
শিৱসাগৰৰ আগ শাৰীৰ শিক্ষানুষ্ঠান নিউ লুক একাডেমীয়ে উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত একাদশ বৰ্ষতো সফলতাৰ ধাৰা অব্যাহত ৰাখিছে ।

এইবাৰ বিদ্যালয়খনৰ পৰা মুঠ বিয়াল্লিছ গৰাকী পৰীক্ষাৰ্থী উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । আটাইকেইগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈ বিদ্যালয়খনৰ সফলতাৰ পূৰ্বৰ ধাৰা অব্যাহত ৰাখিলে । ইয়াৰে ১৯(উনৈশ) গৰাকীয়ে ডিষ্টিংশ্বন, ১৫(পোন্ধৰ)গৰাকীয়ে ষ্টাৰ আৰু ৮(আঠ) গৰাকী পৰীক্ষাৰ্থী লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হয় । উল্লেখযোগ্য যে ২০১৪ চনত বিদ্যালয়খনৰ পৰা প্ৰথম দল ছাত্ৰ-ছাত্ৰী উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তেতিয়াৰ পৰা এই বছৰলৈকে বিদ্যালয়ৰ সকলো পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অসমৰ শৈক্ষিক জগতত সফলতা এক অভিলেখ সৃষ্টি কৰিছে ।

এইবাৰ জোনাক জিল মিল বৰুৱাই ভূগোল বিষয়ত ৯৯ নম্বৰ লাভ কৰি ভূগোল বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপকৰ সন্মান কঢ়িয়াই অনাৰ উপৰি আন তিনি গৰাকী পৰীক্ষাৰ্থী -অভিজ্ঞান দিহিঙীয়া, অঞ্চিত শইকীয়া আৰু অনুৰাগ বৰুৱাই উচ্চ গনিতত ১০০ নম্বৰেৰে ৰাজ্যৰ ভিতৰত উচ্চ গণিততো সৰ্বোচ্চ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । ছাত্ৰ-ছাত্ৰী সকলৰ সফলতাত বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী শ্ৰীমন্ত বৰঠাকুৰে সন্তোষ প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনাইছে । বিদ্যালয়খনৰ এনে ঈৰ্ষণীয় সফলতাত অভিভাৱক-অভিভাৱিকাসকলে বিদ্যালয়ৰ সকলোৰে শলাগ লোৱাৰ লগতে শিৱসাগৰৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।