
চৰকাৰী তথ্যই মুখা খুলিছে তদানীন্তন অধ্যক্ষ জামানৰ
বাক্ফৰ ভূমি বেদখলক লৈ বিভিন্ন সময়ত সৰৱ হৈ
থকা দেখিবলৈ পোৱা যায় অধিবক্তা নেকিবুৰ জামানক। বিশেষকৈ বাক্ফ্ফৰ সম্পত্তি বেদখলক লৈ এটা চক্রই লুটি-পুতি খাই আছে বুলিও অভিযোগ কৰি অহা নেকিবুৰ জামানৰ একপ্ৰকাৰ যেন মুখা খোল খাইছে। অসম বাক্ফ্ফব’ৰ্ডৰ অধ্যক্ষ হৈ থকা সময়ছোৱাত নেকিবুৰ জামানে বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্রহণ কৰা দূৰৰে কথা, এইগৰাকী তদানীন্তন অধ্যক্ষৰ কাৰ্যকালতে সর্ববৃহৎ লুণ্ঠন চলাৰ তথ্য পোহৰলৈ আহিছে। সততে বিভ্রান্তিকৰ তথ্যৰে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰি অহা নেকিবুৰ জামানে কেৱল ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতে নহয়, ব’ৰ্ডত ব্যাপক অনিয়মেৰে লুণ্ঠন চলাই নিজৰ ব্যক্তিগত পুঁজি টনকিয়াল কৰাৰ অভিযোগ উঠিছে। চৰকাৰী তথ্যতেই নেকিবুৰ জামানৰ লুণ্ঠনৰ দস্তাবেজ পোহৰলৈ আহিছে। আনৰ পিঠাৰে বিহু পতা নেকিবুৰ জামানৰ একপ্ৰকাৰ দুমুখীয়া চৰিত্ৰ পোহৰলৈ আহিছে। আন কথা বাদেই, নেকিবুৰ জামানৰ কাৰ্যকালতে বাজহ সংগ্রহব ক্ষেত্রত ব্যাপক অনিয়ম দেখা গৈছিল। যিগৰাকী নেকিবুৰ জামানে সঘনাই সংবাদ মাধ্যমৰ আগত বাক্ত ব’ৰ্ডত দুর্নীতি সংঘটিত হোৱাৰ অভিযোগেৰে তাৰ তদন্তৰ দাবী উত্থাপন কৰি আহিছে, সেইগৰাকী ব্যক্তিৰ কৰ্যকালতে একপ্ৰকাৰ বাক্ফ ব’ৰ্ড লুণ্ঠনৰ ঘাটিত পৰিণত হৈছিল। উল্লেখ্য যে বর্তমানলৈকে ৰাজ্যত ১৮১টা বাক্ফ সম্পত্তি নিয়ন্ত্রণত ব’র্ড আছে। রক্ত হৈছে ইছলাম ধর্মীয় নীতি, য’ত এজন ব্যক্তিয়ে নিজৰ সম্পত্তি আল্লাহ বা সামাজিক কামৰ বাবে দান কৰে। ঠিক তেনেকৈ অসমত কেইবাহাজাৰ বিঘা মাটি ধর্মপ্রাণ ব্যক্তিসকলে দান কৰিছিল। ইয়াৰ পৰা যি আয় হ’ব সেই আয়েৰে দবিদ্র, মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক আর্থিক সাহায্য দিয়া হয়। নেকিবুৰ জামানৰ কাৰ্যকালত ৱাফত কেনেদৰে দুর্নীতি-অনিয়ম সংঘটিত হৈছিল তাৰ তথ্য বিধানসভাৰ মজিয়াতে দাখিল কৰা প্রতিবেদনত স্পষ্টভাবে উল্লেখ আছে। অসম বিধানসভাত চেঙা সমষ্টিৰ বিধায়ক আশ্রাফুল হুছেইনে সংখ্যালঘু কল্যাণ বিভাগৰ মন্ত্ৰীৰ পৰা কেইটামান তথ্য জনাৰ বাবে প্রশ্ন কৰিছিল যে অধিবক্তা নেকিবুৰ জামানৰ অধ্যক্ষতাত গুৱাহাটীৰ মাজমজিয়াৰ ফাঁচীবজাৰত থকা এটা বহুমূলীয়া সম্পত্তিৱাহিদুৰ ৰহমান ৱাক্ফ এষ্টেটৰ সম্পত্তিৰ পৰা কিমান ৰাজহ সংগ্ৰহ হৈছিল আৰু তেওঁৰ কার্যকালৰ অন্তত সেই একেটা সম্পত্তিৰ পৰা কিমান টকাৰ ৰাজহ সংগ্ৰহ হৈছিল? আমি জনাত সততে ৱাক্ফ ব’ৰ্ডক লৈ অধিবক্তাজনে আবোল-তাবোল বক্তব্যৰে যি তথ্য ৰাইজৰ আগত দাঙি ধৰে, সেয়া প্রকৃততে কিমান সত্য তাক লৈহে সন্দেহ আছে। বিধানসভাৰ মজিয়াত দাখিল কৰা তথ্য মতে, প্রাক্তন অধ্যক্ষ নেকিবুৰ জামানৰ অধ্যক্ষতাৰ কালত ২০১৪ চনৰ ২৮ জুনৰ পৰা সংগ্ৰহ কৰা ৰাজহ ধনৰ পৰিমাণৰ ৫৭৭৫০ টকা। একেদৰে ২০১৫ৰ পৰা ২০১৬ লৈ আছিল ৭১৪০০ টকা। সেইদৰে ২০১৬ৰ পৰা ২০১৭ লৈ ৯২৪০০ টকা। আকৌ ১ এপ্রিল ২০১৭ৰ পৰা ১১ ছেপ্টেম্বৰ ২০১৭ লৈ ৫৩৭০০ টকা ৰাজহ সংগ্ৰহ হয়। অর্থাৎ নেকিবুৰ জামানৰ চাৰিবছৰীয়া কার্যকালত সংগ্রহ হোৱা মুঠ ৰাজহ আছিল ২,৭৫,২৫০ টকা, অর্থাৎ দুই লাখ পইসত্তৰ হাজাৰ দুশ পঞ্চাশ টকা। এতিয়া প্রশ্ন হয়- বহিদুৰ ৰহমান ৱাক্ফ সম্পত্তিৰ দৰে ইমান মূল্যৱান সম্পত্তিৰ পৰা ইমান কম ৰাজহ সংগ্ৰহ কৰাটোৱে সাধাৰণ জনতাৰ চকু কপালত তুলিছে। প্রশ্ন উঠিছে- ইয়াৰ ওপৰঞ্চি ধনখিনি কাৰ পকেটত সোমাল সি এতিয়া এক ডাঙৰ প্রশ্ন। সংবাদ মাধ্যমৰ আগত দপদপাই থকা ব্যক্তিজনে চাৰিটা বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ২,৭৫,২৫০ টকাৰ বিপৰীতে তেওঁৰ কাৰ্যকালৰ অতন্ত্য পৰাৰ পৰৱৰ্তী বৰ্ষতে একে ঠাইৰ পৰা ব’ৰ্ডে একে বছৰতে সংগ্ৰহ কৰিবলৈ সক্ষম হ’ল ৫,৬৪,২৯৪ টকা। এইদৰে ১২ ছেপ্টেম্বৰ ২০১৭ৰ পৰা ৩১ মার্চ ২০১৮ লৈ ৫,৬৪,২৯৪ টকা বাজহ, ২০১৮-ৰপৰা ১০১৯ বৰ্ষত ১৪,৬১,৬৯২ টকা, ২০১৯ব পবা ২০২০ বর্ষত ২৮,১৪,৮৫৬ টকা, ২০২০ৰ পৰা ২০২১ বৰ্ষত ৩৪,৭৫,৫২৩ টকা ৰাজহ, ২০২১ পৰা ২০২২ বৰ্ষত ৪৮,৪৩,৩৪ টকা এইদৰে বাঢ়ি গৈছে। এতিয়া প্রশ্ন হয়- অধিবক্তা নেকিবুৰ জামানৰ কাৰ্যকালত ৰাজহ সংগ্ৰহ নিম্নগামী হোৱাৰ আঁৰৰ ৰহস্য কি? চৰকাৰী তথ্যৰ পৰাই প্রমাণিত হয় যে সততে বাক্ফ সম্পত্তিক লৈ সৰৱ হৈ পৰা নেকিবুৰ জামানৰ কার্যকালতে ৰাজহ সংগ্ৰহত গুৰুত্ব প্ৰদান নকৰি অনিয়মেৰে চলোৱা হৈছিল সর্ববৃহৎ লুণ্ঠন। এক কথাত ক’বলৈ গ’লে, নেকিবুৰ জামানেই রাল্ফ সম্পত্তিৰ লুণ্ঠনৰ এক অভিলেখ গঢ়িছিল।