শেহতীয়া খবৰ
Home / ৰাজনীতি / ৰাজ্যৰ চৌপাশে জলপ্ৰলয়ঃ ১৭খন জিলাৰ ৭৪৯ খন গাঁও প্লাৱিত, ১৬৭৩০ কৃষি ভূমি বানৰ কৱলত,

ৰাজ্যৰ চৌপাশে জলপ্ৰলয়ঃ ১৭খন জিলাৰ ৭৪৯ খন গাঁও প্লাৱিত, ১৬৭৩০ কৃষি ভূমি বানৰ কৱলত,

৪২৩৩৮৬ জন লোক বানত প্ৰভাৱিত, ১৮৪৩ জন আশ্ৰয় শিবিৰত
অসমত ২০১৭ত ১৬০, ২০১৮ত ৪৬ জন লোকৰ মৃত্যু

মহানগৰ প্ৰতিবেদক, ১১ জুলাই ঃপ্ৰলয়ংকৰী বানৰ কবলত ৰাজ্য। যোৱা কেইবাদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি আন নৈ-উপনৈসমূহৰ পানী ওফন্দি উঠাৰ ফলত নদীদ্বীপ মাজুলীকে ধৰি অসমৰ কেইবাখনো জিলা প্ৰলয়ংকৰী বানৰ কবলত। যাৰ ফলত ৰাজ্যৰ চৌদিশে গঞা ৰাইজৰ মাজত হাহাকাৰময় তথা আতংকময় পৰিৱেশে বিৰাজ কৰিছে। ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৰাজ্যৰ বহু গঞা। ৰাজ্যৰ ১৭খন জিলাৰ ৭৪৯খন গাঁও প্ৰলয়ংকৰী বানৰ কবলত। ৭৪৯খন গাঁৱৰ ৪,২৩,৩৮৬জন গঞা বানত প্ৰভাৱিত। ইয়াৰে ১,৮৪৩জন গঞাই চৰকাৰে নিৰ্মাণ কৰি দিয়া আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰকে ধৰি দিখৌ, ধনশিৰি, জীয়াভৰলী আদি নৈসমূহৰ পানী ওফন্দি উঠাৰ ফলত ৰাজ্যৰ ১৭খন জিলা প্ৰলয়ংকৰী বানৰ কবলত। প্ৰলয়ংকৰী বানৰ কবলত পৰা জিলাকেইখনৰ ভিতৰত আছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, মাজুলী, যোৰহাট আৰু ডিব্ৰুগড়। অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আজি সন্ধিয়া ৬ বজাত প্ৰকাশ কৰা তথ্য অনুসৰি ১৬,৭৩০.৭২ হেক্টৰ কৃষিভূমি প্ৰলয়ংকৰী বানৰ কবলত। লগতে এই কথাও প্ৰকাশ কৰিছে যে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, নলবাৰী, বৰপেটা, চিৰাং, মৰিগাঁও, ডিব্ৰুগড়, গোলাঘাট, যোৰহাটত ৭৪,৯৫৫টা ডাঙৰ, ৩৭,২১৯টা সৰু জন্তু প্ৰভাৱিত হৈছে বানত।

লগতে এই কথাও প্ৰকাশ কৰিছে যে এতিয়ালৈ বহুকেইখন দলং সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। উল্লেখযোগ্য যে বছৰি প্ৰলয়ংকৰী বানে অসমত বিস্তৰ ক্ষতিসাধন কৰি আহিছে। ২০১৭ত প্ৰলয়ংকৰী বানৰ ফলত ১৬০জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ২০১৮ত ৪৬জন লোকৰ মৃত্যু ঘটিছিল। চলিত বছৰতো বৰ্তমানলৈ প্ৰলয়ংকৰী বানৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তিনিজন লোকৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে ২০১৪ বৰ্ষত প্ৰলয়ংকৰী বানত ১,৮৪৬খন গাঁও প্ৰভাৱিত হৈছিল। যাৰ বাবে ১.৬ নিযুত লোক বানৰ ফলত স্থানান্তৰিত হ’বলগীয়া হৈছিল।

একেদৰে ২০১৫ত প্ৰলয়ংকৰী বানত ১,০৩১খন গাঁও প্ৰভাৱিত হোৱাৰ বিপৰীতে ১.৫ নিযুত লোক স্থানান্তৰিত হ’বলগীয়া হৈছিল। একেদৰে ২০১৬ত ২,৮৯৩খন গাঁও বানত প্ৰভাৱিত হোৱাৰ বিপৰীতে ১.৭ নিযুত লোক স্থানান্তৰিত হ’বলগীয়া হৈছিল। আনহাতে ২০১৭ত ২,৪৫০খন গাঁও বানত প্ৰভাৱিত হোৱাৰ ফলত ১.৭ নিযুত লোক স্থানান্তৰিত হ’বলগীয়া হৈছিল। তথ্য অনুসৰি ১৯৫৩ৰ পৰা ২০১৬লৈ প্ৰতিবছৰে বানত ২৬ লাখ লোক প্ৰভাৱিত হ’বলগীয়া হৈছিল। ইয়াৰে ভিতৰত সৰ্বাধিক ২০০৪ত ১.২ কোটি লোক বানত প্ৰভাৱিত হৈছিল অসমত। আনহাতে প্ৰতিবছৰে বানৰ ফলত ৭ কোটি টকাৰ গৃহ ধবংস হয়।

ইয়াৰে ভিতৰত ১৯৮৮ চনত অসমত ১০৪ কোটি টকাৰ গৃহ তথা সম্পত্তি ধবংস হৈছিল। একেদৰে প্ৰতিবছৰে বানৰ ফলত ৰাজ্যত কমেও ৪৭জন লোকৰ মৃত্যু ঘটিছে। ২০০৪ত সৰ্বাধিক লোকৰ মৃত্যু ঘটে বানত। ২০০৪ত প্ৰলয়ংকৰী বানৰ ফলত ৪৯৭জন লোকৰ মৃত্যু ঘটে। আনহাতে প্ৰতিবছৰে ৰাজ্যত প্ৰলয়ংকৰী বানৰ ফলত ১২৮ কোটি টকাৰ কৃষি ধবংস হৈ আহিছে। ইয়াৰে ভিতৰত ২০১২ চনত ৩,২০০ কোটি টকাৰ কৃষি ধবংস হয় প্ৰলয়ংকৰী বানত।

মাজুলীত সোৱনশিৰিৰ বাঢ়নী পানীত ৭টা পৰিয়ালৰ ভেটি জাহ, ২৯টা পৰিয়াল সাহাৰ্য শিবিৰলৈ স্থানান্তৰিত:

পৰাণজ্যোতি বৰা, মাজুলী, ১১ জুলাই ঃ সোৱণশিৰিৰ বাঢ়নী পানীয়ে মাজুলীৰ সদৰ গড়মূৰৰ সমীপৰ নদী কাষৰীয়া পুৰণি খাৰজানপাৰ গাঁৱৰ নতুনকৈ নিৰ্মীয়মাণ পথটো আজি পুৱা প্ৰায় ১০ বজাত ছিঙি নিয়াত গাঁওবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই পথটো ছিঙি নিয়াৰ ফলত পথটোৰ আশে-পাশে থকা দুলাল দাস, অনিল দাস, মিনা দাস, বাবাটি দাস, গণেশ দাস, সাগৰ দাস, নিতুল দাস নামৰ লোককেইজনৰ পৰিয়ালকেইটাৰ ঘৰ-ভেটি প্ৰচণ্ড সোঁতে খহাই নিয়ে। জলমগ্ন কৰা পুৰণি খাৰজানপাৰ গাঁৱত এছডিআৰএফৰ জৰিয়তে জিলা প্ৰশাসনে আগবেলা উদ্ধাৰ অভিযান চলাই পৰিয়ালকেইটাক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰে। খাৰজানপাৰ পথটোৰ একাংশ পানীয়ে উটুৱাই নিয়াৰ পাছতে এলেকাটোলৈ গৈ পৰিস্থিতিৰ বুজ লয় মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই।

সোৱণশিৰিৰ বাঢ়নী পানীয়ে জলমগ্ন কৰা পুৰণি খাৰজানপাৰ এলেকা পৰিদৰ্শন কৰি বন্যাৰ্ত ৰাইজৰ অৱস্থাৰ বুজ লৈ উপায়ুক্তগৰাকীয়ে পানীয়ে উটুৱাই নিয়া পুৰণি খাৰজানপাৰ গড়কাপ্টানী পথৰ ছিগা অংশও পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত উপায়ুক্ত মিশ্ৰৰ লগত আছিল মাজুলীৰ ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, সহকাৰী আয়ুক্ত অচ্যুত বৰুৱা, ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) ডাঃ অনামিকা গগৈ, গড়কাপ্টানী (গ্ৰাম্য পথ) বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক কুমাৰ দাস আৰু জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামী আৰু ছেক্টৰ বিষয়া পি কে বৰঠাকুৰ।

ইতিমধ্যে খাৰজানপাৰ প্ৰাথমিক বিদ্যালয়ত জিলা প্ৰশাসনে মুকলি কৰা সাহায্য শিবিৰলৈ স্থানান্তৰিত অঞ্চলটোৰ বান ক্ষতিগ্ৰস্ত ২৯টা ক্ষতিগ্ৰস্ত পৰিয়ালক তাৎক্ষণিকভাৱে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সা-সুবিধা তথা বান সাহায্য সামগ্ৰী যোগান ধৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। পুৰণি খাৰজানপাৰবাসীৰ যাতায়াতৰ সুবিধাৰ্থে পথৰ ছিগা অংশত শীঘ্ৰে অস্থায়ী বাঁহৰ দলং নিৰ্মাণৰ বাবেও উপায়ুক্তগৰাকীয়ে গড়কাপ্টানী বিভাগক নিৰ্দেশ দিয়ে। আনহাতে মহকুমা চিকিৎসা বিষয়া ডঃ বিমল পেগুৱে এটি চিকিৎসা দল লৈ বানবিধ্বস্ত গাঁওখনৰ মাজত স্বাস্থ্যৰ বুজ লয়।

গোৱালপাৰা চহৰৰ বাপুজী নগৰত কৃত্তিম বান: কেবাটাও পৰিয়াল জলবন্ধী :

আনিছুল জামান, গোৱালপাৰা, ১১ জুলাই ঃ নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ কবলত পৰি গোৱালপাৰা চহৰৰ ১৬ নম্বৰ ৱাৰ্ডৰ কে’বাটাও পৰিয়াল জলবন্দী হ’বলগীয়া হোৱাত চহৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে বাপুজীনগৰ নামঘৰ পথৰ পৰা গোৱালপাৰা ছোৱালী কনিষ্ঠ মহাবিদ্যালয়লৈ যোৱা পথত আবদ্ধ হোৱা এক কোমৰ পানীৰ বাবে আবদ্ধ হৈ পৰিছে বহুকেইটা পৰিয়াল। বিশেষকৈ উক্ত পথছোৱাৰে নিতৌ অহা-যোৱা কৰা শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পথচাৰীয়ে যাতায়াতৰ নামত যমৰ যাতনা ভুগিবলগীয়া হৈছে । পথটোত পানী ওলাই যাব পৰাকৈ উপযুক্ত নলা-নৰ্দমা নথকাৰ ফলত এজাক বৰষুণতেই একাঁঠু পানী জমা হৈ কৃত্ৰিম বানৰ সৃষ্টি হয় যদিও কাণসাৰ নাই পৌৰসভা তথা জিলা প্ৰশাসনৰ।

বিগত দুটা বছৰৰ পৰাই বাৰিষা কালত যাতায়াতৰ নামত উক্ত পথৰ বাসিন্দাসকলে যাতায়াতৰ নামত অশেষ কষ্ট কৰিবলগীয়া হৈছে। উক্ত পথছোৱাৰ স্থায়ী সমস্যা সমাধান কৰিবলৈ ১৬ নম্বৰ ৱাৰ্ডৰ বহুবল্কী ৱাৰ্ড কমিছনাৰ গায়ত্ৰী নাথৰ লগতে পৌৰসভা কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰে জলবন্দী জনসাধাৰণ। কৃত্ৰিম বানৰ পৰা ৰক্ষা পাবলৈ ৱাৰ্ডৰ বাসিন্দাসকলে জিলা উপায়ুক্তলৈ বহুবাৰ লিখিত আবেদন-নিবেদন কৰিও কোনো সুফল নোপোৱাত সীমাহীন দুখ-দুৰ্গতিৰ মাজত দিন কটাবলগীয়া হৈছে জলবন্দী লোকসকলে। সেয়ে গোৱালপাৰাত কৃত্ৰিম বানৰ সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত গঠন কৰি দিয়া টাস্ক ফ’ৰ্চ কমিটীয়ে অতিশীঘ্ৰে বন্ধ হৈ থকা নলাসমূহ চাফা কৰি দি পানী ওলাই যাব পৰাকৈ ব্যৱস্থা কৰি দিবলৈ ৰাইজে দাবী জনাইছে। এই ক্ষেত্ৰত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।

কলগাছিয়া-মইনবৰীত বেঁকী-মানাহ নৈৰ বাঢ়নী পানীত শ শ গাও প্লাৱিত বিজেপি – কংগ্ৰেছৰ সাহায্য বিতৰণ :

গণ বাৰ্তা বিশেষ, কলগাছিয়া, ১১ জুলাই ঃ জনীয়া আৰু উত্তৰ অভয়াপুৰী সমষ্টিত বেঁকী, মানাহ আৰু আই নদীৰ বানপানীয়ে ফেনে-ফোটোকাৰে বাঢ়ি আহি শ শ গাঁও প্লাৱিত কৰাত বানাক্ৰান্তৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । জানিব পৰা মতে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰিখন গাঁও প্লাৱিত কৰাৰ লগতে ৰাস্তা-ঘাট পানীৰ তলত বুৰ গৈ ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা । চাৰিদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বানপানীৰ প্ৰকোপ বৃদ্ধি পাই কলগাছিয়াৰ পৰা আমগুৰিলৈ যোৱা ৰাস্তাৰ পকী দলঙৰ দুয়ো কাষে ছিগি গৈ শ শ ৰাইজৰ যাতায়াত বন্ধ হৈ পৰিছে। গলিয়া- শ্ৰীৰামপুৰ সংযোগী পকী পথ ছিগি যোৱাত শতাধিক পৰিয়াল জলবন্দী হৈছে। বেঁকী নৈৰ প্ৰবল খহনীয়াত পৰি গলিয়া চৰ গাঁৱৰ ১০টা পৰিয়ালৰ ভেটিমাটি নৈৰ বুকুত জাহ গৈছে ।

কলগাছিয়াৰ পৰা লাচাঙ্গালৈ যোৱা গড়কাপ্টানী পথ ডুব যোৱাৰ লগতে কাচুকাটি আৰু মোৱামাৰী গাঁৱত দুই ঠাইত ৰাস্তাটো ভাগি গৈছে । ইফালে বেঁকী নদীৰ বিধ্বংসী বানপানীয়ে নৈপৰীয়া এলেকাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাচুকাটি, সুঁতিৰপাথাৰ, খাৰবাল্লী, কাউৰজাহী, বৰডাংগা, গুইলেজা, মোৱামাৰী, মিনিশিমলা, শওঁপুৰ আদি কুৰিখনকৈ গাঁও প্লাৱিত হৈ পৰিছে । ফলত বেঁকী নৈৰ চৰত পশুধনসহ আবদ্ধ হৈ পৰিছে শতাধিক পৰিয়াল । আনহাতে যোৱা সোমবাৰে খাৰবাল্লী গাঁৱৰ আব্দুল খালেকৰ কণমানি শিশু খাইৰুল ইছলামক বানপানীয়ে উটুৱাই লৈ গৈছে যদিও আজি তিনিদিন ধৰি সন্ধানহীন হৈ আছে শিশুটি। ইতিমধ্যে বানাক্ৰান্ত লোকসকলে ছনপুৰা চৌধুৰী বজাৰত বিকল্প ৰাজ্যিক ঘাই পথৰ কাষত, শওঁপুৰৰ ভগা দলঙৰ কাষত, খাৰবাল্লী গো-ভিটা, কাচুকাটি ইছব বজাৰ, মোৱামাৰী এম ই স্কুল, বৰডাংগা মথাউৰি আদি ওখ ঠাইত নিজাববীয়াকৈ আশ্ৰয় গ্ৰহণ কৰিছে ।

ইয়াৰ উপৰি সুঁতিৰপাথাৰ, ডাউকমাৰী আৰু কাচুকাটি চৰত বাতৰি লিখা সময়লৈকে বহুকেইটা বানাক্ৰান্ত পৰিয়াল আবদ্ধ হৈ আছে বুলি খবৰ পোৱা গৈছে । ইফালে আই আৰু মানাহ নদীৰ জলপৃষ্ঠ ওফন্দি উঠি মইনবড়ী, ঢাকালীয়াপাৰা, ইছবপুৰ, ক্ষুদ্ৰখোৱা, মাণিকপুৰ আদি অঞ্চল পানীৰ তলত বুৰ গৈ আছে । মন কৰিবলগীয়া যে বেঁকী নৈৰ ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ উদ্ধাৰ অভিযানৰ ব্যৱস্থা কৰা নাই । অৱশ্যে বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ বিজেপি নেতা তথা উপ-নিৰ্বাচনৰ শক্তিশালী প্ৰাৰ্থিত্বৰ দাবীদাৰ লাল মাহমুদুৰ ৰহমানে শওঁপুৰ, কাউৰজাহী, বৰডাংগা, গুইলেজা, সুঁতিৰপাথাৰ, বৰটাৰী, ইছবপুৰ আদি অঞ্চলৰ বানাক্ৰান্তসকলৰ মাজত চিৰা, চেনি, খোৱাপানী আদি বিতৰণ কৰে।

জনীয়া জিলা পৰিষদৰ সদস্য তথা কংগ্ৰেছৰ যুৱ নেতা এম হাবিবুল্লাহে ভুটভুটি নাৱেৰে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ডাউকমাৰী, কাদং, ছনপুৰা, চৌধুৰী বজাৰ, শওঁপুৰ, সোণাপুৰ, টাপাজুলি আদি অঞ্চলৰ বানাক্ৰান্তসকলৰ দুখ-দুৰ্দশাৰ বুজ লৈ চিৰা, বিস্কুট, মিঠাতেল, খোৱাপানী, মুড়ি, চাউল, চেনি আদি ত্ৰাণ সামগ্ৰী বিতৰণ কৰে । খৰিচালাৰ বিশিষ্ট সমাজকৰ্মী তথা বিজেপি নেতা আব্দুছ ছামাদেও বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰি নিজাববীয়াকৈ চিৰা-মুড়ি আদি বিতৰণ কৰে। ইফালে হালধীয়া জিলা পৰিষদৰ সদস্য তথা বৰপেটা জিলা পৰিষদৰ উপ সভাপতি ছামচুল হক, ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন, ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি আজগৰ আলী আহমেদ, কলগাছিয়াৰ আঞ্চলিক সদস্য গিয়াছ উদ্দিন, ডি ৱাই এফ আইৰ নেতা ৰুস্তম আলী আদিয়ে বানাক্ৰান্তৰ বুজ লয় ।

তদুপৰি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যাপক আবুবক্কাৰ ছিদ্দিক আৰু জনীয়া সমষ্টিৰ চি পি আই এমৰ জ্যেষ্ঠ নেতা চানমামুদ আহমেদে ভুক্তভোগী ৰাইজক শীঘ্ৰে খাদ্য-সামগ্ৰী, ঔষধ, খোৱাপানী আদি যোগান ধৰিবলৈ চৰকাৰক দাবী জনায়। আনহাতে মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটীৰ অধ্যক্ষ তথা বিশিষ্ট সাংবাদিক আৰু কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ সভাপতি হাজী আব্দুল হাইয়ে জনীয়া সমষ্টিৰ বিভিন্ন এলেকাত বেঁকী আৰু মানাহ নৈৰ বাঢ়নী পানীত প্লাৱিত হৈ থকা পৰিয়ালৰ লোকসকলক পৰ্যাপ্ত পৰিমাণৰ সাহায্য, খোৱাপানী, বিনামূলীয়া চিকিৎসা সেৱা আদিৰ যোগান ধৰিবলৈ কলগাছিয়া ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি অজিত কলিতা, বৰপেটা জিলা উপায়ুক্ত মুনিন্দ্ৰ শৰ্মালৈ দাবী জনাইছে । ইফালে বিজেপি নেতা লাল মাহমুদুৰ ৰহমানে জনীয়া সমষ্টিৰ বানাক্ৰান্ত লোকৰ মাজত সাহায্য যোগান ধৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ দৃষ্টি আকৰ্ষণ কামনা কৰিছে।

( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )