শেহতীয়া খবৰ
Home / Tag Archives: KMSS

Tag Archives: KMSS

জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ৰাজ্যজুৰি কৃষক মুক্তিৰ প্ৰতিবাদ

প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰিলে পৰিস্থিতি ভয়াৱহ হ’ব : কৃষক মুক্তি গুৱাহাটী, ১৭ জুন : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰিবলৈ লোৱা তৎপৰতাক লৈ আজি ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ সমগ্ৰ ৰাজ্যতে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে সংগঠনটোৱে । …

অধিক »

এনআৰচি প্ৰস্তুতকৰণত বাধা দিয়াৰ পৰিকল্পিত ষড়যন্ত্ৰত চৰকাৰ-প্ৰশাসন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৭ মে’ : বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) প্ৰকাশ হোৱাৰ প্ৰাক্ক্ষণত ৰাজ্যৰ সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে আপত্তি দাখিলৰ নামত ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে এটা চক্ৰই। ৰাজ্যজুৰি সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে এটা চক্ৰই ভুৱা আপত্তি দাখিল কৰি হাৰাশাস্তি কৰিবলৈ ধৰিছে। এনে সময়ছোৱাতেই কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও শুনানি কেন্দ্ৰত এনআৰচিৰ এই …

অধিক »

বিজেপি চৰকাৰ বিদেশীৰ পক্ষত : অখিল গগৈ

বিদেশীক মুক্তি দিয়াৰ শপতনামা সংবিধানবিৰোধী , সৰ্বোচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰে দাখিল কৰা শপতনামাক লৈ সৰৱ অখিল ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ এপ্ৰিল : সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্যত বিদেশী বুলি ঘোষিত ৮২৩জন বন্দীক মুকলি কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্য সচিব আলোক কুমাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত …

অধিক »

নাগৰিকত্ব সংশোধনী বিধেয়ক এখন সাম্প্ৰদায়িক বিধেয়ক, শিলচৰত মোদীৰ হুংকাৰৰ পিছতে সৰৱ সমুজ্জল ভট্টাচাৰ্য

অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব থাকিবই লাগিব ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ এপ্ৰিল ঃ শিলচৰত নিৰ্বাচনী জনসভাত প্ৰচাৰ চলাবলৈ আহি অসমৰ মাটিত থিয় হৈ অসমৰ অস্তিত্বৰ বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিমেই বুলি হুংকাৰ দিয়া নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আছু। বিজেপিয়ে নিজৰ ঘোষণা-পত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি পুনৰ চৰকাৰ …

অধিক »

বিজেপিত ভোট পৰিলে অসমীয়া জাতি আত্মঘাটী জাতি বুলি প্ৰমাণিত হ’ব গেৰুৱা দলৰ নিৰ্বাচনী ইস্তাহাৰক লৈ সৰৱ অখিল

ষ্ফটাফৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ এপ্ৰিলঃ দল-সংগঠনৰ প্ৰতিবাদৰ পিছত সাময়িকভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাটো স্থবিৰ হৈ পৰিছিল যদিও পুনৰ বিজেপি চৰকাৰ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিম বুলি আজি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প-পত্ৰ’ত উল্লেখ কৰাৰ পিছতে গেৰুৱা দলটোৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ। আজি বিজেপিয়ে …

অধিক »

এটকা লোৱা বুলি প্ৰমাণ হ’লে ৰাজহুৱা জীৱন ত্যাগ কৰিম সংবাদমেলত অখিল গগৈৰ বিস্ফোৰণ

অগপ-বিজেপি মিত্ৰজোঁটক ভোট নিদিবলৈ আহবান মুখ্যমন্ত্ৰীক প্ৰত্যাহবান  ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৭ এপ্ৰিল ঃ কালি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সদস্য এগৰাকীয়ে বিজেপিত যোগদান কৰি অখিল গগৈৰ ওপৰত ধন লোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে আজি অসুস্থ অৱস্থাতে সৰৱ হৈ উঠে অখিল গগৈ। উল্লেখ্য যে কালি নিশা প্ৰচণ্ড পেটৰ বিষত আক্ৰান্ত হৈছিল কৃষক …

অধিক »

যোৱা ৪০ বছৰৰ ভিতৰত সৰ্বাধিক সংখ্যক নিবনুৱা সৃষ্টিৰে মোডী চৰকাৰৰ অভিলেখ

বছৰি ২ কোটিকৈ নিবনুৱা সংস্থাপনৰ বিজেপিৰ প্ৰতিশ্ৰুতি অসাৰত পৰিণত বিমুদ্ৰাকৰণত হেৰাল 1 কোটি 27 লাখৰ কৰ্মসংস্থাপন মহানগৰ প্ৰতিবেদক, ৪ এপ্ৰিল ঃ বছৰি ২ কোটিকৈ নিবনুৱা সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি পূৰণত সম্পূৰ্ণৰূপে বিফল হৈছে নৰেন্দ্ৰ মোদী চৰকাৰ। ২০১৪ৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে আগন্তুক ৫ বছৰত ১০ কোটি নিবনুৱাক সংস্থাপন দিয়া হ’ব বুলি …

অধিক »

কংগ্ৰেছ ক্ষমতালৈ আহিলে বাতিল হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক

বলক্ষেত্ৰীত ববিতা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ গণ বাৰ্তা, চামতা, ৪ এপ্ৰিল : অসমীয়াৰ আৱেগ, অনুভূতি তথা জাতীয় সত্তাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক কংগ্ৰেছে কোনোপধ্যেই মানি নলয়। কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰাথমিক পৰ্যায়তে  বিধেয়কখন বাতিল কৰা হ’ব । ইতিমধ্যে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে উক্ত বিষয়ত নিজৰ স্থিতি স্পষ্ট …

অধিক »

বিজেপিৰ প্ৰাৰ্থীৰ তালিকাক লৈ অসন্তুষ্ট আৰএছএছ

কেশৱ ধামত আৰএছএছেৰে মুখ্যমন্ত্ৰী, বিজেপিৰ ৰাজ্যিক সভাপতিৰ বৈঠক ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ মাৰ্চ ঃ বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ অসন্তুষ্ট হৈ পৰিছে আৰএছএছ। বিশেষকৈ বিজেপিৰ ৰাজ্যিক নেতৃত্বই হাই কমাণ্ডৰ অনুমোদন বিচাৰি প্ৰেৰণ কৰা সম্ভাব্য চমু প্ৰাৰ্থী তালিকাত কে’বাজনো জ্যেষ্ঠ নেতাৰ নাম অন্তৰ্ভুক্ত নোহোৱাক লৈ খড়গহস্ত হৈ পৰিছে আৰএছএছ নেতা। যাৰ পৰিপ্ৰেক্ষিতত …

অধিক »

সময়হে কব, বিপিএফে কংগ্ৰেছ, ইউডিএফ, বিজেপি, অগপ- কাৰ সৈতে মিত্ৰতা কৰে: হাগ্ৰামা

গণ বাৰ্তা, কোকৰাঝাৰ, ২৪ ফেব্ৰুৱাৰী ঃ বিপিএফ কাৰো শত্ৰুও নহয়, কাৰো স্থায়ী মিত্ৰও নহয়। সময় অনুযায়ী বিপিএফে কেতিয়াবা কংগ্ৰেছৰ লগত,সময় অনুযায়ী কেতিয়াবা ইউডিএফৰ লগত, কেতিয়াবা বিজেপিৰ লগত আৰু কেতিয়াবা অগপৰ লগত থাকিবলগীয়া হ’ব পাৰে।–এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আজি কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ …

অধিক »