শেহতীয়া খবৰ
Home / Tag Archives: Assam

Tag Archives: Assam

মধ্য অসমবাসীৰ বাবে এক সুখবৰ ঃ ২২ ফেব্ৰুৱাৰীৰ পৰা চেন্নাইলৈ চলিব অত্যাধুনিক ৰে’ল সেৱা 

ষ্টাফ ৰিপ’ৰ্টাৰ , নগাঁও  ঃ মধ্য অসমবাসীৰ বাবে এক সুখবৰ। পোন প্ৰথমবাৰৰ বাবে নগাঁও জিলাৰ পৰা দক্ষিণ ভাৰতলৈ চলিব অত্যাধুনিক ৰে’ল সেৱা। জিলাখনৰ কলিয়াবৰৰ শিলঘাট ষ্টেচনৰ পৰা ২২ ফেব্ৰুৱাৰীত ভাৰতীয় ৰে’ল বিভাগে আনুষ্ঠানিকভাৱে এই ৰে’ল সেৱা মুকলি কৰিব বুলি ৰে’ল বিভাগৰ এক সূত্ৰত প্ৰকাশ। এই ৰে’ল সেৱা মুকলি হোৱাৰ লগে …

অধিক »

কাজিৰঙাত একেদিনাই তিনিটা গঁড়ৰ মৃত্যু, মাতৃহাৰা পোৱালি উদ্ধাৰ ।

গণ বাৰ্তা, বোকাখাত, কাজিৰঙা  ঃ গঁড় হত্যাৰ ঘটনাই কাজিৰঙাত সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে দেওবাৰ দিনটোত কাজিৰঙাত উদ্ধাৰ হয় তিনিটাকৈ গঁড়ৰ মৃতদেহ। অৱশ্যে গঁড় কেইটাৰ মৃত্যুৰ কাৰণ স্বাভাৱিক বুলি জানিবলৈ দিছে বনবিভাগে। আজি পুৱা বাগৰী বনাঞ্চলৰ অধীনৰ গেৰাকাটি বনশিবিৰ এলেকাত এজনী মাইকী গঁড়ৰ স্বাভাৱিক মৃত্যু ঘটে । উল্লেখ্য …

অধিক »

নাগৰিকত্ব (সংশোধনী) বিধেয়কক সমৰ্থন কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণ

ডিজিচেল সংবাদঃ আজি ৩১ জানুৱাৰি বৃহস্পতিবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ সপক্ষে নিজৰ মত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে এই বিধেয়কখনে কোনো দেশত নিৰ্যাতনৰ বলি হৈ ভাৰতত আশ্ৰয় লোৱা লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰক্ৰিয়া উজু কৰি তুলিব। সংসদত এটা নিয়মমাফিক ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে, ‘‘তেওঁলোকৰ কোনো …

অধিক »

সমগ্ৰ অৰুণাচলত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

27 জানুৱাৰীৰ পৰা অৰুণাচল কংগ্ৰেছৰ লগতে দল-সংগঠনৰ অৰ্নিদিষ্ট কাললৈ তীব্ৰ প্ৰতিবাদ কৰাৰ সিদ্ধান্ত প্ৰতিবাদকাৰীৰ দৃশ্য :

অধিক »

অনশনকাৰী কাৰাবন্দীৰ খবৰ ল’বলৈ যোৱা দুই কংগ্ৰেছী বিধায়কক প্ৰশাসনৰ বাধা

গোৱালপাৰা জিলা কাৰাগাৰৰ ডিটেনচন কেম্পত কাৰাবন্দীৰ আমৰণ অনশন অব্যাহত আনিছুল জামান, গোৱালপাৰাঃ প্ৰকৃত ভাৰতীয় হৈয়ো বন্দীত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে একাংশ লোকে। একাংশ ভাৰতীয় নাগৰিকে আইনী মেৰপেচত পৰি দীৰ্ঘদিনে বন্দীত্বৰ জীৱন পাৰ কৰিবলগীয়া ঘটনাৰ প্ৰতিবাদতে একাংশ কয়েদীয়ে আমৰণ অনশন আৰম্ভ কৰিছে। নাগৰিকত্ব সংক্ৰান্তীয় গোচৰত ২০৮ জনকৈ লোকক আবদ্ধ কৰি ৰাখিছে …

অধিক »

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মেজিৰ জুইত অসমবাসীয়ে জলালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতীক

সোণাৰাম খেলপথাৰত মেজি জ্বলাই নেদেখাজনৰ আগত প্ৰাৰ্থনা মহানগৰবাসীৰ ডিজিটেল ডেস্কঃ আজি ভোগাৰ উৎসৱ ভোগালী। পুৱাই মেজি জ্বলাই অগ্নিদেৱতাৰ আশিস সৈতে সমগ্ৰ ৰাজ্যবাসীয়ে। মহানগৰীৰ ভৰলুমুখৰ সোণাৰাম খেলপথাৰতো আয়োজন কৰা হৈছে ভোগালীৰ মেজি জ্বলোৱা পৰ্ব। স্থানীয় প্ৰবীণ নাগৰিকসকলৰ দ্বাৰা প্ৰজ্বলন কৰা হৈছে মেজি। সমাজৰ সকলো অপায়-অমংগল দূৰ কৰাৰ বাবে অগ্নিদেৱতাৰ আগত প্ৰাৰ্থনা জনাইছে মহানগৰবাসীয়ে। …

অধিক »

ক্ষোভত জ্বলিছে ৰাজ্য : শদিয়াৰ পৰা ধুবুৰীলৈ জাতিধবংসী বিধেয়কৰ বিৰোধিতা

  বোকাখাত ভ্ৰমণ বাতিল মুখ্যমন্ত্ৰীৰ    বৰাকতো বিধেয়কৰ বিৰোধিতা, সৰ্বত্ৰে মোদী-সৰ্বা- হিমন্তৰ প্ৰতিকৃতি দাহ নগাঁৱত বিজেপিৰ সভাপতি ক’লা পতাকা ঠায়ে ঠায়ে বিজেপিৰ কাৰ্যালয় আক্ৰমণ, চানমাৰীত শিল্পী সমাজৰ জোঁৰ সমদল ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ জানুৱাৰী : জাতিধবংসী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ অব্যাহত আছে। অসমীয়া জাতিৰ মেৰুদণ্ড ভাঙি …

অধিক »

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে তিনিচুকীয়াত উলংগ প্ৰতিবাদ

সন্তোষ ফুকন, তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত বিগত কেইবামাহো ধৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ পিছতো কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজিও প্ৰতিবাদত কপি  উঠিছে ৰাজ্য। সোমবাৰে তিনিচুকীয়াৰ মাজমজিয়াত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই উলাই  আহি জংগী ৰূপত প্ৰতিবাদ কৰে। সমগ্ৰ …

অধিক »

ফুলৰ মালা পিন্ধাই ‘জাতীয় নায়ক’ সজোৱা সোণোৱালক নিজ জিলাতে দেখুৱালে কলা পতাকা

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ কনভয়ৰ সন্মুখতে জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি, সন্মুখীন হ’ল অবাঞ্চিত পৰিৱেশৰ গণ বার্তা চাবুৱাঃ আইএমডিটি আইন বাতিল কৰাৰ হোতা আছিল বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ আইন বাতিল কৰাৰ অন্তত সোণোৱালে দিল্লীৰ পৰা আহি অসমত উপস্থিত হোৱাৰ সময়ত ফুলৰ মালা পিন্ধাই ‘জাতীয় নায়ক’ বুলি অসমৰ লোকে সম্বোধন কৰিছিল৷ অসমৰ মানুহে যিগৰাকী লোকক বিমান …

অধিক »

সৰ্বানন্দ সোণোৱাল নকলি জাতীয় নায়কঃ তৰুণ গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ‘‘সোণোৱাল নকলি জাতীয় নায়ক তেওঁৰ দৰে কামিহাড় নথকা মুখ্যমন্ত্ৰী অসমত জন্ম হোৱা নাই।’’ দেওবাৰে এক সংবাদমেলযোগে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে বৰ্তমান অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এইদৰে কটাক্ষ কৰে। সোণোৱালক ‘পুতলা মুখ্য মন্ত্ৰী’ আখ্যা দি তেওঁ লগতে কয়, ‘‘অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সোণোৱালে কেনেদৰে ৰক্ষা কৰিব? মোদীয়ে …

অধিক »