শেহতীয়া খবৰ
Home / আঞ্চলিক / টাইম স্কেলযোগে সকলো কৰ্মচাৰীয়ে লাভ কৰিব পদোন্নতি

টাইম স্কেলযোগে সকলো কৰ্মচাৰীয়ে লাভ কৰিব পদোন্নতি

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে সংশোধন হ’ব ভূমি আইন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ জুন : ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এক সুখবৰ। নিৰ্দিষ্ট সময়ত আৰু টাইম্‌ছ স্কেল যোগে সকলো কৰ্মচাৰীয়ে লাভ কৰিব পদোন্নতি। পূৰ্বেই বহু কৰ্মচাৰীয়ে চাকৰি কৰি আছিল আৰু উচ্চ হাৰত দৰমহা লাভ কৰিছিল, কিন্তু খালী পদ নথকাৰ বাবে পদোন্নতি লাভ কৰা নাছিল। এতিয়াৰে পৰা এনেধৰণৰ জটিলতা আঁতৰাই নিৰ্দিষ্ট সময়ৰ ভিতৰত টাইম্‌ছ স্কেল যোগে সকলো কৰ্মচাৰীকে পদোন্নতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ছয় স্বায়ত্তশাসিত পৰিষদৰ জনপ্ৰতিনিধিসকলৰ দৰমহা বৃদ্ধি কৰাৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনাইছে। পূৰ্বে স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যই মাননি হিচাপত লাভ কৰিছিল ১৬ হাজাৰ। একেদৰে সদস্যই মাননি হিচাপত লাভ কৰিছিল ৫ হাজাৰ টকা। এতিয়াৰে পৰা ছয় স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলে লাভ কৰিব ৪৫ হাজাৰ টকা। একেদৰে সদস্যসকলে ৫ হাজাৰ টকাৰ বিপৰীতে লাভ কৰিব ২৫ হাজাৰ টকা। স্বায়ত্তশাসিত পৰিষদৰ জনপ্ৰতিনিধিৰ মাননি বৃদ্ধিত আজি কেবিনেটে অনুমোদন জনায়।

একেদৰে গাঁওবুঢ়া নিযুক্তিৰ ক্ষেত্ৰত বয়স হ্ৰাস কৰিছে। এতিয়াৰে পৰা ২৫ বছৰীয়া যুৱকে গাঁওবুঢ়াৰ বাবে আবেদন কৰিব পাৰিব। পূৰ্বৰ ৩৫ বছৰৰ সলনি আজি ২৫ বছৰ নিৰ্ধাৰণ কৰে ৰাজ্যিক কেবিনেটে। একেদৰে দুটি সন্তানৰ গৰাকীয়েহে গাঁওবুঢ়াৰ বাবে আবেদন কৰিব পাৰিব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৰ্থাৎ দুটি সন্তানতকৈ অধিক সন্তান থাকিলে এতিয়াৰে পৰা গাঁওবুঢ়াৰ পদত নিযুক্তি লাভ কৰিব নোৱাৰিব। আনহাতে সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত আজিৰ কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

সত্ৰৰ মাটি বেদখল কৰাৰ বাবে অসম ভূমি আইনৰ কিছু সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ কেবিনেটে। একেদৰে শ্বহীদ জোৱানৰ পৰিয়ালৰ সদস্যলৈ ২০ লাখ টকাৰ বীমা নীতিত অনুমোদন জনায় আজিৰ কেবিনেটে। মানৱ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰে নিযুক্তি দিয়া প্লেচমেন্ট এজেন্সীসমূহৰ বিৰুদ্ধে চৰকাৰে তীক্ষ দৃষ্টি ৰাখিব আৰু সমস্ত এজেন্সী নিৰীক্ষণত ৰাখিব। আনহাতে আজিৰ কেবিনেটে ৰিক্ৰুইটমেন্ট ৰেগুলেচন আইন প্ৰণয়নৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ বহু যুৱক-যুৱতী বহিঃৰাজ্যলৈ কৰ্মসংস্থাপন বিচাৰি যায়।

যুৱক-যুৱতীসকল কি কোম্পানীত কিমান দৰমহাত কৰ্মৰত হৈ আছে আৰু তেওঁলোক কিমান সুৰক্ষিত সেই সন্দৰ্ভত বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হয়। সেয়ে সমস্ত প্ৰক্ৰিয়াটো চোৱা-চিতাৰ বাবে ৰিক্ৰুইটমেন্ট ৰেগুলেচন আইন প্ৰণয়নৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ কেবিনেটে। বৈঠকৰ অন্তত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা ঘোষণা কৰে। ইপিনে আজি অন্তিমখন কেবিনেটত অংশগ্ৰহণ কৰে সদ্য সাংসদ হিচাপে নিৰ্বাচিত তপন গগৈ আৰু পল্লৱ লোচন দাসে।