
আমাৰ সমাজত অতীতৰ পৰা প্ৰচলিত এবিধ খাদ্য হৈছে পঁইতা ভাত।
বহুতৰে প্ৰিয় এই পঁইতা ভাত। আগদিনা ৰাতি ৰন্ধা আলুৱা বা উখোৱা চাউলৰ ভাত পানী দি তিয়াই থৈ পুৱা পঁইতা ভাত বহুলোকেই খায়। পঁইতা ভাতক বহুতে পন্তা ভাত বুলিও কয়। পঁইতা ভাত সোৱাদ অলপ টেঙা হয়। টেঙা হোৱাৰো এটা বিশেষ কাৰণ আছে।ইয়াত ভাত আৰু পানীৰ সংমিশ্ৰণত বেক্টেৰিয়াই ফাৰমেনটেচন কৰে। সেয়ে ইয়াৰ সোৱাদ টেঙা হয়। অসমত বিশেষকৈ ব’হাগ বিহুৰ উৰুকা দিনা পঁইতা ভাতৰ সৈতে আমৰলি পৰুৱাৰ টোপ খোৱাৰ এক বিশেষ নিয়ম আছে আৰু এই নিয়ম অসমৰ প্ৰতিজন অসমীয়াই মানি আহিছে।
পঁইতা ভাতৰ ব্যতিক্ৰমী জুতি থকাৰ লগতে পঁইতা ভাতৰ আছে বহু ঔষধি গুণ। পঁইতা ভাত খালে আমাৰ বহু উপকাৰ হয়। এই সন্দৰ্ভত চিকিৎসক প্ৰাঞ্জল চেতিয়াই কয় যে, পঁইতাভাতত যথেষ্ট কাৰ্ব’হাইড্ৰেট থাকে সেয়ে ই শৰীৰৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে। পঁইতাভাতত ভিটামিন ‘বি’ আৰু মাইক্ৰ’ অৰ্গেনিক তৈয়াৰ হয় আৰু ই মানুহৰ পাকস্থলীৰ ঘা আৰু বিভিন্ন পেটৰ ৰোগ নিৰাময় কৰাত সহায় কৰে।
পঁইতাভাতে ভিটামিন ই সংশ্লেষণৰ দ্বাৰা দেহৰ মৃতকোষসমূহ সক্ৰিয় কৰি তোলাত সহায় কৰে। পঁইতাভাতে মানুহৰ শৰীৰৰ ভাগৰ দূৰ কৰে। মানুহৰ কৰ্মশক্তি বঢ়ায় আৰু শৰীৰটোক শীতল কৰি ৰাখে। এই ভাত খোৱাৰ ফলত মানুহৰ কোষ্ঠকাঠিন্য দূৰ হয়। পঁইতাভাত খালে মানুহৰ গেছৰ সমস্যা নাইকিয়া হৈ যায়। পঁইতা ভাতত থকা প্ৰ’টিনে মানুহক দীৰ্ঘায়ু কৰি তোলে।