শেহতীয়া খবৰ
Home / ক্ৰীড়া / বিশ্বকাপ ২০১৯ৰ আজি ফাইনেল, প্ৰথম বিশ্বকাপ জয়ৰ আশাৰে নামিব নিউজিলেণ্ড আৰু ইংলেণ্ড

বিশ্বকাপ ২০১৯ৰ আজি ফাইনেল, প্ৰথম বিশ্বকাপ জয়ৰ আশাৰে নামিব নিউজিলেণ্ড আৰু ইংলেণ্ড

তথ্যগত দিশেৰে ইংলেণ্ড ফেভাৰিট

গৌৰী প্ৰসাদ শৰ্মা, গুৱাহাটীঃ  ভদ্ৰ মানুহৰ খেল ক্ৰিকেটে বিশ্বৰ ক্ৰিকেট ইতিহাসত ১৪ জুলাইত আন এক পৃষ্ঠা সোণোৱালী কৰিব ৷ ইতিহাস হোৱাৰ দিশে দ্বাদশ বিশ্বকাপ ক্ৰিকেট ৷ সুদীৰ্ঘ বিশ বছৰৰ অন্তত ইংলেণ্ড আৰু ৱেলচত যোৱা ৩০ মে’ৰ পৰা আৰম্ভ, ২২ গজৰ এই ক্ৰিকেট বিশ্বকাপে ১৪ জুলাইত লিপিবদ্ধ কৰিব নিউজিলেণ্ড কিম্বা ইংলেণ্ডৰ ভাগ্য ৷ ৯ জুলাইৰ বৰ্ষাবিঘ্নিত ছেমিফাইনেলত বিশ্বকাপ ২০১৫ বিশ্বকাপৰ ৰানাৰ্ছআপ নিউজিলেণ্ডে দুবাৰৰ চেম্পিয়ন ভাৰতক ১৮ ৰানত আৰু আয়োজক ইংলেণ্ডে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক একপক্ষীয় খেলত ৮ উইকেটত পৰাস্ত কৰি ফাইনেল খেলাৰ সুযোগ লাভ কৰিছিল ৷ ইতিহাসলৈ মন কৰিলে দেখিম দুয়োটি দ’লে আজিকোপতি বিশ্বকাপ জয় কৰিবলৈ সক্ষম হোৱা নাই ৷ গতিকে ২০১৯ নিসন্দেহে দুয়োটি দলৰ বাবে এক সুবৰ্ণ সুযোগ বিশ্বৰ এই গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ চেম্পিয়নৰ তালিকাত নিজৰ নাম খোদিত কৰাৰ ৷
নিউজিলেণ্ডে পূৰ্বৰ ১১ খনকৈ বিশ্বকাপত ৬ বাৰকৈ ছেমিফাইনেলত পৰাস্ত হোৱাৰ লগতে ২০১৫ ৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ লগত ফাইনেলত পৰাস্ত হৈছিল ৷ আনহাতে, ইংলেণ্ডে ১৯৭৯, ১৯৮৭, ১৯৯২ ৰ বিশ্বকাপত ৰানাৰ্ছআপ সন্মান লাভ কৰিছে যদিও তাৰ পৰৱৰ্তী ৬ খনকৈ বিশ্বকাপৰ ফাইনেল পৰ্যায়লৈকে উৰ্ত্তীণ হ’ব পৰা নাই ৷ কিন্তু এইবাৰ ঘৰুৱা দৰ্শকৰ তীব্ৰ সমৰ্থনত আৰু দুৰ্দান্ত বেটিং-বলিঙেৰে বিশ্বজয়ৰ সপোনক সাকাৰ ৰূপ দিবলৈ চেষ্টা কৰিব ৷ চলিত বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ ৯ খন খেলত ইংলেণ্ডে ৬ খনত জয়লাভ কৰাৰ বিপৰীতে নিউজিলেণ্ডে ৫ খন খেলত জয়লাভ কৰি সৌভাগ্যক্ৰমে ছেমিফাইনেল খেলাৰ সুযোগ পাইছিল ৷ গ্ৰুপ পৰ্যায়ৰ একমাত্ৰ খেলখনত ইংলেণ্ডে নিউজিলেণ্ডক ১১৯ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছিল ৷ এই বৃহৎ পৰাজয়ে মানসিক চাপত ৰাখিব নিউজিলেণ্ড বাহিনীক ৷ তদুপৰি তুলনামূলক ভাবে নিউজিলেণ্ডৰ বেটিং লাইনআপ ইংলেণ্ড দলতকৈ দুৰ্বল কিন্তু বলিং লাইনআপ দুয়ো দলৰে শক্তিশালী ৷
চলিত বিশ্বকাপলৈ মন কৰিলে দেখিম ইংলেণ্ডৰ দুই অপেনাৰ ক্ৰমে জেচন ৰয় আৰু জনি বেৰেষ্ট্ৰ’ৰ দমনীয় বেটিং ৷ জেচন ৰয়ে চাৰিটা অৰ্ধশতক আৰু এটা শতকেৰে মুঠ ৪২৬ ৰান, জনি বেৰেষ্ট্ৰ’ৱে দুটা অৰ্ধশতক আৰু সমসংখ্যক শতকেৰে ৪৯৬ ৰান, জ’ ৰুটে তিনিটা অৰ্ধশতক আৰু দুটা শতকেৰে ৫৪৯ ৰান, ইয়ান মৰ্গানে এটাকৈ অৰ্ধশতক আৰু শতকেৰে ৩৬২, চাৰিটাকৈ অৰ্ধশতকেৰে বেন ষ্ট’কে ৩৮১, জৰ্জ ৱাটলাৰে একোটাকৈ অৰ্ধশতক তথা শতকেৰে ২৫৩ ৰান সংগ্ৰহ কৰি ইংলেণ্ড দ’লৰ শক্তিশালী বেটিং লাইনআপৰ প্ৰমাণ দাঙি ধৰিছে ৷ আনহাতে নিউজিলেণ্ডৰ বেটিং লাইনআপ নিৰ্ভৰ কৰিছে মূলতঃ অধিনায়ক কেন উইলিয়ামছন আৰু ৰ’জ টেইলৰৰ ওপৰতে ৷ উইলিয়ামছনে দুটাকৈ অৰ্ধশতক আৰু শতকেৰে মুঠ ৫৪৮ ৰান কৰাৰ বিপৰীতে টেইলৰে তিনিটা অৰ্ধশতকৰ সহায়ত সংগ্ৰহ কৰিছে ৩৩৫ ৰান ৷ দুয়োজন ক্ৰিকেটাৰৰ বাদে দলটোৰ কোনো এজনে এতিয়ালৈকে দুশ ৰানৰ অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই । যিটো কিৱি দলৰ বাবে চিন্তাৰ কাৰণ ৷
আনহাতে ইংলেণ্ডে চলিত বিশ্বকাপত মুঠ ১৫ টা অৰ্ধশতক আৰু ৭ শতক কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে নিউজিলেণ্ড দলৰ অৰ্ধশতক ১১ টা আৰু শতক মাত্ৰ ২ টা ৷ এই তথ্যইও চাপত ৰাখিছে কিৱি দলটোক ৷ বলিঙৰ দিশটোক ইংলেণ্ডৰ জ’ফ্ৰা আৰ্চাৰ (১৮ উইকেট), মাৰ্ক উড(১৭), ক্ৰিচ ৱ’কচ(১৩), আদিল ৰছিদ(১১) আদিয়ে শক্তিশালী কৰাৰ বিপৰীতে নিউজিলেণ্ডৰ লুকি ফাৰগুছন(১৮), ট্ৰেন্ট বল্ট(১৭), মেট হেনৰী(১৩), জেমছ নিচাম(১৩) কেন উইলিয়ামছনৰ মূল অস্ত্ৰ ৷ তথ্যই আয়োজক দেশ ইংলেণ্ডকে ফেভাৰিট আখ্যা দিলেও কিন্তু ক্ৰিকেট অনিশ্চয়তাৰ খেল ৷ ২০১৯ ৰ বিশ্বকাপ দখলেৰে বিশ্বৰ ক্ৰিকেট ইতিহাসত নিজৰ নাম খোদিত কৰাবলৈ দুয়োটি দলেই যে সৰ্বস্ব উজাৰি দিব সেইয়া স্বাভাৱিকভাবেই নিশ্চিত ৷