ৰসাৰত ‘মাই গভ ইণ্ডিয়া’ প’ৰ্টেলে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। আগন্তুক দিনত সুনির্দিষ্ট পৰিকল্পনাৰে এই ৱেব প’ৰ্টেলৰ জৰিয়তে জনগণ আৰু অধিক উপকৃত হ’ব পাৰিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্রৰ জনগণৰ সংবাগীণ বিকাশৰ বাবে দৃঢ়তাৰে বিভিন্ন কাৰ্যসূচী গ্রহণ কৰিছে। আধুনিক ধ্যান-ধাৰণাৰে আমাৰ সমাজক আৰু অধিক আগুৱাই নিয়াৰ বাবে বিভিন্ন পৰিকল্পনা গ্রহণ কৰিছে। আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ‘ফ্রাইডেজ এট মাই গভ’ শীর্ষক ‘মাই গভ অসমে আয়োজন কৰা মত-বিনিময় অনুষ্ঠানত অংশ গ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্যমন্ত্রী সোণোৱালে কয় যে আমাৰ সমাজত লুকাই থকা প্ৰতিভাৰ উন্মেষ ঘটাই, জনসাধাৰণৰ ধ্যানধাৰণা ৰূপান্তৰ মুখী কৰা আৰু আশা-আকাংক্ষা সমূহ বাস্তৱায়িত কৰাৰ বাবে আমি বিজ্ঞান আৰু প্ৰযুক্তিৰ উপযুক্ত প্রয়োগ কৰিব লাগিব। ‘মাই গভ প’ৰ্টেল’ৰ জৰিয়তে যুৱ প্ৰজন্মৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আমি অগ্ৰসৰ হ’ব লাগিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে আমাৰ দেশক এখন শ্রেষ্ঠ ৰাষ্ট্র হিচাপে গঢ়ি তোলাৰ বাবে লক্ষ্যস্থিৰ কৰিছে। দেশৰ সম্পদ আৰু সম্ভাৱনীয়তা সমূহ আবিষ্কাৰ কৰিব লাগিলে আমি ডিজিটেল প্লেটফৰ্মৰ সহায় ল’ব লাগিব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ডিজিটেলৰ মাধ্যমেৰে আমি সমন্বয়ৰ ভাৱধৰা অধিক শক্তিশালী কৰিব লাগিব।

‘মাই গভ অসম’ক জনতাৰ প্লেটফৰ্ম বুলি উল্লেখ কৰি এই প্লেটফর্মে জনতাক এখন শক্তিশালী মঞ্চৰ জৰিয়তে সংঘবদ্ধ কৰাৰ দিশত সহায় কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অসমকে ধৰি উত্তৰ পূর্বাঞ্চলক প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা গুৰুত্বৰ কথা উল্লেখ কৰি ৰাজ্যখনক দেশৰ ভিতৰতে এখন শক্তিশালী ডিজিটেল। হাব হিচাপে প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে আগবাঢ়িছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।। | মাই গভ অসম’ প’ৰ্টেলে যুৱ প্ৰজন্মক আগবাঢ়ি যোৱাৰ বাবে ইন্ধন যোগাইছে বুলি উল্লেখ কৰি । মুখ্যমন্ত্ৰীয়ে আমাৰ ৰাজ্যখনত থকা বিপুল সম্ভাৱনীয়তা সমূহ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জৰিয়তে বিকশাই তোলাৰ বাবে যুৱ প্রজন্ম আগবাঢ়ি আহিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ এই মত-বিনিময় অনুষ্ঠানত যুৱ প্রজন্মই আগবঢ়োৱা পৰামৰ্শাৱলীয়ে পৰৱর্তী পর্যায়ত বিভিন্ন কার্যসূচী ৰূপায়ণৰ দিশত ইতিবাচক প্রভাৱ পেলাৱ। আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি আব্রাহাম লিংকনে গণতান্ত্রিক ব্যৱস্থাটো শক্তিশালী কৰাৰ বাবে জনসাধাৰণৰ অংশ গ্রহণ অত্যন্ত জৰুৰী বুলি গণ্য কৰিছিল। বর্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ দিহা পৰামৰ্শ আৰু প্রত্যক্ষ অংশ গ্রহণেৰে উন্নয়ন প্রক্রিয়াটো দ্রুত কৰিব বিচাৰিছে। ষ্টার্ট আপ’ কাৰ্যসূচীয়ে দেশৰ উঠি অহা প্ৰজন্মৰ উদ্যমিতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা লৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে আমাৰ ৰাজ্যখনৰ যুৱ প্ৰজন্মক এক শক্তিশালী ডিজিটেল ধাৰণাৰে উৎকর্ষতা লাভ কৰাৰ দিশত সাধনাত ব্ৰতী। হ’বলৈ আহ্বান জনায় যাতে ইয়াৰ জৰিয়তে এই দিশত এক পাৰদৰ্শী ব্যক্তি হিচাপে পৰিগণিত হ’ব পাৰে।

উল্লেখ্য যে চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ সম্পর্ক সুদৃঢ় কৰাৰ লক্ষ্য আগত ৰাখি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত জনতাৰ চৰকাৰ ‘মাই গভ অসম’ নামেৰে এক অনলাইন পর্নেল ২০১৭ চনত শুভাৰম্ভণি কৰা হৈছিল। এই প’ৰ্টেলে জনসাধাৰণৰ দিহা-পৰামর্শ, সহায়-সহযোগিতাৰে চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ ব্যৱধান হ্রাসৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে।

আজিৰ এই মত বিনিময় অনুষ্ঠানত অংশ গ্রহণ কৰি মাই গভ ইণ্ডিয়াৰ মুখ্যকাৰ্যবাহী বিষয়া অৰবিন্দ গুপ্তাই অনুষ্ঠানত অংশ গ্রহণ কৰা অংশ গ্রহণ কাৰী সকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ প্ৰদান কৰে। অনুষ্ঠানত তথ্য আৰু প্রযুক্তি বিভাগৰ মন্ত্রী কেশৱ মহন্তইও ভাষণ প্রদান কৰে। আজিৰ এই অনুষ্ঠানত বিধায়ক বিমল বৰা, তথ্য আৰু প্রযুক্তি বিদ্যা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ভি এছ ভাস্কৰ, উদ্যোগ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।