শেহতীয়া খবৰ
Home / ৰাজনীতি / প্ৰথমখন সংসদীয় অধিৱেশনত দহখন অধ্যাদেশ আইনলৈ ৰূপান্তৰ কৰিবলৈ যো জা

প্ৰথমখন সংসদীয় অধিৱেশনত দহখন অধ্যাদেশ আইনলৈ ৰূপান্তৰ কৰিবলৈ যো জা

৪০ দিনলৈ চলিব নতুন চৰকাৰৰ সংসদৰ অধিৱেশন

নতুন দিল্লী, ৮ জুন : সপ্তদশ সাধাৰণ নিৰ্বাচনৰ একক সংখ্যাগৰিষ্ঠতাৰে দিল্লীৰ ক্ষমতা দখল কৰা এনডিএৰ প্ৰথমখন সংসদৰ অধিৱেশনত দহখন অধ্যাদেশ আইনলৈ ৰূপান্তৰ কৰিবলৈ যো-জা চলাইছে। মন কৰিবলগীয়া যে নৱ-নিৰ্বাচিত প্ৰথমখন সংসদৰ অধিৱেশন ১৭ জুনৰ পৰা আৰম্ভ হ’ব। সেই সংসদৰ অধিৱেশনতেই কেন্দ্ৰীয় চৰকাৰে ১০খন অধ্যাদেশ আইনলৈ ৰূপান্তৰ কৰিবলৈ যো-জা চলাইছে বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত আছে ট্ৰিপুল তালাক, ইণ্ডিয়ান মেডিকেল কাউন্সিল (সংশোধন), অনিয়মিত জমা যোজনাৰ অধ্যাদেশৰ নিষিদ্ধ ২০১৯, জম্মু আৰু কাশ্মীৰ সংৰক্ষণ (সংশোধন বিল) আদি অধ্যাদেশ আইনলৈ ৰূপান্তৰ কৰিবলৈ সিদ্ধান্ত লৈছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে।

মন কৰিবলগীয়া যে এই অধ্যাদেশকেইখন এইবাৰৰ এনডিএ চৰকাৰে দুয়োখন সংসদত উত্থাপন কৰি গৃহীত কৰিবলৈ নানা চেষ্টা চলাব। কিয়নো যোৱাটো কাৰ্যকালত এনডিএ এইকেইখন অধ্যাদেশ আইনলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হোৱা নাছিল। সেইবাবে প্ৰথমখন সংসদৰ অধিৱেশনতেই অধ্যাদেশকেইখনক লৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে তৎপৰতা গ্ৰহণ কৰিছে।

উল্লেখ্য যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে অহা ৫ জুলাইত সংসদত উত্থাপন কৰিব প্ৰথমখন বাজেট। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি এইবাৰৰ সংসদীয় অধিৱেশন ৪০ দিনলৈ চলিব। য’ত ৩০ দিন ধৰি চলিব বৈঠক। লগতে কয়- সংসদৰ অধিৱেশনত প্ৰথম দুদিনত নৱ-নিৰ্বাচিত সাংসদসকলক শপত গ্ৰহণ কৰোৱা হ’ব। আনহাতে লোকসভাৰ অধ্যক্ষ নিৰ্বাচন ১৯ জুনত অনুষ্ঠিত হ’ব। লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ২০ জুনত লোকসভা আৰু ৰাজ্যসভাত যৌথভাৱে সম্বোধন কৰিব। তাৰ পিছত তেওঁৰ সম্বোধনৰ ধন্যবাদ প্ৰস্তাৱক লৈ চৰ্চা হ’ব।