শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিল্লীত দূৰ্গতি! ৰাজপথৰ ওপৰতে পাতিবলগীয়া হ’ল সংবাদমেল

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিল্লীত দূৰ্গতি! ৰাজপথৰ ওপৰতে পাতিবলগীয়া হ’ল সংবাদমেল

ডিজিটেল সংবাদ, নতুন দিল্লীঃ দিল্লীলৈ গৈ অপমানিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। দিল্লীত তৰুণ গগৈক সংবাদমেল পতাত চৰকাৰী বাধা। অসম হাউছত সংবাদমেল পাতিবলৈ নিদিলে কৰ্তৃপক্ষই। কৰ্তৃপক্ষৰ বাধাৰ পিছত দিল্লীৰ ৰাজপথতে সংবাদমেল পাতিলে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে। চৰকাৰৰ নিৰ্দেশনাৰ দোহাই দি সংবাদমেল সম্বোধনত বাধা দিয়া হ’ল গগৈক। চৰকাৰী নিৰ্দেশনাৰ দোহাই দি প্ৰেছ মিট কৰাত বাধা প্ৰদান কৰা হ’ল কংগ্ৰেছৰ বৰ্ষীয়ান নেতা গৰাকীক। পূৰ্বে অনুমতি লৈহে সংবাদ মাধ্যমক নিমন্ত্ৰণ কৰিব পাৰিব বুলি গগৈক অৱগত কৰে আৱাসিক আয়ুক্তই । তাৎপৰ্যপূৰ্ণ যে, আৱাসিক আয়ুক্ত  কে চি চামাৰিয়াই প্ৰদৰ্শন কৰিব নোৱাৰিলে কোনো ধৰণৰ নিৰ্দেশনা । এজন প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেবিনেট মৰ্যাদা থকা বিধায়কক এনেধৰণে বাধা দিয়াৰ অৰ্থ কি ? অসম চৰকাৰে এক প্ৰকাৰৰ পৰোক্ষ জৰুৰীকালীন অৱস্থাৰ সূচনা কৰিছে বুলি ক্ষোভ প্ৰকাশ তৰুণ গগৈৰ।

গগৈৰ অভিযোগ, ‘‘আজি কিছু দিন ধৰি অসম ভৱন কৰ্তৃপক্ষই অসম ভৱন আৰু অসম হাউচ চৌহদত বিৰোধী দলৰ নেতা সকলক বাইট দিয়া তথা সংবাদ মেল পতাত বাধা প্ৰদান কৰি আহিছিল। আনহাতে শাসক পক্ষৰ নেতা সকলে বিনা অনুমতিৰে এই দুই স্থানত সংবাদ মেল সম্বোধন কৰি আহিছে ।’’ এনে পৰিস্থিতিৰ সন্মুখীন হৈ কংগ্ৰেছৰ জেষ্ঠ নেতা জনে অসম হাউচৰ সন্মুখৰ গোপীনাথ বৰদলৈ পথতে সংবাদ মেল সম্বোধন কৰে। ক্ষোভিত গগৈয়ে চৰকাৰৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দিয়ে ।
উল্লেখযোগ্য যে,ৰাহুল গান্ধীক সাক্ষাৎ কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ দলৰ সৈতে গৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীজন। ৰাহুল গান্ধীয়েই AICCৰ সভাপতি হৈ থাকব লাগে এই দাবী কৰিবলৈ দিল্লীলৈ গৈ ৰাহুল গান্ধীৰ সাক্ষাৎ পোৱা নাছিল তৰুণ গগৈ, ৰিপুণ বৰা, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া সহ প্ৰদেশ কংগ্ৰেছৰ দলটোৱে। বহু সময় অপেক্ষা কৰিও ৰাহুল গান্ধীৰ সাক্ষাৎ নোপোৱাৰ বাবে কংগ্ৰেছ কাৰ্যালয়তে স্মাৰক পত্ৰ প্ৰদান কৰিছিল গগৈসহ আন কংগ্ৰেছী নেতাকেইজনে। স্মাৰক পত্ৰযোগে ৰাহুল গান্ধীক অধ্যক্ষ হৈ থকাৰ আহ্বান জনাই উলটিছিল অসম কংগ্ৰেছৰ দলটো।