শেহতীয়া খবৰ
Home / আঞ্চলিক / ডিটেনচন কেম্পত বন্দী মধুবালাৰ ঘৰত আমছুৰ সঁজাতী দল

ডিটেনচন কেম্পত বন্দী মধুবালাৰ ঘৰত আমছুৰ সঁজাতী দল

চিৰাঙৰ পৰা সঞ্জয় সৰকাৰ আৰু ৰিমো সেন, ৯ জুন ঃ নামৰ কিছু মিল থকাৰ বাবে মৃত মধুবালা নমঃদাসৰ সলনি মধুবালা মণ্ডল নামৰ দৰিদ্ৰ মহিলাগৰাকীক বিদেশী সজাই বিগত প্ৰায় তিনি বছৰ ধৰি ডিটেনচন কেম্পত আবদ্ধ কৰি ৰখাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু)ৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে আমছুৰ সভাপতিগৰাকীৰ নেতৃত্বত যোৱা এটি সঁজাতী দলে আজি চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত বিষ্ণুপুৰস্থিত মধুবালা মণ্ডলৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। লগতে অতিকে দৰিদ্ৰ পৰিয়ালটিক আমছুৰ তৰফৰ পৰা আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা কয়।

লগতে বৈধ ভাৰতীয়ৰ নথি-পত্ৰ মজুত থকা ভাৰতীয় লোকক অবৈধভাৱে তথা ষড়যন্ত্ৰমূলকভাৱে একপ্ৰকাৰ টাৰ্গেট হিচাপে লৈ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু লোকসকলক অসম চৰকাৰৰ সীমান্ত আৰক্ষী আৰু বিদেশী ন্যায়াধিকৰণে বিদেশীৰ নামত কৰি অহা অযথা হাৰাশাস্তিৰ অভিযোগ কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ লগতে কয় যে চৰকাৰে এতিয়ালৈ বিদেশী সন্দেহত ডিটেনচন কেম্পত বন্দী কৰা সকলো ভাৰতীয় নাগৰিকৰ গোচৰসমূহ পুনৰীক্ষণ কৰি মুক্তিৰ ব্যৱস্থা কৰিব লাগে, অন্যথা এইসকল ভাৰতীয় লোকৰ মুক্তিৰ দাবীত অসম ব্যাপী আন্দোলন গঢ়ি উঠিব আৰু ইয়াৰ বাবে উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰেই দায়ী হ’ব লাগিব বুলিও সকীয়াই দিয়ে ।

উল্লেখ্য যে যোৱা ২০১৬ চনত বিদেশী ন্যায়াধিকৰণে ১নং বিষ্ণুপুৰৰ মাখন নমঃদাসৰ পত্নী মধুবালা নমঃদাসলৈ প্ৰেৰণ কৰিছিল বিদেশীৰ জাননী। কিন্তু ইতিমধ্যে মৃত্যু হৈছে মাখন নমঃদাস আৰু মধুবালা নমঃদাসৰ। ইয়াৰ পিছতে বিদেশী ন্যায়াধিকৰণে উক্ত জাননীৰ ভিত্তিত মধুবালা দাসক বিচাৰি নাপাই একে গাঁৱৰে মধুবালা মণ্ডলক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে। সম্প্ৰতি কোকৰাঝাৰ ডিটেনচন কেম্পত আছে মধুবালা মণ্ডল। তাৎপৰ্যপূৰ্ণ যে ১৯৭১ৰ ভোটাৰ তালিকাত মধুবালাৰ নাম থকাৰ লগতে অন্যান্য নথি-পত্ৰ থকাৰ পিছতো বিদেশী ন্যায়াধিকৰণে মধুবালা মণ্ডলক অযথা বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি সৰ্বত্ৰ দাবী উত্থাপন হৈছে ।

যাৰ ফলত দৰিদ্ৰ মধুবালা মণ্ডলৰ বিশেষভাৱে সক্ষম একমাত্ৰ কন্যা এতিয়া নিঠৰুৱা হৈ পৰিছে। বৰ্তমান মধুবালাৰ পিতৃ নেপাল মণ্ডলৰ গৃহত আশ্ৰয় লৈ আছে ফুলমালা মণ্ডল নামৰ বিশেষভাৱে সক্ষম ছোৱালীজনীয়ে । স্থানীয় লোকে জনোৱা অনুসৰি এই ঘটনাক লৈ আইনৰ কাষ চপাৰ লগতে চিৰাং জিলাৰ আৰক্ষী অধীক্ষককো লিখিতভাৱে জনোৱা হৈছিল। কিন্তু কোনো সঁহাৰি নাপালে দুৰ্ভগীয়া পৰিয়ালটোৱে। যাৰ ফলত অতি দৰিদ্ৰ মধুবালাই বিনা কাৰণতে কোকৰাঝাৰ ডিটেনচন কেম্পত কটাবলগীয়া হৈছে বন্দিত্বৰ জীৱন। সেয়ে এতিয়া মধুবালা মণ্ডলক ন্যায় প্ৰদানৰ দাবী তুলিছে স্থানীয় লোকৰ লগতে বিভিন্ন দল-সংগঠনে।