শেহতীয়া খবৰ
Home / আঞ্চলিক / মহানগৰ

মহানগৰ

গুৱাহাটী প্ৰেছ ক্লাবত মেডিয়া অ’পিডি ক্লিনিক সম্পন্ন

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ আগশাৰীৰ চিকিৎসালয় ছানভেলী হস্পিটেলৰ  উদ্যোগত আজি শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ কাৰণে এক বিনামূলীয়া মেডিয়া অ’পিডি ক্লিনিক শিবিৰৰ আয়োজন কৰা হৈছিল। আজিৰ এই শিবিৰত অংশগ্ৰহণকাৰী সকলে ডাঃ তপন শৰ্মা আৰু  ডাঃ এম ইউ  আহমেদৰ পৰা  স্বাস্থ্য সম্বন্ধীয় পৰামৰ্শ লাভ কৰে। প্ৰায়  ২৫ গৰাকী সংবাদিকে অংশগ্ৰহণ কৰা শিবিৰত স্বাস্থ্য …

অধিক »

২০ প্ৰয়াত শিল্পী  পৰিয়াললৈ এককালীন সাহায্যৰ ঘোষণা

১৪ শিল্পী  পৰিয়াললৈ পেঞ্চন ঘোষণা ৰাজ্য চৰকাৰৰ মহানগৰ প্ৰতিবেদক, ১৪ আগষ্টঃ স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত ৰাজ্য চৰকাৰে প্ৰয়াত ২০জন শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য ঘোষণা কৰিছে। মঙলবাৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰয়াত বিশজন শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই বিশজন শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য স্বাধীনতা দিৱসৰ …

অধিক »

এছঅ’পিৰ নিৰ্দেশনা উলংঘা কৰি নিশাৰ ভিতৰতেই হাজাৰ হাজাৰ এনআৰচিৰ জাননী প্ৰেৰণ

এজন ব্যক্তিক এটা দিনতেই ভিন্ন স্থানলৈ শুনানিৰ জাননী ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, চমুকৈ এনআৰচিক লৈ শেহতীয়াকৈ ভয়াৱহ ষড়যন্ত্ৰ চলিছে। এনআৰচিৰ পুনৰ শুনানিৰ নামত চলিছে ভয়ংকৰ চক্ৰান্ত। এটা নিশাৰ ভিতৰতেই হাজাৰ হাজাৰ শুনানিৰ জাননী প্ৰেৰণ কৰি সৰ্বসাধাৰণ ৰাইজক আতংকিত কৰি তুলিছে। এছঅ’পিৰ নিয়ম অনুসৰি এগৰাকী ব্যক্তিক শুনানিলৈ মাতিবলৈ হ’লে …

অধিক »

অসমৰ বন্যাৰ্তক সহায়ৰ বাবে অমৃত চিমেণ্টে মুকলি কৰিলে ‘এটা স্বাক্ষৰ পাচ টকা’ শীৰ্ষক অভিযান

ডিজিটেল সংবাদ, গুৱাহাটীঃ উত্তৰ পূৱৰ আগশাৰীৰ চিমেণ্ট প্ৰস্তুতকাৰী প্ৰতিষ্ঠান অমৃত চিমেণ্টে অসমৰ বানাক্ৰান্ত লোকসকলক সহায়ৰ বাবে এক ব্যতিক্ৰমী তথা বৃহৎ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচী গ্ৰহণ কৰিছে। শেহতীয়াকৈ সমগ্ৰ অসমতে বানে অতি ভয়াবহ ৰূপ ধাৰণ কৰি বিশৰো অধিক জিলাৰ ৫০ লাখৰো অধিক লোকক আক্ৰান্ত কৰিছে। সমগ্ৰ ৰাজ্যখনতে পঞ্চাশ লাখৰো অধিক লোক বানাক্ৰান্ত হোৱাৰ …

অধিক »

এন. ই. এফ. মহাবিদ্যালয়ত ড০ ৰিংকু বৰাৰ গৱেষণা গ্ৰন্থ ‘Gender and Society’ উন্মোচন

“সমাজৰ পৰা লিংগ বৈষম্য আঁতৰাবলৈ আমি সক্ৰিয় পদক্ষেপ লোৱা উচিত”- ড° ঘনশ্যাম নাথ ডিজিটেল সংবাদ, গুৱাহাটীঃ “লিংগ বৈষম্যই সমাজৰ গতিশীলতা ৰুদ্ধ কৰি আহিছে ৷ এই অসমতা আঁতৰ কৰিব নোৱাৰিলে একবিংশ শতিকাৰ কল্পনাৰ সমাজখন আমি লাভ কৰিব নোৱাৰিম ৷ সমাজৰ পৰা লিংগ বৈষম্য আঁতৰাবলৈ আমি সক্ৰিয় পদক্ষেপ লোৱা উচিত ৷“ ২৮ জুনত …

অধিক »

হৃদযন্ত্ৰ ৰোগে গুৱাহাটীত ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছেঃ মহানগৰীৰ চিকিৎসক

ডিজিটেল সংবাদ, গুৱাহাটীঃ সৰ্বাধিক হৃদযন্ত্ৰৰ ৰোগৰ বাবে উদ্বিগ্ন হৈ পৰিছে মহানগৰীৰ হৃদৰোগ বিশেষজ্ঞসকল৷ চিকিৎসকসকলৰ মতে, গুৱাহাটীৰ ৪০-৫০ শতাংশ নাগৰিকে অত্যধিক মাত্ৰাৰ বেয়া কলেষ্ট্ৰলৰ সৈতে জীৱন নিৰ্বাহ কৰি আছে৷ যি পোনপটীয়াভাৱে হৃদযন্ত্ৰৰ বিভিন্ন ৰোগ, যেনে- হাৰ্ট ফেইলৰ বা এটেকৰ সৈতে জড়িত৷ অত্যধিক পৰিমাণে বেয়া কলেষ্ট্ৰল থকাৰ পাছতো মানুহে জ্ঞাতসাৰে বা অজ্ঞাতভাৱে …

অধিক »

আৰোগ্য ছোচাইটি আৰু গিভ গুৱাহাটী ফাউনডেচনৰ যৌথ উদ্যোগত মহানগৰীত বৃক্ষৰোপন কাৰ্য্যসূচী

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী হাতীগাঁওস্থিত হাতীগাঁও হাইস্কুল প্ৰাঙ্গণত আজি স্বেচ্ছাসেৱী সংগঠন আৰোগ্য ছোচাইটি আৰু গিভ গুৱাহাটী ফাউনডেচনৰ যৌথ উদ্যোগত এখনি বৃক্ষৰোপন কাৰ্য্যসূচী অনুষ্ঠিত হৈ যায়৷ বিশেষকৈ উঠি অহা প্ৰজন্মৰ মাজত পৰিৱেশৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে স্কুলীয়া ছাত্ৰ-ছাত্ৰসকলক লগত ৰাখি বিদ্যালয় প্ৰাঙ্গণত বৃক্ষৰোপনৰ কাৰ্য্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে আৰোগ্য …

অধিক »

আব্দুৰ ৰহমান চিকদাৰৰ গ্ৰন্থ ‘নাগৰিকত্বৰ গোচৰত ন্যায়ৰ অন্বেষণ’ উন্মোচন

অসম চুক্তিৰ ভিত্তিতে চিনাক্ত হ’ব লাগে বাংলাদেশীঃ উদয়াদিত্য ভৰালী ভাৰতীয় হোৱাৰ পিছতো ভগনীয়া সংখ্যালঘুক বাংলাদেশী সজাই হাৰাশাস্তি কৰা হৈছেঃ অনন্ত কলিতা ডিজিটেল সংবাদ, গুৱাহাটীঃ লেখক তথা জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰহমান চিকদাৰৰ ‘নাগৰিকত্বৰ গোচৰত ন্যায়ৰ অন্বেষণ’ গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। শনিবৰে গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থখনৰ প্ৰকাশক ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিয়ে …

অধিক »

গুৱাহাটীক ধঁপাতমুক্ত মহানগৰী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে প্ৰথম বাৰৰ বাবে ৰাজপথত খোজ কাঢ়িলে প্ৰায় সাত শতাধিক লোকে

গ্লোবেল এডাল্ট টবাকো ছাৰ্ভে অনুসৰি অসমত ২৫.৩% পুৰুষ , ০.৮% মহিলা আৰু ১৩.৩% প্ৰাপ্তবয়স্ক লোকে ধোঁৱাযুক্ত ধঁপাত সেৱন কৰে। ইয়াৰ বিপৰীতে ৫০.৫% পুৰুষ , ৩২.৫% মহিলা আৰু ৪১.৭% প্ৰাপ্তবয়স্ক লোকে ধোঁৱাবিহীন ধঁপাত ব্যৱহাৰ কৰে। সমীক্ষাটোৰ মতে প্ৰথমবাৰৰ বাবে ধঁপাত ব্যৱহাৰকাৰী যুৱ প্ৰজন্মৰ সংখ্যা পূৰ্বৰ ১৮.১% ৰ তুলনাত ১৮.৫% লৈ বৃদ্ধি …

অধিক »

গুৱাহাটীত উদ্ধাৰ চাৰি লক্ষাধিক টকাৰ বাৰ্মিছ চিগাৰেট

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৃহস্পতিবাৰে বিয়লি গুৱাহাটীৰ সাতগাঁও নপাৰাৰ পৰা জব্দ কৰা হয় চাৰি লক্ষাধিক বাৰ্মিছ চিগাৰেট ৷ উদ্ধাৰ হোৱা চিগাৰেটসমুহৰ ৪৩ টা কাৰ্টুন জব্দ কৰা হয় ৷ ৪৩ টা কাৰ্টুনত আছে ৫০ টাকৈ চিগাৰেটৰ পেকেট ৷ এক বিশেষ সূত্ৰৰ অধীনত অতিৰিক্ত অধীক্ষক দেৱ দত্তৰ তত্বাৱধানত চিআইডিৰ এটি দল আৰু সাতগাঁও …

অধিক »