শেহতীয়া খবৰ
Home / Tag Archives: CAB 2016

Tag Archives: CAB 2016

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মেজিৰ জুইত অসমবাসীয়ে জলালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতীক

সোণাৰাম খেলপথাৰত মেজি জ্বলাই নেদেখাজনৰ আগত প্ৰাৰ্থনা মহানগৰবাসীৰ ডিজিটেল ডেস্কঃ আজি ভোগাৰ উৎসৱ ভোগালী। পুৱাই মেজি জ্বলাই অগ্নিদেৱতাৰ আশিস সৈতে সমগ্ৰ ৰাজ্যবাসীয়ে। মহানগৰীৰ ভৰলুমুখৰ সোণাৰাম খেলপথাৰতো আয়োজন কৰা হৈছে ভোগালীৰ মেজি জ্বলোৱা পৰ্ব। স্থানীয় প্ৰবীণ নাগৰিকসকলৰ দ্বাৰা প্ৰজ্বলন কৰা হৈছে মেজি। সমাজৰ সকলো অপায়-অমংগল দূৰ কৰাৰ বাবে অগ্নিদেৱতাৰ আগত প্ৰাৰ্থনা জনাইছে মহানগৰবাসীয়ে। …

অধিক »

স্বাধীন অসম গঠনৰ দাবী তোলাৰ হুংকাৰ ডঃ হীৰেণ গোঁহাইৰ

ভাৰত চৰকাৰে অসমৰ ৰাইজক কৰি অহা শোষণ-প্ৰতাৰণাৰ অন্ত নপৰিলে স্বাধীন অসম গঠনৰ দাবীৰ হুংকাৰ ডঃ হীৰেণ গোঁহাইৰ ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰত চৰকাৰ তথা ৰাষ্ট্ৰ ব্যৱস্থাই অসমৰ ৰাইজক কৰি অহা শোষণ আৰু প্ৰতাৰণাৰ অন্ত নপৰিলে স্বাধীন ৰাষ্ট্ৰৰ দাবী তুলিবলৈ বাধ্য হ’ম বুলি আজি বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে হীৰেন গোঁহায়ে। অসমৰ বিশিষ্ট …

অধিক »

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীক জাতীয় খলনায়ক আখ্যা আছুৰ

ৰশ্মিৰেখা সাউদ কলিতা ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰি সমগ্ৰ ৰাজ্য উত্তপ্ত হৈ  থকাৰ সময়তে  ডিব্ৰুগড়তো ৭০টা  দল-সংগঠনৰ অৱস্থান ধৰ্মঘট, জোঁৰ সমদল, বিধেয়কৰ প্ৰতিকী দাহ, ৰেলপথ অৱৰোধ আদি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে।  ডিব্ৰুগড়ত আজি  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক জাতীয় খলনায়ক আখ্যা দি  সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত …

অধিক »

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে তিনিচুকীয়াত উলংগ প্ৰতিবাদ

সন্তোষ ফুকন, তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত বিগত কেইবামাহো ধৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ পিছতো কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজিও প্ৰতিবাদত কপি  উঠিছে ৰাজ্য। সোমবাৰে তিনিচুকীয়াৰ মাজমজিয়াত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই উলাই  আহি জংগী ৰূপত প্ৰতিবাদ কৰে। সমগ্ৰ …

অধিক »

নতুন দিল্লীত উলংগ প্ৰতিবাদঃ প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬

দিল্লীৰ সংসদ ভৱনৰ সমীপত উলংগ প্ৰতিবাদ উলংগ হৈ প্ৰতিবাদ কৃষক মুক্তিসহ ৭০টা সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবী প্ৰতিবাদকাৰীৰ কটকটীয়া নিৰাপত্তাৰক্ষীৰ সন্মুখতে হঠাৎ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত৷ আটাই কেইগৰকী প্ৰতিবাদকাৰীক লগে লগে আটক কৰি উঠাই লৈ যায় আৰক্ষীয়ে৷

অধিক »

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দৰ্ভত কমিটী গঠন

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দৰ্ভত কমিটী গঠন৷ কেন্দ্ৰীয় চৰকাৰে আজি ঘোষণা কৰে এই উচ্চস্তৰীয় কমিটীখন৷ কমিটীখনৰ অধ্যক্ষতা কৰিব অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া এম পি বেজবৰুৱাই৷ ৯জনীয়া কমিটীখনৰ সদস্যত আছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়া আৰু ৰংবং তেৰাং৷ জ্যেষ্ঠ সাংবাদিক ধীৰেন বেজবৰুৱাৰ লগতে আছুৰ এগৰাকী প্ৰতিনিধি থাকিব এই কমিটীত৷ …

অধিক »

চেঙাৰ বৰাগদিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত  প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ মুছলিম ছাত্ৰ সন্থাৰ

তফিকুৰ ৰহমান, চেঙাঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা আৰু বাতিলৰ দাবীত দেওবাৰে মুছলিম ছাত্ৰ সন্থা, অসমে বিভিন্ন জিলাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জালাল উদ্দিনৰ নেতৃত্বত আৰু বৰপেটা জিলা সমিতিৰ সহযোগত বৰপেটা জিলাৰ …

অধিক »

৮ জানুৱাৰীত ১১ ঘণ্টীয়াৰ অসম বন্ধ ঘোষণা আছুৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ “নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰে গৃহীত হ’ব” বুলি কৈ প্ৰধান মন্ত্ৰী মোদীয়ে অসমত জুই জ্বলাই থৈ যোৱাৰ পিছত ক্ৰমে অধিক তীব্ৰ প্ৰতিবাদৰ অভিমুখে আগ বাঢ়িছে অসম তথা উত্তৰ-পূবৰ জাতীয় দল-সংগঠনবোৰ। বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বাবে গঠিত জেপিচিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছদিনাই, অৰ্থাৎ ৮ জানুৱাৰিত সমগ্ৰ উত্তৰ-পূব স্তব্ধ কৰি …

অধিক »