শেহতীয়া খবৰ
Home / ক্ৰীড়া / বিশ্বকাপৰ পৰা ভাৰতৰ বিদায়, বিশ্বকাপ জয়ৰ স্বপ্নভংগ কোটি কোটি ভাৰতীয়ৰ

বিশ্বকাপৰ পৰা ভাৰতৰ বিদায়, বিশ্বকাপ জয়ৰ স্বপ্নভংগ কোটি কোটি ভাৰতীয়ৰ

আজি দ্বিতীয়খন ছেমিত মুখামুখি হ’ব ইংলেণ্ড-অষ্ট্ৰেলিয়া

মানচেষ্টাৰ, ১০ জুলাই ঃ কোটি কোটি ভাৰতীয়ৰ বিশ্বকাপ জয়ৰ স্বপ্ন ভংগ হ’ল। সপোন সপোন যেন লগা ছেমি ফাইনেল মেচখনত ১৮ ৰানৰ ব্যৱধানত পৰাস্ত হৈ বিদায় ল’লে ভাৰতীয় দলটোৱে। ইয়াৰ পিছতেই বিশ্বকাপত অভিযানৰ অন্ত পৰিল এছিয়া দলৰ। আজি মানচেষ্টাৰৰ অ’ল্ড ট্ৰাফ্‌’ৰ্ড ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত আই চি চি বিশ্বকাপ ২০১৯ৰ প্ৰথমখন ছেমি ফাইনেল মেচত নিউজীলেণ্ডৰ হাতত কোহলী বাহিনী ১৮ ৰানৰ ব্যৱধানত পৰাস্ত হয়। ইয়াৰ পিছতেই বিশ্বকাপৰ অভিযানৰ অন্ত পৰে ভাৰতীয় দলটোৰ। বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল মেচত নিউজীলেণ্ড দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতীয় দলটোৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰিবলৈ নামি নিউজীলেণ্ড দলটোৱে ৫০ অভাৰত ৮টা উইকেট হেৰুৱাই ২৩৯ ৰান সংগ্ৰহ কৰে। নিউজীলেণ্ড দলটোৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে ৰ’জ টেইলৰে। টেইলৰে ৯০টা বলত তিনিটা ৪ আৰু এটা ছয়ৰ সহায়ত ৭৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দলটোৰ অধিনায়ক কেন উইলিয়ামছনে ৯৫টা বলত ৬টা চাৰিৰ সহায়ত ৬৭ ৰানৰ বৰঙনি যোগায়। ভাৰতীয় দলটোৱে নিউজীলেণ্ডে বান্ধি দিয়া ২৪০ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ আহি প্ৰথমে দেশবাসীৰ স্বপ্নভংগ কৰে কে এল ৰাহুল, ৰোহিত শৰ্মা আৰু অধিনায়ক বিৰাট কোহলীয়ে।

যি সময়ছোৱাত নিউজীলেণ্ডৰ বিৰুদ্ধে সহজে ভাৰতীয় দলটো জয়লাভ কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিব বুলি স্বপ®ৰে বিভোৰ হৈ আছিল দেশবাসী, সেইটো সময়ত দলটোৰ কেইবাজনো খেলুৱৈয়ে ১ ৰান সংগ্ৰহ কৰিয়েই আউট হ’বলগীয়া হয়। কে এল ৰাহুলে ৭টা বলত ১ ৰান সংগ্ৰহ কৰি মেট হেনৰীৰ বলত আউট হ’বলগীয়া হয়। আনহাতে ৰোহিত শৰ্মাই ৪টা বলত এক ৰান সংগ্ৰহ কৰিয়ে নিউজীলেণ্ডৰ একেজন বলাৰৰ হাতত আউট হ’বলগীয়া হয়। তাৰ পিছত বিৰাট কোহলীয়ে ৬টা বলত এক ৰান সংগ্ৰহ কৰি ট্ৰেণ্ট ব’ল্টৰ বলত আউট হ’বলগীয়া হয়। অৰ্থাৎ বিশ্বকাপৰ ছেমি ফাইনেল মেচখনত নিউজীলেণ্ডৰ বিৰুদ্ধে নিৰাশাজনক বেটিং প্ৰদৰ্শন দাঙি ধৰে ভাৰতীয় দলটোৱে। এজনৰ পিছত এজনকৈ বেট্‌ছমেনে বেটিং কৰিবলৈ আহি নিৰাশাজনক বেটিং প্ৰদৰ্শনেৰে পেভিলিয়নলৈ উভতিবলগীয়া হয়। তাৰ পিছত ঋষভ পন্তেও দলটোক তথা দেশবাসীক সামান্য আশা দেখুৱায় যদিও সেই আশা কিছু সময়ৰ পিছতে থানবান হৈ পৰে।

কিয়নো ঋষভ পন্তেও সুন্দৰ বেটিং প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম নহয় নিউজীলেণ্ডৰ বিৰুদ্ধে। ৫৬টা বলত ৪টা চাৰিৰ সহায়ত ৩২ ৰান সংগ্ৰহ কৰি মিচেল চেণ্টনাৰৰ বলত আউট হৈ পেভিলিয়নমুখী হয় ঋষভ পন্ত। দীনেশ কাৰ্তিকেও আজি ছেমি ফাইনেল মেচখনত নিৰাশাজনক বেটিং প্ৰদৰ্শন দাঙি ধৰে। কাৰ্তিকে ২৫টা বলত ১টা চাৰিৰ সহায়ত মাথোঁ ৬ ৰানহে সংগ্ৰহ কৰি মেট হেনৰীৰ বলত আউট হয়। মেচখনত হাৰ্দিক পাণ্ডিয়াই কিছু সময় ভাৰতীয় দলটোৰ হৈ কিছু ৰান সংযোজন ঘটোৱায় যদিও ৩২ ৰানতে মিচেল চেণ্টনাৰৰ বলত আউট হয়। পাণ্ডিয়াই ৬২টা বলত দুটা ৪ৰ সহায়ত ৩২ ৰান সংগ্ৰহ কৰে। আনহাতে ৰবীন্দ্ৰ জাডেজাই ছেমি ফাইনেল মেচখনত নিউজীলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত বেটিং প্ৰদৰ্শন দাঙি ধৰে যদিও ভাৰতীয় দলটোক বিশ্বকাপৰ ফাইনেলত উপনীত কৰোৱাব নোৱাৰিলে। জাডেজাই বেটিং কৰিবলৈ আহিয়েই প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে দুৰ্দান্ত বেটিং প্ৰদৰ্শন দাঙি ধৰি ৫৯টা বলত চাৰিটা ৪ আৰু চাৰিটা ৬ৰ সহায়ত ৭৭ ৰান সংগ্ৰহ কৰে। ভাৰতীয় দলটোৰ হৈ জাডেজাই ছেমি ফাইনেলত মেচখনত সৰ্বাধিক ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতেই মহেন্দ্ৰ সিং ধোনীয়ে মেচখনত ৫০ ৰান সংগ্ৰহ কৰি আউট হ’বলগীয়া হয়।

ধোনীয়ে ছেমি ফাইনেল মেচখনত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোক জয়ৰ দিশে আগুৱাই নিয়ে যদিও লক্ষ্যত উপনীত কৰোৱাব নোৱাৰিলে। কিয়নো ধোনীয়ে ৭২টা বল খেলি এটা ৪ আৰু এটা ৬ৰ সহায়ত ৫০ ৰান সংগ্ৰহ কৰে। ৫০ ৰান সংগ্ৰহ কৰি মাৰ্টিন গুপ্টিলৰ থ্ৰ’ত ৰান আউট হ’বলগীয়া হয় ধোনী। ইয়াৰ পিছতেই ভাৰতীয় দলটোৰ বিশ্বকাপ জয়ৰ স্বপ® প্ৰায় ভংগ হোৱাৰ দিশে আগবাঢ়ে। কিয়নো ধোনী আউট হোৱাৰ পিছতেই ভাৰতীয় দলটোৰ হাতত বেট্‌ছমেন ৰূপে থাকে ভাৰতীয় বলাৰ ভুৱনেশ্বৰ কুমাৰ, য়ুজৱেন্দ্ৰ চহল আৰু জসপ্ৰীত বুমৰাহ। ভুৱনেশ্বৰ কুমাৰে এটা বল খেলিয়েই লকী ফৰগিউছনৰ বলত আউট হ’বলগীয়া হয়। ইয়াৰ বিপৰীতে চহলে ৫টা বলত পাঁচ ৰান সংগ্ৰহ কৰি জেমছ নেছামৰ বলত আউট হয়। ইয়াৰ পিছতেই বিশ্বকাপৰ পৰা আঁতৰিব লগা হয় ভাৰতীয় দলটো। উল্লেখযোগ্য যে কাইলৈ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল মেচ অনুষ্ঠিত হ’ব। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত কাইলৈ এজবাষ্টনত বিয়লি ৩ বজাত বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল মেচ অনুষ্ঠিত হ’ব।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )