শেহতীয়া খবৰ
Home / আঞ্চলিক / এনআৰচি প্ৰসংগত অধ্যাপক হাকাচামৰ বক্তব্যৰ পৰ্যালোচনা

এনআৰচি প্ৰসংগত অধ্যাপক হাকাচামৰ বক্তব্যৰ পৰ্যালোচনা


✍️ আব্দুল কালাম আজাদ, গৱেষক

যোৱা ২ জুন তাৰিখে অনুষ্ঠিত চিন্তন বৈঠকৰ আমি উদ্যোক্তা আছিলোঁ । আমি আমাৰ গোহাৰি-পত্ৰত বিস্তাৰিতভাৱে আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত ভুগি অহা যমৰ যাতনাৰ কথা উল্লেখ কৰিছিলোঁ । আমি উল্লেখ কৰিছিলোঁ কিদৰে এনআৰচি কৰ্তৃপক্ষ তথা উগ্ৰ জাতীয়তাবাদীসকলে আমাৰ সম্প্ৰদায়ৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ দিয়াৰ পৰিকল্পনাৰে কেইবাটাও বেআইনী পদ্ধতি তথা সংবিধানবিৰোধী পন্থা অৱলম্বন কৰিছে। তদুপৰি শেহতীয়াকৈ এৰাতিৰ ভিতৰত লাখ লাখ ভুৱা অভিযোগ তথা সেই অভিযোগ নিষ্পত্তিৰ নামত আমাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰায় প্ৰত্যেকটো পৰিয়াল চৰম হাৰাশাস্তিৰ সন্মুখীন হৈ আছে । আমি অসমৰ বৌদ্ধিক সমাজক এই কথাও সোঁৱৰাই দিছিলোঁ যে স্বৰাজোত্তৰ কালত যেতিয়াই অসমৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্যাতন হৈছে তেতিয়া অসমৰ বৌদ্ধিক সমাজে কম-বেছি পৰিমাণে হ’লেও তেনে অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে মাত মাতি আহিছে। অসম আন্দোলনৰ ক’লা দিনবোৰতো কিছু লেখক তথা চিন্তাবিদে এক বিশাল মূল্যৰ বিনিময়ত নেলী, চাউলখোৱাৰ দৰে ঘটনাৰ বিৰুদ্ধে মাত মাতিছে। ইয়াৰোপৰি গোহাৰিৰ জৰিয়তে আমি দাঙি ধৰিছোঁ অসমৰ বৌদ্ধিক সমাজে সম্প্ৰতি হৈ থকা বিভিন্ন অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে নিমাত হৈ থকা তেওঁলোকৰ নিৰ্লিপ্ততাৰ প্ৰতিচ্ছবি। তেওঁলোকক আমি জনাইছিলো যে পৰিৱৰ্তিত পৰিস্থিতিত কিছু স্বাৰ্থান্বেষী ধুৰন্ধৰে আমাৰ আটাইৰে আপোন সুৱদি-সুৰীয়া অসমীয়া ভাষাটোক ‘চলো পাল্টাই’ৰ নামত আক্ৰমণ কৰাৰ হুংকাৰ দিছে ।

আমি অসমৰ বৌদ্ধিক সমাজৰ পৰা আশা কৰিছিলোঁ যে তেওঁলোকে আজিৰ এনে প্ৰেক্ষাপটত এনআৰচি আৰু সমকালীন সমস্যাৰ পৰ্যালোচনা কৰিব, লগতে আমাৰ সম্প্ৰদায়ৰ সামাজিকভাৱে দায়বদ্ধ শিক্ষিত যুৱক-যুৱতীসকলক এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিব। আমি আশংকা কৰিছিলোঁ যে হয়তো আমাৰ চিন্তন বৈঠকত সৰহসংখ্যক বুদ্ধিজীৱী উপস্থিত নাথাকিব। কিন্তু আমাৰ শংকা-সংশয় অমূলক প্ৰতিপন্ন কৰি সদা-ব্যস্ততাৰ মাজতো অসমৰ আগশাৰীৰ চিন্তাবিদসকলৰ দহগৰাকী বিশিষ্ট চিন্তাবিদে স-শৰীৰে উপস্থিত থাকি তেওঁলোকৰ মহামূল্যৱান বক্তব্যসমূহ আগবঢ়ায় । আনহাতে চাৰিজন অতিথিয়ে তেওঁলোকৰ মূল্যৱান বক্তব্য লিখনি আকাৰে আমালৈ প্ৰেৰণ কৰি সভাখন সাফল্যমণ্ডিত কৰাৰ লগতে আমাক কৃতাৰ্থ কৰে।

তেওঁলোকে দাঙি ধৰা বক্তব্যসমূহৰ মাজেদি এনআৰচি আৰু সাম্প্ৰতিক সময়ৰ বহু কথাই স্থান পোৱাৰ লগতে কিছু ঐতিহাসিক প্ৰশ্নও উত্থাপন কৰে । আমি আশা কৰিছিলোঁ তেওঁলোকৰ বক্তব্যসমূহৰ মাজেদি আমাৰ ওপৰত চলা অন্যায়-অত্যাচাৰৰ প্ৰতিকাৰ কৰণাৰ্থে এক সমাধান-সূত্ৰ ওলাব, কিন্তু সেয়া নহৈ তেওঁলোকৰ বক্তব্যৰ মাজেদি একধৰণৰ গতানুগতিক চিন্তাৰ প্ৰতিফলনহে ঘটিল।

চিন্তন বৈঠক অনুষ্ঠিত কৰাৰ সময়তে আমি সিদ্বান্ত গ্ৰহণ কৰিছিলোঁ যে চিন্তন বৈঠকৰ পৰামৰ্শ, আলোচনা, বিতৰ্ক বিভিন্ন মাধ্যমৰ যোগেদি আমাৰ যুৱ সমাজলৈ লৈ যাম । বিশেষকৈ এই কাম আমি পৰ্যালোচনামূলক লিখনি, চিঠি, প্ৰচাৰ-পত্ৰ, পৰ্যালোচনা সভা, চাইকেল যাত্ৰা ইত্যাদিৰ জৰিয়তে প্ৰচাৰ-প্ৰসাৰ কৰি সমাজত এক সজাগতাৰ সৃষ্টি কৰিম বুলি ভাবিছিলোঁ । যাৰ দ্বাৰা অসমীয়া জাতীয় জীৱনত চলি থকা দীৰ্ঘকালীন সমস্যাসমূহ সমাধান হোৱাৰ লগতে এক সুস্থ সমাজ গঢ় লৈ উঠিব ।

সি যি কি নহওক, আজিৰ এই লিখনিৰ জৰিয়তে আমি অসমীয়া ভাষা-সংস্কৃতিৰ বিশিষ্ট গৱেষক পণ্ডিত অধ্যাপক ড০ উপেন ৰাভা হাকাচাম ডাঙৰীয়াই লিখিত আকাৰে আমালৈ প্ৰেৰণ কৰা বক্তব্যটিৰ এক পৰ্যালোচনা আগবঢ়াবলৈ যত্ন কৰিছোঁ। অধ্যাপক হাকাচামে তেওঁৰ চমু বক্তব্যৰ জৰিয়তে কিছু মৌলিক প্ৰশ্নৰ অৱতাৰণা কৰে। যি প্ৰশ্নসমূহ অসমৰ সামগ্ৰিক বৌদ্ধিক চিন্তা-চৰ্চাৰ জগতত একপ্ৰকাৰ পাবলৈ নাই বুলি ক’ব পাৰি। তেওঁ কয় যে যিসকল ভাৰতীয় মুছলমানক হাৰাশাস্তি কৰা হৈ আছে তেওঁলোকৰ প্ৰতি কেৱল ‘সমবেদনা প্ৰদান কৰিলেই নহ’ব’। তেওঁৰ বক্তব্যৰ জৰিয়তে অতদিনে অসমৰ বৌদ্ধিক সমাজত চলি থকা দ্বিচাৰিতাৰ কথা যেন অধ্যাপক হাকাচামে একো লুক-ঢাক নকৰাকৈ কৈ দিলে । তেওঁ আৰু কয় যে এই অত্যাচাৰৰ পৰা মুক্তি পাবলৈ ‘প্ৰতিকাৰৰ ব্যৱস্থা ল’ব লাগিব’। তেওঁ আমাক আশ্বস্ত কৰিব পৰাকৈ জনালে যে ‘সাধাৰণীকৰণ কৰি বিশেষ সম্প্ৰদায় বা অঞ্চলৰ বাসিন্দাক হাৰাশাস্তি কৰাটো ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে অশনি সংকেত’। এতিয়া লক্ষণীয় হ’ব, অসমৰ তথাকথিত মূলসুঁতিৰ অসমীয়া সমাজে এই অশনি সংকেত উপলব্ধি কৰিবলৈ কিমান সময় লয় । আৰু এই ‘ভুল বুজাবুজিৰ বাতাৱৰণৰ অৱসান’ ঘটাবলৈ কিমান যত্ন কৰে। অধ্যাপক হাকাচামে আৰম্ভণিতে কৈছে যে চলো পাল্টাইয়ে দুয়োটা পক্ষকে ক্ষতিগ্ৰস্ত কৰিব।

অধ্যাপক হাকাচাম ডাঙৰীয়াৰ কথা আমি অসমৰ সংখ্যালঘু যুৱ সমাজে ধনাত্মকভাৱে গ্ৰহণ কৰিও কিছু কথা স্পষ্ট হোৱাৰ বাবে নিৰ্মোহ বিশ্লে­ষণ কৰিব লাগিব । তেওঁৰ বক্তব্যৰ পৰা আমাৰ ধাৰণা হয় যে এনআৰচিৰ নামত হৈ থকা হাৰাশাস্তিসমূহ তেওঁ সঠিকভাৱে উপলব্ধি কৰিব পৰা নাই । তেওঁ হয়তো অনুমান কৰিছে যে ‘এনআৰচিৰ দ্বাৰা মুছলমানসকল অতি-সম্প্ৰতিহে আক্ৰান্ত হৈছে বা তুলনামূলকভাৱে কিছুসংখ্যক লোকহে এনে চিকাৰৰ বলি হৈছে’। এনআৰচিৰ দ্বাৰা যে অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰায় প্ৰত্যেকজন লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে আক্ৰান্ত হৈছে আৰু এই আক্ৰান্ত যে তেনেই সাধাৰণ নহয় সেই কথা চাগে তেওঁ উপলব্ধি কৰিব পৰা নাই । একমাত্ৰ কৰ্তৃপক্ষৰ মইমতালিৰ বাবে আজি লাখ লাখ মানুহৰ বিৰুদ্ধে দাখিল কৰা ভুৱা অভিযোগৰ বলি হৈ ঘন্টাৰ পিছত ঘন্টা, দিনৰ পিছত দিন দীঘলীয়া শাৰী পাতি থাকি, অযথা টকা খৰচ কৰি খাটি খোৱা সাধাৰণ মানুহবোৰে যি কষ্ট ভোগ কৰিব লগা হৈ আছে সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। কিন্তু সেই যন্ত্ৰণা চাগে অধ্যাপক হাকাচাম ডাঙৰীয়াই ভালদৰে উপলব্ধি কৰিব পৰা নাই । আমি ভাবো ইয়াৰ বাবে অধ্যাপক হাকাচাম ডাঙৰীয়া জগৰীয়া নহয়, জগৰীয়া হ’ল অসমৰ মুছলমানবিদ্বেষী একাংশ সংবাদ মাধ্যম । প্ৰায় দুকুৰিতকৈও অধিক মানুহে নাগৰিকত্বৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ আত্মহত্যাৰ দৰে চৰম পথ বাছি ল’বলগীয়া হোৱা ঘটনাক লৈ আমাৰ সংবাদ মাধ্যমে যি ধৰণে প্ৰচাৰ-প্ৰসাৰ কৰি জাগৰণৰ সৃষ্টি কৰিব লাগিছিল তেনে কোনো পদক্ষেপ অসমৰ সংবাদ মাধ্যমে লোৱা আমাৰ দৃষ্টিগোচৰ নহ’ল ।

আশা কৰোঁ, আমাৰ অসমৰ সংবাদ জগতত সেৱা আগবঢ়োৱা সাংবাদিক বন্ধুসকলৰ দেৰিকৈ হ’লেও শুভবুদ্ধিৰ উদয় হ’ব আৰু বৌদ্ধিক সমাজেও আকৌ এবাৰ আমাৰ যন্ত্ৰণাৰ সঠিক মূল্যায়ন কৰি সমাধানৰ পথ উলিওৱাত সহায় কৰিব ।

চিন্তন বৈঠকত অংশগ্ৰহণ কৰা বাকী চিন্তাবিদসকলৰ বক্তব্য আমি ধাৰাবাহিকভাৱে পৰ্যালোচনা কৰিম। এই পৰ্যালোচনাত সন্মানীয় পাঠকসকলে অংশ গ্ৰহণ কৰিলে আমাৰ উদ্দেশ্য সফল হ’ব ।