
অসম গৰিয়া পৰিষদৰ উদ্যোগত আৰু মহানগৰ জিলা সমিতিৰ সহযোগত ৯ এপ্রিলত গুৱাহাটী শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এহেজাৰতকৈ অধিক শিল্পীয়ে একেলগে ‘মোৰ মনত ভেদ ভাব নাই অ’ আল্লা, মোৰ মনত ভিন পৰ নাই’ শীর্ষক জিকিৰটো পৰিৱেশন কৰি হিন্দু-মুছলমানৰ ভাতৃত্ববোধৰবাৰ্তা পুনৰ সমাজলৈ বিয়পাই দিয়া দিনজোৰাকৈ অনুষ্ঠিত হোৱা ‘জিকিৰ গাওঁ আহক’ শীর্ষক কার্যসূচী আৰু ইয়াৰ সমান্তৰালভাৱে সদৌ অসম ভিত্তিত আয়োজন কৰা জিকিৰ আৰু জাৰী প্রতিযোগিতাৰ সফল সামৰণি অনুষ্টানত উপস্থিত থাকি দৈনিক গণ অধিকাৰ কাকতৰ পৰিচালন সম্পাদক ছাজাহান তালুকদাৰে উদ্যোগতা সকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ অভিমত প্ৰকাশ কৰে যে, “অসমৰ উজনি নামনি তথা বৰাক-ব্ৰহ্মপুত্ৰ আদি অঞ্চললৈ এনে ধৰণৰ অনুষ্ঠানে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ তথা বিভিন্ন ধৰ্মালম্বী জনগণৰ মাজত ভাতৃত্ববোধৰ এক সুদুৰ প্ৰভাৱ পৰিব”
https://www.facebook.com/share/v/16G2hWGGhz