
চৰকাৰী গাওঁ প্ৰধান ছিদ্দিক আলী আৰু কংগ্ৰেছ দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আলম হুছেইন সহ কেইবাজনে মিলি সংঘঠিত কৰিলে এই জঘন্য কাণ্ড।এই জঘন্য ঘটনাটো সংঘটিত হৈছে ধিঙৰ বেছামাৰীৰ এগৰাকী ১৪ বছৰীয়া নাবালিকা ছাত্ৰীৰ সৈতে।অভিযোগ অনুসৰি,গধুলি নাৱালিকা ছাত্ৰী গৰাকী ৰাস্তাৰে গৈ থকা অৱস্থাত চৰকাৰী গাওঁ প্ৰধানৰ ভতিজা লম্পট মেহেদি আলমে ৰাস্তাৰ পৰা চোঁচৰাই ঘৰলৈ নি অসৎ চৰিত্ৰাৰ্থে নাৱালিকাৰ গোপন অংগত হাত দিয়ে ।সেই সময়ত নাৱালিকা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত পৰিয়ালৰ লোকে গম পায় গাওঁ প্ৰধানৰ ঘৰত উপস্থিত হৈ মূমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে নাবালিকা গৰাকীক।অসৎ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই চৰকাৰী গাওঁ প্ৰধান ছিদ্দিক আলী আৰু তেওঁৰ পুত্ৰ তথা বেছামাৰি গাওঁ পঞ্চায়তৰ কংগ্ৰেছ দলৰ সদস্য পদৰ প্ৰাৰ্থী আলম হুছেইন, লম্পট মেহেদি আলম, নাইম উদ্দিন আৰু ছহিদুল ইছলাম সহ এটা দলে নাৱালিকা গৰাকীক ঘৰৰ দৰ্জা বন্ধ কৰি বেয়াকৈ প্ৰহাৰ কৰে ।আৰু এই সমগ্ৰ ঘটনা ঘাপ দিবলৈ গাওঁ প্ৰধান সহ কংগ্ৰেছৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আলম হুছেইন, মেহিদি আলম সহ দুৰ্বৃত্তৰ দলটোৱে নাবালিকা গৰাকীক সত্যাৰ অপচেষ্টা চলাওতে পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত উদ্ধাৰ কৰে নাৱালিকা গৰাকীক।বৰ্তমান নগাঁৱৰ এখন ব্যক্তিগত হস্পিতালৰ আই,চিউৰ কোঠাত মৃত্যুৰ সৈতে যুঁজি আছে নাবালিকা গৰাকী।ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি আহোমগাঁও আৰক্ষী চকীত এখনি এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকেআৰু এই এজাহাৰৰ ভিত্তিত ইতিমধ্যে আহোমগাঁও আৰক্ষীয়ে গাওঁ প্ৰধানছিদ্দিক আলীক আটক কৰি সুদ-পোচ অব্যাহত ৰাখিছে।