শেহতীয়া খবৰ
Home / আঞ্চলিক / বিধায়ক গুৰুজ্যোতিৰ ৪-৫ আত্মীয়ই এপিএছ চিৰ চাকৰি পোৱাটো আঁচৰিত কথা

বিধায়ক গুৰুজ্যোতিৰ ৪-৫ আত্মীয়ই এপিএছ চিৰ চাকৰি পোৱাটো আঁচৰিত কথা

ৰমেন ডেকাৰ পিছত এইবাৰ মুখ খুলিছে দিছপুৰৰ বিধায়ক অতুল বৰাই


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ জুন : এ পি এছ চিৰ তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰাক্তন সাংসদ ৰমেন ডেকাই প্ৰশ্ন উত্থাপন কৰাৰ লগতে মঙলদৈ সমষ্টিৰ বিজেপি বিধায়ক গুৰুজ্যোতি দাসৰ ৪-৫জন আত্মীয়ক তদন্তৰ পৰা ৰেহাই দিয়া বিষয়টোক লৈ সৰৱ হোৱাৰ পিছতেই এইবাৰ মুখ খুলিছে দিছপুৰ সমষ্টিৰ শাসকীয় দলৰ বিধায়ক অতুল বৰাই। প্ৰাক্তন সাংসদ ৰমেন ডেকাই মুখ খোলাৰ বাবে বিধায়ক অতুল বৰাই ধন্যবাদ জ্ঞাপন কৰি কয় যে ‘দলৰ এগৰাকী বিধায়কৰ ৪-৫জন আত্মীয়ই এ পি এছ চিৰ চাকৰি লাভ কৰিছে। মই সেইটো লক্ষ্য কৰি আছিলো। ৰমেন ডেকাই এইটো ৰাজহুৱা কৰাৰ বাবে ধন্যবাদ দিছো। এজন বিধায়কে কেনেকৈ নিজৰ পৰিয়ালৰ ৪-৫জনক এ পি এছ চিৰ চাকৰি দিছে সেইটো সৰু-সুৰা কথা নহয়। তেওঁক কিয় ৰেহাই দিয়া হ’ল। একে ঘৰতে ৪-৫জনে এ পি এছ চি পাব পাৰে সেইটো সমৰ্থন কৰিব নোৱাৰো।’ এ পি এছ চিৰ তদন্ত সন্দৰ্ভত আন কেতবোৰ মন্তব্য কৰি অতুল বৰাই কয় যে পূৰ্বেই এই কেলেংকাৰীক লৈ মাত মাতিছিলো।

ৰাকেশ পালৰ সা-সম্পত্তিৰ তদন্ত কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক অৱগত কৰিছিলো। কিন্তু একেখন ঘৰতে ৪-৫গৰাকীয়ে এ পি এছ চিৰ চাকৰি পোৱাটো আচৰিত যেন নালাগেনে বুলি প্ৰশ্ন কৰি বিধায়কগৰাকীয়ে আৰু কয় যে একেঘৰতেই এনেদৰে চাকৰি পালে ৰমেন ডেকা আৰু মই কিয়, সমগ্ৰ বিশ্বই প্ৰশ্ন কৰিব। জালিয়াতি আৰু টেম্পাৰিঙৰ জৰিয়তে এ পি এছ চিৰ চাকৰি বিক্ৰী কৰাৰ বাবে ৰাকেশ পালে আজিও জামিন পোৱা নাই আৰু জামিনৰ ক্ষেত্ৰত সহজো হোৱা নাই। তেনেকুৱা অৱস্থাত একেটা পৰিয়ালৰে ৪-৫জনে চাকৰি পোৱাটোক কিয় সহজভাৱে ল’ব পাৰিছে— সেইবুলি প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে। এ পি এছ চিৰ পৰীক্ষা সম্পূৰ্ণ ভেজাল হৈছিল। ভেজাল পৰীক্ষাত চোকা আৰু গাধৰ মাজত পাৰ্থক্য থাকিব নোৱাৰে বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে আৰু কয় যে এই সমস্ত বিষয়টোক লৈ মই ভাল পোৱা নাই। বাচি যাব নালাগে।

ইপিনে বিধায়ক গুৰুজ্যোতি দাসে সমস্ত বিষয়টোৰ সন্দৰ্ভত সাংবাদিকৰ পৰা আঁতৰি থকা সন্দৰ্ভতো বৰাই কয় যে যদি তেওঁৰ আত্মীয় চোকা আছিল তেন্তে স্পষ্টীকৰণ দিয়াৰ ক্ষেত্ৰত আপত্তি কিয়। ইপিনে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মাৰ্ঘেৰিটাৰ কয়লা ছিণ্ডিকেটৰ আঁৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় জড়িত আছে বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰই অস্বীকাৰ কৰে যদিও আজি বিধায়ক অতুল বৰাই এক বিপৰীত ভাষ্য প্ৰদান কৰে। বিধায়কগৰাকীয়ে কয় যে প্ৰদ্যুৎ বৰদলৈয়ে ছিণ্ডিকেটৰ কথা আজিহে কৈছে, মই আগৰ পৰাই কৈ আছো। পৰিৱৰ্তন একো হোৱা নাই। একপ্ৰকাৰ ছিণ্ডিকেট সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰৰ মিথ্যাচাৰ উদঙাই দিছে শাসকীয় দলৰ বিধায়কে।