শেহতীয়া খবৰ
Home / ৰাজনীতি / সৰুসজাইত বিজেপিৰ অভিনন্দন অনুষ্ঠান, বিধানসভাত ১০০ জন সদস্যৰ লক্ষ্য বিজেপিৰ

সৰুসজাইত বিজেপিৰ অভিনন্দন অনুষ্ঠান, বিধানসভাত ১০০ জন সদস্যৰ লক্ষ্য বিজেপিৰ

টিম অসম হৈ কাম কৰাৰ পোষকতা মুখ্যমন্ত্ৰীৰ


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ জুন : আজি সৰুসজাই ষ্টেডিয়াম প্ৰাঙ্গণত নৱনিৰ্বাচিত বিজেপিৰ সাংসদসকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা হয় এক বৰ্ণাঢ্য অনুষ্ঠানৰ। ৰাজ্যিক বিজেপিৰ সকলো বিষয়ববীয়া, মন্ত্ৰী-বিধায়ক, ৰাষ্ট্ৰীয় নেতা, জিলা, মণ্ডল, মৰ্চা, নিগম বোৰ্ডৰ অধ্যক্ষ, উপাধ্যক্ষ, বুথৰ লগতে সকলো পৰ্যায়ৰ দলীয় কাৰ্যকৰ্তাৰ উপস্থিতিত আজি লোকসভা নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নিৰ্বাচনত লাভ কৰা সফলতা উদ্‌যাপন কৰে।

আজি অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ক্ষমতা পালে মানুহ দাম্ভিক হয়। সেই দাম্ভিকতা বিজেপিৰ সাংসদ, বিধায়ক, নেতা-কৰ্মীৰ মাজত থাকিব নালাগিব বুলি উল্লেখ কৰি সেৱা আৰু শ্ৰদ্ধাৰ মাজেৰে বিজেপিয়ে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰে। মোদীৰ দৰে সকলোৰে হৃদয় জয় কৰিব লাগিব বুলি উল্লেখ কৰাৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে মোদীৰ যুঁজ ৰাজ্যিক বিজেপিৰ আদৰ্শ হোৱা উচিত বুলি দোহাৰে। ৰাজ্যিক বিজেপিৰ সকলো নেতৃত্ব তথা মন্ত্ৰী-বিধায়ক-সাংসদে টীম অসম হৈ কাম কৰি যোৱাৰ পোষকতা কৰি এটা পৰিয়ালৰ দৰে ইজনে-সিজনক সহায় কৰিব লাগিব বুলিও উল্লেখ কৰে।

আগন্তুক দুটা বছৰত অধিক ভাল কাম কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰাৰ পোষকতা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মোদীয়ে অসমৰ গামোচা আৰু সুধাকণ্ঠক দিয়া মৰ্যাদা পাহৰিব নালাগিব বুলি উল্লেখ কৰে। আনহাতে অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি উত্তৰ-পূৰ্বাঞ্চল বিজেপিৰ তত্ত্বাৱধায়ক তথা ৰাজ্যিক বিজেপিৰ শীৰ্ষনেতা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এদিনতে দহজন সাংসদ নিৰ্বাচন সহজ কথা নহয় বুলি উল্লেখ কৰি এদিন নহয় এদিন বিজেপিয়ে সফলতাৰে এভাৰেষ্টত অধিষ্ঠিত হ’ব বুলি উল্লেখ কৰাৰ লগতে বিধানসভাত বিজেপিৰ এশজন সদস্য হ’ব বুলি দোহাৰে।

এনে এটা সোণোৱালী দিন আহিব বুলি উল্লেখ কৰি সংবাদ মাধ্যমে দিয়া অপিনিয়ন প’ল ভুল বুলি প্ৰমাণ কৰাৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। অসমবাসীয়ে বিজেপিক হিয়া উজাৰি সমৰ্থন দিয়া বুলি উল্লেখ কৰি এতিয়াৰে পৰা বিজেপিৰ দায়িত্ব অধিক বঢ়া বুলি উল্লেখ কৰে।