
জিলাত আহিব ঘণ্টাত ৪০ কিলোমিটাৰ গতিত ধুমুহা-বৰষুণ!
গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ১২খন জিলাত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে। ৩০-৪০ কিমি গতিত ধুমুহা আৰু ব্ৰজপাতৰ সম্ভাৱনা।

আগন্তুক ৩ ঘণ্টাত ৰাজ্যৰ ১২খনকৈ জিলাত হ’ব ধাৰাসাৰ বৰষুণ। গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী।
বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা জিলাত আগন্তুক ৩ ঘণ্টাৰ ভিতৰত হ’ব ধাৰাসাৰ বৰষুণ।
কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), কোকৰাঝাৰ, নলবাৰী, দক্ষিণ শালামাৰা জিলাত আগন্তুক ৩ ঘণ্টাৰ ভিতৰত হ’ব ধাৰাসাৰ বৰষুণ।
১২খনকৈ জিলাত ধুমুহা বৰষুণৰ লগতে ব্ৰজপাত অহাৰ সম্ভাৱনা আছে।
জিলাকেইখনত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিত ধুমুহা অহাৰ সম্ভাৱনা আছে।