শেহতীয়া খবৰ
Home / আঞ্চলিক / কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত  গুৰুত্বপূ্ৰ্ণ সভা

কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ উদ্যোগত  গুৰুত্বপূ্ৰ্ণ সভা


গুৱাহাটী,  ১৫ জুন : ৰাজ্যৰ কে’বাটাও জ্বলন্ত সমস্যা, বিশেষকৈ নাগৰিকত্ব আৰু সামাজিক অপৰাধ সন্দৰ্ভত বিস্ত´তভাৱে আলোচনা  কৰাৰ বাবে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীয়ে কাইলৈ অৰ্থাৎ ১৬ জুনত লখৰা সাওকুছিস্থিত এন ই এফ কলেজ প্ৰেক্ষাগৃহত এক গুৰুত্বপূৰ্ণ সাধাৰণ সভাৰ আয়োজন কৰিছে। উক্ত সভাত বিশিষ্ট বুদ্ধিজীৱী, জ্যেষ্ঠ সম্পাদক, জ্যেষ্ঠ সাংবাদিক , লেখক, প্ৰাক্তন আই এ এছ, আই পি এছ বিষয়া, যুৱ নেতা, শিক্ষাৰ্থী আৰু বহু বিশিষ্ট  লোক উপস্থিত থাকিব৷

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : বকো আচলপাৰাৰ লজ্জাজনক ঘটনাক লৈ উত্তাল হৈ আছে ৰাজ্য। অসমীয়া নৃত্যশিল্পীক বলপূৰ্বক উলংগ নৃত্য কৰিবলৈ বাধ্য কৰাবলৈ চেষ্টা কৰা দুষ্কৃতিকাৰীক কঠোৰ হাতেৰে দমন কৰাৰ দাবীৰে বিভিন্ন দল-সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ। উক্ত লজ্জাজনক ঘটনাক সকলোৱে একমুখে ধিক্কাৰ দিছে আৰু দোষী ব্যক্তিক কৰায়ত্ত কৰাৰ দাবী উত্থাপন কৰিছে। ইপিনে শেহতীয়া ঘটনাটোৰ লগতে ৰাজ্যৰ কে’বাটাও জ্বলন্ত সমস্যা, বিশেষকৈ নাগৰিকত্ব আৰু সামাজিক অপৰাধ সন্দৰ্ভত বিস্ত´তভাৱে আলোচনা কৰিবলৈ ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীয়ে অহা ১৬ জুনত লখৰা সাওকুছিস্থিত এন ই এফ কলেজ প্ৰেক্ষাগৃহত এক গুৰুত্বপূৰ্ণ সাধাৰণ সভাৰ আয়োজন কৰিছে।

উক্ত সভাত ৰাজ্যৰ শেহতীয়া পৰিস্থিতি আৰু সামাজিক অপৰাধ আৰু নাগৰিকত্বক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হ’ব। ইপিনে আচলপাৰাৰ ঘটনাক লৈ এটা সম্প্ৰদায়ক জগৰীয়া কৰাটোক লৈও ক্ষোভ ব্যক্ত কৰিছে ছ’চাইটীয়ে। সংগঠনটোৰ সভাপতি ড০ আতোৱাৰ ৰহমানে কয় যে উক্ত ঘটনাৰ সৈতে জড়িত দোষী ব্যক্তিক কঠোৰ হাতেৰে দমন কৰক। তাত কাৰো দ্বিমত নাই। কিন্তু উক্ত ঘটনাৰ লগত জড়িত কেইজনমান দুষ্কৃতিকাৰীৰ বাবে সম্পূৰ্ণ সম্প্ৰদায়টো জগৰীয়া নহয়। উক্ত সাধাৰণ সভাখনত সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে সংগঠনটোৰ কাৰ্যকৰী সভাপতি আব্দুল বাতিন খণ্ডকাৰে।