শেহতীয়া খবৰ
Home / আঞ্চলিক / এন আৰ চিৰ শুনানীৰ নামত হাৰাশাস্তি স্বাধীনতা সংগ্ৰামীৰ পৰিয়াল

এন আৰ চিৰ শুনানীৰ নামত হাৰাশাস্তি স্বাধীনতা সংগ্ৰামীৰ পৰিয়াল

জাগীৰোড, ৮ জুলাই: এন আৰ চিৰ নামত এগৰাকী মুক্তিযুদ্ধাৰ পৰিয়ালক হাৰাশাস্তি৷ বিদেশী চিনাক্তকৰণৰ নামত হাৰাশাস্তি স্বদেশীক ৷ মুক্তিযুদ্ধাৰ পৰিয়ালক চুড়ান্ত অপমান ৷ বিদেশীক চিনাক্তকৰণৰ বাবে ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নিতকৰণ প্ৰক্ৰিয়াত এতিয়া দেখা দিছে বিভিন্ন বিসংগতি ৷ বিদেশীক চিনাক্তকৰণৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে স্বদেশীক হাৰাশাস্তি ৷ তেনে এক ঘটনা পোহৰলৈ আহিছে মৰিগাঁৱত ৷ মৰিগাওঁ জিলাৰ স্বাধীনতা সংগ্ৰামীৰ পুত্ৰ তথা তেওঁৰ পৰিয়ালৰ নাম অহা নাই এন আৰ চিত ৷ শুনানী আৰু বি এম ইৰ নামত হাৰাশাস্তিৰ সন্মূখীন হৈছে মৰিগাঁও জিলাৰ চৰাইবাঁহীৰ স্বাধীনতা সংগ্ৰামী কামেশ্বৰ বৰদলৈৰ পুত্ৰ আৰু পৰিয়ালটো ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা তামৰ ফলি লাভ কৰা স্বাধীনতা সংগ্ৰামীৰ পুত্ৰ তথা নিজেও অসম আন্দোলনত জৰিত হৈ এসপ্তাহ জেলৰ ভাত খোৱা প্ৰদীপ কুমাৰ  বৰদলৈৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত নোহোৱা বিষয়টো অতি দুৰ্ভাগ্যজনক ৷ “মৃত্যুঞ্জয়”ৰ এগৰাকী অন্যতম নায়ক আছিল জাগীৰোডৰ নগাওঁ কাগজ কলৰ কৰ্মচাৰী হিচাপে অৱসৰ লোৱা প্ৰদীপ কুমাৰ  বৰদলৈৰ পিতৃ তথা স্বাধীনতা সংগ্ৰামী কামেশ্বৰ বৰদলৈ৷ এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰিবলৈ গৈ কোনো স্বদেশীয়ে যাতে অযথা হাৰাশাস্তিৰ সন্মূখীন হবলগীয়া নহয় তাৰ প্ৰতি চকু ৰাখিবলৈ প্ৰশাসন তথা সমন্বয়ক প্ৰতীক হাজেলাক আহ্বান জনাইছে ভূক্তভোগী পৰিয়ালটোৱে ৷ আনহাতে স্বাধীনতা সংগ্ৰামী তথা মুক্তিযুদ্ধাৰ পৰিয়ালৰ প্ৰতি এয়া চুড়ান্ত অপমান বুলিও আক্ষেপ প্ৰকাশ কৰে ভূক্তভোগী প্ৰদীপ কুমাৰ বৰদলৈয়ে ৷
প্ৰেৰক_তুলসী মান্তা