
যাদৱ পায়েং(মুলাই) আৰু পূৰ্ণিমা দেৱী বৰ্মণলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ তম্ সমাৱৰ্তন বুধবাৰে যোৰহাটস্থিত মুল চৌহদত অনুষ্ঠিত হ’য়। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যৰ পৌৰহিত্যত অনুষ্ঠিত সমাবৰ্তনত অসম কৃষি আয়োগৰ অধ্যক্ষ ড: হৰিশংকৰ গুপ্তাই সমাবৰ্তনৰ ভাষণ প্ৰদান কৰে ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ।সমাবৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং(মুলাই) আৰু গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মণক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয় পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰা ৫৪৮ শিক্ষাৰ্থীক আনুষ্ঠানিক ভাৱে ডিগ্ৰী প্ৰদান কৰাৰ লগতে সোণৰ পদক আৰু অন্যান্য পুৰস্কাৰ সমুহো প্ৰদান কৰা হ’য়।