
ব’হাগ বিহুটি প্ৰতিজন অসমীয়াৰ বাবে মান আৰু এই বিহুটো প্ৰতিজন অসমীয়াই উলহ-মালহেৰে পালন কৰা দেখিবলৈ পোৱা যায়৷ তিনিটা বিহুৰ ভিতৰত প্ৰধান ৰঙালী বিহু৷ চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয় ব’হাগ বিহু বা ৰঙালী বিহু সাত বিহু বুলিও জনা যায়৷ এই সাত বিহুৰ প্ৰথম দিনাই হ’ল গৰু বিহু৷ ৰঙালী বিহু উপলক্ষে উজনিৰ পৰা নামনিলৈ সকলোতে দেখা যায় উখল-মাখল পৰিৱেশ৷ চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু৷ এই দিনটোত অসমীয়া ৰাইজে ঘৰৰ গোহালিৰ গৰুকেইটাৰ মংগল তথা সু-স্বাস্থ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।