
কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিংছক ৫৯ টা বল বাকী থকা অৱস্থাত ৮ উইকেটত পৰাস্ত কৰে । এই মেচখনৰ নায়ক আছিল সুনীল নাৰিন ৷

আই পি এল ২০২৫ ৰ শুকুৰবাৰৰ মেচখনত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিংছক ৫৯ টা বল বাকী থকা অৱস্থাত ৮ উইকেটত পৰাস্ত কৰে । চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ঘৰুৱা খেলপথাৰত পৰাজয়ৰ সন্মুখীন হোৱা এইখন আছিল এম এছ ধোনীৰ আই পি এল ২০২৫ ত অধিনায়ক হিচাপে প্ৰথমখন মেচ ।
৬ খন মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ এয়া তৃতীয়টো জয় ৷ আনহাতে, চেন্নাই ছুপাৰ কিংছৰ ৬ খন মেচত এয়া আছিল পঞ্চমটো পৰাজয় ।
এই মেচখনত কলকাতাৰ অধিনায়ক আজিংক্য ৰাহানে টছত জয়লাভ কৰি চেন্নাইক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷ যাৰ বাবে প্ৰথমে বেট ধৰি চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১০৩ ৰাণ ৷ দলটোৱে কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখত সহজ লক্ষ্য বান্ধি দিয়ে ৷
১০.১ অভাৰত দুটা উইকেট হেৰুৱাই ১০৭ ৰাণ সংগ্ৰহ কৰি কে কে আৰে এই লক্ষ্যত উপনীত হৈ ৮ উইকেটত মেচখনত জয়লাভ কৰে ।
সুনীল নাৰিন আৰু কুইণ্টন ডি ককে কে কে আৰৰ জয়ৰ মূল নায়ক বুলি ক’ব পাৰি । কলকাতাৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে নাৰিনে । দুটা চাৰি আৰু ৫ টা ছয়ৰ সহায়ত ক্ৰিকেটাৰগৰাকীয়ে ১৮ টা বলত ৪৪ ৰাণৰ ইনিংছ খেলে । অৱশ্যে প্ৰতিপক্ষৰ নুৰ আহমেদে তেওঁক পেভিলিয়নৰ বাট দেখুৱায় ৷
সুনীলৰ বাহিৰেও ডি ককে ২৩ ৰাণ সংগ্ৰহ কৰে । আজিংক্য ৰাহানে অপৰাজিত ২০ ৰাণ আৰু ৰিংকু সিঙে অপৰাজিত ১৫ ৰাণ সংগ্ৰহ কৰি দলক বিজয় প্ৰদান কৰে ৷ চি এছ কেৰ হৈ নুৰ আহমেদ আৰু অংশুল কাম্বোজে এটাকৈ উইকেট দখল কৰে ।
এই মেচখনত নাৰিনে বলৰ সৈতেও উন্নত প্ৰদৰ্শন আগবঢ়ায় । তেওঁ ৪ অভাৰত ১৩ ৰাণ ব্যয় কৰি ৩ টা উইকেট দখল কৰে । সুনীলে ৰাহুল ত্ৰিপাঠী (১৬), ৰবীন্দ্ৰ জাদেজা (০) আৰু এম এছ ধোনী (১) ক পেভিলিয়নৰ বাট দেখুৱায় ৷
টছত হাৰি প্ৰথমে বেটিং কৰাৰ পিছত চেন্নাই ছুপাৰ কিংছে মাত্ৰ ১০৩ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দলটোৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে শিৱম দুবেই । ২৯ টা বলত ৩ টা চাৰিৰে ৩১ ৰাণ আৰু বিজয় শংকৰে ২১ টা বলত ২ টা চাৰি আৰু এটা ছয়ৰে অপৰাজিত ২৯ ৰাণ সংগ্ৰহ কৰে ৷
এই দুজনৰ বাহিৰে তাৰকাৰে ভৰা চি এছ কে দলটোৰ আন কোনো বেটছমেনে ২০ ৰাণৰ সীমাও স্পৰ্শ কৰিব নোৱাৰিলে । কে কে আৰৰ হৈ সুনীল নাৰিনে ৩ টা, বৰুণ চক্ৰৱৰ্তী আৰু হৰ্ষিত ৰাণাই দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে বৈভৱ অৰোৰা আৰু মইন আলীয়ে এটাকৈ উইকেট দখল কৰে ।