শেহতীয়া খবৰ
Home / Tag Archives: AJYCP

Tag Archives: AJYCP

বিদ্যুৎ বিভাগে জ্বলাকলা খুৱাইছে জনতাক: তিতাবৰ -যোৰহাটত  যুৱ-ছাত্ৰৰ প্ৰতিবাদ। শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ।

চিত্তকমল বেজবৰা, তিতাবৰ / ষ্টাফ ৰিপৰ্টাৰ যোৰহাট, ২৬ জুন :  ৰাজ্যত দেখা দিয়া চৰম বিদ্যুৎ সংকটৰ ফলত জনতাৰ মাজত তীব্ৰ ক্ষোভ পৰিস্ফুট হৈ উঠিছে। শাসনলৈ অহাৰ পাছতেই ৰাজ্যখনত ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰ খনৰ চূড়ান্ত বিফলতাৰ পাছত এইবাৰ  চৰকাৰ তথা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰিছে। …

অধিক »

অসমৰ সংহতি বিনাশৰ অভিসন্ধি “মিছন চলো পাল্টাই“ : মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান অঃ জাঃ যঃ পঃৰ

গণ বাৰ্তা বিশেষ, বিশ্বনাথ চাৰিআলি, ৩১ মে’ : যুগ যুগ ধৰি অসমত বসবাস কৰি অসমীয়া কৃষ্টি-সংস্কৃতি, ভাষা-শিক্ষাক আঁকোৱালি লোৱা বাংলাভাষী মূলৰ হিন্দু-মুছলমান সম্প্ৰদায়ৰ লোকসকলক আগন্তুক ২০২১ চনৰ লোকপিয়লত মাতৃভাষা বাংলা বুলি লিখাৰ বাবে উচটনি দিয়াৰ এক পৰিকল্পিত অভিযান আৰম্ভ হৈছে অসমত । এই অভিযানৰ নাম দিয়া হৈছে ‘মিছন চলো পাল্টাই-২০২১’। উল্লেখযোগ্য …

অধিক »

নাগৰিকত্ব সংশোধনী বিধেয়ক এখন সাম্প্ৰদায়িক বিধেয়ক, শিলচৰত মোদীৰ হুংকাৰৰ পিছতে সৰৱ সমুজ্জল ভট্টাচাৰ্য

অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব থাকিবই লাগিব ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ এপ্ৰিল ঃ শিলচৰত নিৰ্বাচনী জনসভাত প্ৰচাৰ চলাবলৈ আহি অসমৰ মাটিত থিয় হৈ অসমৰ অস্তিত্বৰ বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিমেই বুলি হুংকাৰ দিয়া নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আছু। বিজেপিয়ে নিজৰ ঘোষণা-পত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি পুনৰ চৰকাৰ …

অধিক »

সময়হে কব, বিপিএফে কংগ্ৰেছ, ইউডিএফ, বিজেপি, অগপ- কাৰ সৈতে মিত্ৰতা কৰে: হাগ্ৰামা

গণ বাৰ্তা, কোকৰাঝাৰ, ২৪ ফেব্ৰুৱাৰী ঃ বিপিএফ কাৰো শত্ৰুও নহয়, কাৰো স্থায়ী মিত্ৰও নহয়। সময় অনুযায়ী বিপিএফে কেতিয়াবা কংগ্ৰেছৰ লগত,সময় অনুযায়ী কেতিয়াবা ইউডিএফৰ লগত, কেতিয়াবা বিজেপিৰ লগত আৰু কেতিয়াবা অগপৰ লগত থাকিবলগীয়া হ’ব পাৰে।–এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আজি কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ …

অধিক »

লতাশিলৰ পৰাই দিল্লী-দিছপুৰক সকীয়নি | খিলঞ্জীয়াৰ স্বাৰ্থত লতাশিলত বজ্ৰনিনাদ 

জাতিধবংসী বিধেয়কৰ বিৰোধিতাৰে আছুসহ ৩০ সংগঠনৰ ৰণহুংকাৰ  ৰাজ্যসভাত গৃহীত হ’লে ৰাজ্যজুৰি বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ হুংকাৰ চুতীয়া ছাত্ৰ সন্থাৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ জানুৱাৰী ঃ জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত আজি লতাশিলৰ বাকৰিৰ পৰাই ৰণহুংকাৰ প্ৰদান কৰে আছুৰ নেতৃত্বত ত্ৰিশটাকৈ জাতীয় সংগঠনে। জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰি লতাশিল খেলপথাৰত আছুৰ …

অধিক »

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদৰ মাজতে নেডা আৰু বিজেপিৰ ভিতৰচ’ৰাত কন্দল আৰম্ভ

বৰ্তমান সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত বিজেপি বিৰোধী ঢৌ চলি থকাৰ মাজতে নেডাত ফাঁট মেলাৰ পিছত এইবাৰ এন ডি এতো ফাঁট মেলাৰ পৰ্ব আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপই উলিয়াবলগীয়া কাৰ্যসূচীত জে ডি ইউৰ এটা সজাতি দলে অংশ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে দলটোৰ নেতা …

অধিক »

ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত উত্তাল যোৰহাট : মূখ্যমন্ত্ৰী সোনোৱালৰ শ্মশান যাত্ৰা

গণবাৰ্তা বিশেষ, যোৰহাট ৯ জানুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আজিও উত্তাল হৈ আছে যোৰহাট চহৰ। যোৰহাটৰ বিভিন্ন স্থানত আজি বিধেয়ক খনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কালিৰ পৰা যোৰহাটৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰতিবাদ আৰম্ভ কৰা পিছত আজি দ্বিতীয় দিনৰ বাবেও ছাত্ৰ ছাত্ৰী সকলে উত্তাল কৰি ৰাখে যোৰহাট …

অধিক »

ডঃ হীৰেণ গোঁহাইৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া নগাঁৱত 

ডঃ গোঁহাইৰ পক্ষত ঠিয় হ’ল নগাঁৱৰ বৌদ্ধিক মহল ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১০ জানুৱাৰীঃ ৰাজ্যখনৰ প্ৰখ্যাত বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁইক দেশদ্ৰোহী সজাই আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যখনৰ লগতে নগাঁও জিলাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জিলাখনত কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ, লেখক, কবি-সাহিত্যিকৰ লগতে বিভিন্ন সংগঠনে চৰকাৰৰ এনে অবিবেচক কাৰ্যৰ বিৰুদ্ধে …

অধিক »

তিনিচুকীয়াত আই মাতৃয়ে ৰাজপথত মেখেলা পিন্ধালে জাতীয় নায়কক 

আন্দোলনকাৰীক অপমান নকৰিবলৈ সকীয়নি পৰাগ দত্তক  চাবুৱা, ১০ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহিত কৰি অসম আৰু অসমীয়াৰ অস্তিত্ব নাশ কৰিব খোজা বিজেপিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিদিনে ৰাজ্যৰ চৌদিশ উত্তাল হৈ পৰিছে৷উজনি-নামনি আৰু মধ্য অসমৰ আৱাল-বৃদ্ধ-বনিতা, পুৰুষ-মহিলাই ৰাজপথ উত্তাল কৰি ৰাখিছে বিজেপিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে৷বিশেষকৈ একালৰ জাতীয় নায়ক …

অধিক »

নাগৰিক্ত সংশোধনী বিধেয়ক সন্দৰ্ভত মুখ খুলিলে বিধানসভাৰ অধ্যক্ষই

অসমৰ সংহতি-সম্প্ৰাতি বিনষ্ট কৰিব পৰা কোনো কাৰ্যক মোৰ বিবেকে সমৰ্থন নকৰে ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ জানুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়ত আজি বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে পোনপ্ৰথমবাৰৰ বাবে মন্তব্য প্ৰদান কৰিছে। অসম বিধানসভাৰ অধ্যক্ষ পদত থকা বাবে নীতিগতভাৱে সক্ৰিয় ৰাজনীতিৰ পৰা আৰু লগতে বিধায়ক …

অধিক »